ETV Bharat / state

Asam Sahitya Sabha: দৰমহা বিচাৰি আন্দোলন কৰা কৰ্মচাৰীক ছাটাই কৰিব অসম সাহিত্য সভাই

author img

By

Published : Feb 4, 2023, 2:19 PM IST

দৰমহাৰ পৰা বঞ্চিত হৈ আন্দোলনত বহা কৰ্মচাৰীৰ চাকৰিৰ পৰাই খেদাৰ সহজ উপায়ৰ সিদ্ধান্ত লৈছে অসম সাহিত্য সভাই ৷ এতিয়াৰে পৰা সভাপতি-উপসভাপতি আৰু প্ৰধান সম্পাদকে ইচ্ছা কৰিলেই সভাৰ কৰ্মচাৰীক দিব পাৰিব অব্যাহতি ৷ কুলধৰ শইকীয়াৰ সভাপতিত্বত হোৱা নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত লোৱা এনে কেইবাটাও সিদ্ধান্ত (Employees of Asam Sahitya Sabha will be removed from jobs) ৷

Asam Sahitya Sabha Staff salary controversy
অসম সাহিত্য সভাই কৰ্মচাৰীৰ সন্দৰ্ভত ল’লে কেইবাটাও সিদ্ধান্ত

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী: অসংখ্য বিতৰ্ক আৰু অসাহিত্যিকৰ সমাৱেশথলী হোৱাৰ বাবে অসমৰ জনসাধাৰণৰ ক্ৰমাৎ আস্থা হেৰুওৱা অসম সাহিত্য সভা যেন এতিয়া নেতৃত্বৰ ক্ষমতা কচৰতৰ থলীত পৰিণত হৈছে (Asam Sahitya Sabha is in Controversy) ৷ দীৰ্ঘদিন দৰমহাৰ পৰা বঞ্চিত হৈ আন্দোলনত বহা কৰ্মচাৰীক এইবাৰ চাকৰিৰ পৰাই খেদিব পৰাকৈ সহজ ব্যৱস্থা কৰি সিদ্ধান্ত লৈছে অসম সাহিত্য সভাই (Employees of Asam Sahitya Sabha will be removed from jobs)৷

এতিয়াৰে পৰা সভাপতি-উপসভাপতি আৰু প্ৰধান সম্পাদকে ইচ্ছা কৰিলেই অব্যাহতি দিব পাৰিব সভাৰ কৰ্মচাৰীক । বিদায়ী সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত হোৱা নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাত কৰ্মচাৰীক নিয়ন্ত্ৰণৰ বাবে লোৱা হয় এনে কেইটামান সিদ্ধান্ত । বৰ্তমান অসম সাহিত্য সভা জোকাৰি গৈছে দৰমহা বিতৰ্কই (Asam Sahitya Sabha Staff salary controversy)।

Asam Sahitya Sabha Staff salary controversy
অসম সাহিত্য সভাই কৰ্মচাৰীৰ সন্দৰ্ভত ল’লে কেইবাটাও সিদ্ধান্ত

সাত মাহ ধৰি দৰমহা নোপোৱাৰ প্ৰতিবাদত অসহযোগ আন্দোলন ঘোষণা কৰিবলৈ বাধ্য হৈ পৰিছিল অসম সাহিত্য সভাৰ ৪২ গৰাকী কৰ্মচাৰী (Asam Sahitya Sabha)। অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীসকল নামি পৰিছিল অনিৰ্দিষ্টকালীন অসহযোগত । তলাবন্ধ হৈ পৰিছিল অসম সাহিত্য সভাৰ আটাইকেইটা মুখ্য কাৰ্যালয় ৷ অচলপ্ৰায় হৈ পৰিছিল সভাৰ কাম-কাজ ৷

সংবাদ মাধ্যমৰ সন্মুখতো নিজৰ দুৰ্দশা জনাই ক্ষোভত দিছিল বিভিন্ন মন্তব্য আৰু এই কাৰ্যত ক্ষুন্ন হৈ পৰে সভাক নেতৃত্ব দিয়া সকল । সেয়ে সভাৰ কৰ্মচাৰীসকলক নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰতিনিধি সভাত গ্ৰহণ কৰা হয় দুটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত৷

