ETV Bharat / state

Asam Sahitya Sabha: সাহিত্যৰ নহয়, যেন ৰাজনৈতিক নেতাৰহে অধিৱেশন !

author img

By

Published : Feb 4, 2023, 11:58 AM IST

সাহিত্যৰ নহয়, যেন ৰাজনৈতিক নেতাৰহে অধিৱেশন (Asam Sahitya Sabha is in Controversy) ৷ অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনলৈ নিমন্ত্ৰিত হ’ব লাগিছিল সাহিত্যিক ৷ কিন্তু নিমন্ত্ৰিত হ’ল কেৱল ৰাজনীতিকহে ৷ এগৰাকী-দুগৰাকী নহয়, একেবাৰে ১৯ গৰাকী ৰাজনীতিকক নিমন্ত্ৰণ মূল সভালৈ ।

Asam Sahitya Sabha conference will end today
সাহিত্য সভাত নিমন্ত্ৰণ কেৱল ৰাজনৈতিক নেতাক

গুৱাহাটী, ৪ ফেব্ৰুৱাৰী : বিতৰ্ক আৰু অসম সাহিত্য সভা যেন এতিয়া এটা মুদ্ৰাৰ দুটা পিঠি । সাহিত্যৰ কাম-কাজেৰে নহয়, অন্য কামেৰেহে এতিয়া সততে বিতৰ্কত থাকে ৰাজ্যৰ এসময়ৰ সবাতোকৈ সন্মানীয় জাতীয় অনুষ্ঠানটো (Asam Sahitya Sabha is in Controversy) । ২০২২ চনত ক’ভিডজনিত পৰিৱেশৰ বাবে অনুষ্ঠিত হোৱা নাছিল অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন (Asam Sahitya Sabha) ।

বিতৰ্কৰ ধামখুমীয়াৰ মাজতেই যোৱা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হৈছে অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ অধিৱেশন । বাদ-বিবাদ, বিতৰ্কৰে সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ কাৰ্যসূচীৰ আজি অন্ত পৰিব ৷ আজি অনুষ্ঠিত হ’ব মুকলি অধিৱেশন (Narayanpur session of Asam Sahitya Sabha)। দহ পৃষ্ঠা জোৰা অধিৱেশনৰ কাৰ্যসূচীখনৰ শেষ তথা দহ নম্বৰ পৃষ্ঠাৰ কাৰ্যসূচীত উপস্থিত থাকিব লগা ব্যক্তিসকলৰ নাম দেখিলেই আচৰিত হৈ উঠিব ।

Asam Sahitya Sabha conference will end today
সাহিত্য সভাত নিমন্ত্ৰণ কেৱল ৰাজনৈতিক নেতাক

আজি চাৰি ফেব্ৰুৱাৰীৰ দিনা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম অধিৱেশনৰ দ্বিতীয় মুকলি অধিৱেশন অনুষ্ঠিত হ’ব । অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাৰ পৌৰহিত্যত অনুষ্ঠিত হ’ব লগা এই মুকলি অধিৱেশন উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে ।

মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, সন্মানীয় অতিথি হিচাপে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ।

লগতে এই মুকলি অধিৱেশনৰ বাবে বিশেষভাৱে আমন্ত্ৰিত অতিথি কোন কোন জানেনে ? মঞ্চ ভৰি পৰিব ৰাজনীতিকেৰে ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ পৰা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ প্ৰদান বৰুৱা, সাংসদ পল্লৱ লোচন দাস, বিধায়ক নৱ কুমাৰ দলে, বিধায়ক মানৱ ডেকা আৰু বিধায়ক উৎপল বৰা ৷ বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকো আমন্ত্ৰণ ৷

ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, প্ৰাক্তন বিধায়ক ভূপেন কুমাৰ বৰা, প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা, প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা আৰু প্ৰাক্তন বিধায়ক কেশৰাম বৰা৷ আনহাতে এই মুকলি অধিৱেশনৰ বিশেষভাৱে আমন্ত্ৰিত অতিথিৰ তালিকাত নাম আছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড৹ ননী গোপাল মহন্তৰ নাম ।

তদুপৰি মুকলি অধিৱেশনৰ পাছতে অনুষ্ঠিত হ’ব লগা চিত্ৰশিল্পী পুলক গগৈ, নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভা আৰু লোকশিল্পী ক্ষীৰোদ খাখলাৰী সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠানৰ উদ্বোধক হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক । এতিয়া মূল কথা হ’ল অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনলৈ ৰাজনীতিক-মন্ত্ৰী-বিধায়কক নিমন্ত্ৰণ কৰাত কাৰোৰে আপত্তি থাকিব নালাগে বা নাই ।

কিন্তু পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় মুকলি অধিৱেশন য’ত সভাৰ নৱনিৰ্বাচিত সভাপতি গৰাকীয়ে পৌৰহিত্য কৰিব, তালৈ এগৰাকীও সাহিত্যিকে নিমন্ত্ৰণ নোপোৱাটোহে এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে । অসম সাহিত্য সভাই নাৰায়ণপুৰ পূৰ্ণাংগ অধিৱেশনৰ দ্বিতীয় মুকলি অধিৱেশনলৈ নিমন্ত্ৰণ জনাবলৈ অসমত নাই নেকি এগৰাকীও সাহিত্যিক ?

অসম সাহিত্য সভাই ইচ্ছাকৃতভাৱেই কোনো সাহিত্যিকক নিমন্ত্ৰণ নকৰিলে নেকি? নাৰায়ণপুৰ অধিৱেশনৰ কাৰ্যসূচীখন ৰাজহুৱা হোৱাৰ পাছৰ পৰাই এই প্ৰশ্নটো বহুলভাৱে উত্থাপন হৈ আহিছে । প্ৰশ্ন উত্থাপন হৈছে কাৰোবাৰ ৰাজনৈতিক উচ্ছাকাংক্ষাৰ চিকাৰ হৈছে নেকি অসম সাহিত্য সভা ? একালৰ ৰাজ্যৰ সবাতোকৈ সন্মানীয় জাতীয় অনুষ্ঠানটোৰ বৰমূৰীয়া সকলে এই কথাবোৰ অনুভৱ কৰিবনে ?

নে অসম সাহিত্য সভাৰ মঞ্চখনক ৰাজনীতিকৰ মঞ্চ হিচাপে গঢ়ি তোলাৰ চেষ্টাত অৱতীৰ্ণ হৈছে ? এই কথাবোৰ জাতীয় অনুষ্ঠানটোক ভাল পোৱা সকলোৱেই শীঘ্ৰে অনুধাৱন কৰা উচিত । ৰাজ্যজুৰি বৌদ্ধিক আৰু সাহিত্যিক মহলত এতিয়া চৰ্চিত হৈছে এই প্ৰসংগ । অহা দুবছৰ কি কৰিব অসম সাহিত্য সভাৰ নতুন সভাপতিয়ে ? মূল উদ্দেশ্য সাহিত্য বাদ দি কেৱল ৰাজনীতিকৰ হাতত ধৰিয়ে আগবাঢ়িব নেকি সভাৰ নতুন সভাপতি-সম্পাদক ?

লগতে পঢ়ক: Asam Sahitya Sabha conference : নাৰায়ণপুৰৰ মণিকাঞ্চন ক্ষেত্ৰলৈ সাহিত্যানুৰাগীৰ সোঁত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.