Asam Sahitya Sabha Staff salary controversy
অসম সাহিত্য সভাই কৰ্মচাৰীৰ সন্দৰ্ভত ল’লে কেইবাটাও সিদ্ধান্ত

অসম সাহিত্য সভাৰ ৭৬ সংখ্যক নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাৰ গৃহীত প্ৰস্তাৱসমূহৰ প্ৰস্তাৱ নং-৫ টো এনে ধৰণৰ— “আজিৰ প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলে বিগত সময়ত কৰা আন্দোলনৰ কাৰ্যসূচীৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰি আন্দোলনৰ সময়ছোৱাত কৰ্মচাৰীসকলে সভাৰ মাননীয় সভাপতি, মাননীয় প্ৰধান সম্পাদক, কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদককে আদি কৰি সভাৰ বিষয়বীয়াসকলক অশালীন-অসংবিধানিক শব্দৰ প্ৰয়োগেৰে অপদস্থ কৰা আৰু সভাৰ কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি সভাৰ অন্যান্য কাৰ্যালয়সমূহত তলা লগাই নিয়মিত কাম-কাজ বন্ধ কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

প্ৰথমতে দোষী কৰ্মচাৰীসকললৈ প্ৰধান সম্পাদকে আজিৰ পৰা ৬ দিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননী প্ৰেৰণ কৰিব আৰু জাননী পত্ৰ প্ৰেৰণ কৰাৰ সাতদিনৰ ভিতৰত সন্তোষজনক উত্তৰ নিদিলে দৰমহা কৰ্তনকে ধৰি আন অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ কৰ্মচাৰীৰ আচৰণ বিধি আৰু অনুশাসন অধিনিয়ম সংশোধন কৰি ইতিমধ্যে শ্ৰী অবনীমোহন চহৰীয়াক আহ্বায়ক হিচাপে গঠন কৰি দিয়া উপ-সমিতিয়ে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ কৰি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷”

এসময়ত ৰাইজ আৰু চৰকাৰৰ সাহাৰ্যৰ টকাৰে চলা অসম সাহিত্য সভা এতিয়া ব্যাপক বিত্তীয় নাটনিৰ প্ৰকোপত আছে ৷ সেয়ে, এক অদ্ভূত সমাধান সূত্ৰ উলিয়াইছে সাহিত্য সভাই ৷ বিত্তীয় নাটনি মাৰিবলৈ কৰ্মচাৰীকেই অব্যাহতি দিব সাহিত্য সভাই । সেই অনুসৰি প্ৰতিনিধি সভাৰ প্ৰস্তাৱ নং-৬ যোগে সভাপতি-উপসভাপতি আৰু প্ৰধান সম্পাদকক আৰ্থিক সংকটমোচনৰ বাবে কৰ্মচাৰীক অব্যাহতি দিয়াৰ বিশেষ কৰ্তব্য প্ৰদান কৰিছে ৷

প্ৰস্তাৱটোত কোৱা হৈছে—“আজিৰ প্ৰতিনিধি সভাই বৰ্তমানৰ সভাৰ আৰ্থিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত- অলাগতীয়াল কৰ্মচাৰীক অসম সাহিত্য সভাৰ পৰা অব্যাহতি দিয়াৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে৷ এই ক্ষেত্ৰত সভাৰ সভাপতি-উপসভাপতি আৰু প্ৰধান সম্পাদকক কৰ্তব্য প্ৰদান কৰে ”৷ এক কথাত ক’বলৈ হ’লে, দৰমহা নাপাই আন্দোলন কৰা কৰ্মচাৰীক 'ছাটাই' কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম সাহিত্য সভাই ৷

লগতে পঢ়ক: Asam Sahitya Sabha: সাহিত্যৰ নহয়, যেন ৰাজনৈতিক নেতাৰহে অধিৱেশন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.