কিন্নৰ পত্নীক প্ৰতাৰণা কৰি 5 লাখ টকা লুটি লৈ পলায়ন যুৱকৰ

author img

By

Published : Sep 26, 2022, 7:52 PM IST

man cheated kinnar wife and looted 5 lacs
কিন্নৰ পত্নীক প্ৰতাৰণা কৰি 5 লাখ টকা লুটি লৈ পলায়ন যুৱকৰ ()

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত বিবাহপাশত বহিল কিন্নৰ প্ৰেমিকাৰ লগত ৷ কিন্তু ইয়াৰ পিছতেই পত্নীক প্ৰতাৰণা কৰি 5 লাখ টকা লুটি লৈ উধাও স্বামী (Kinnar wife cheated by husband) ৷

গুৱাহাটী, 26 ছেপ্টেম্বৰ: প্ৰত্যেক যুৱক আৰু যুৱতীৰ সপোন এখন সুখৰ সংসাৰ ৷ মাইনাও নহয় ইয়াৰ ব্যতিক্ৰম ৷ প্ৰথমে প্ৰেম, তাৰ পিছতেই বিবাহ কিন্তু ইয়াৰ পিছতেই থান বান হৈ গ’ল মাইনাৰ সকলো সপোন (Kinnar wife cheated by husband)৷

মাইনা আৰু মকবুলৰ প্ৰথম চিনাকি এখন মোবাইলৰ দোকানত ৷ ইফালে মাইনা আছিল এগৰাকী কিন্নৰ ৷ তাৰ পিছতো প্ৰথম দেখোতেই মাইনাৰ চকুহালৰ প্ৰেমত পৰিছিল মুকবুলে ৷ তাৰ পিছতে কথা পাতিছিল মাইনা আৰু মকবুলে ৷ লাহে লাহে গঢ় লৈছিল বন্ধুত্বৰ ৷ পিছে এই বন্ধুত্বই প্ৰেমলৈ পৰিণত হ’বলৈ বেছি পৰ নালাগিল ৷

প্ৰেম মানেই বিশ্বাস, মৰম, প্ৰতিশ্ৰুতি... দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত এবছৰৰ পূৰ্বে মকবুলে দিয়া প্ৰতিশ্ৰুতি দিয়া অনুসৰি বিবাহপাশত আৱদ্ধ হয় মাইনাৰ লগত (Fraud marriage of Kinnar) ৷

তাৰ পিছতেই দুয়োজনে সুখৰ সংসাৰ আৰম্ভ কৰিছিল ৷ জালুকবাৰীৰ এখন মোবাইলৰ দোকানত কাম কৰি পৰিয়াল পোহপাল দিছিল মকবুলে ৷ ইয়াৰ পিছতেই শুকুৰবাৰে বিয়লি কামৰ বাবে দোকানলৈ ওলায় যায় মকবুলে ৷ কিন্তু সেইদিনা নিশা কামৰ পৰা ঘৰলৈ ঘূৰি নাহিল মকবুল ৷

কিন্নৰ পত্নীক প্ৰতাৰণা কৰি 5 লাখ টকা লুটি লৈ পলায়ন যুৱকৰ

ইফালে ঘৰলৈ ঘূৰি নহা দেখি পত্নী মাইনামাহিয়ে চিন্তিত হৈ স্বামীক বাৰে বাৰে ফোন কৰে ৷ পত্নীৰ প্ৰশ্নত মকবুলে নিজৰ ভাতৃৰ ঘৰত আছো বুলি কোৱাত সোনকালে ঘৰলৈ মাতে মাইনাই ৷ ইফালে মকবুলে পৰৱৰ্তী সমত ফোনটো অফ কৰি দিয়ে ৷ মাইনাই স্বামীৰ বাবে বাট চাইহে চাই কিন্তু মকবুলে ওৰে নিশা ঘৰলৈ আহি নাপায় (Fraud news in Guwahati)৷

উপায়হীন হৈ মাইনাই মকবুলৰ ঘৰৰ লোকলৈ ফোন কৰে ৷ কিন্তু আশ্চৰ্যজনকভাৱে মকবুলৰ ঘৰৰ লোকে মকবুলক চিনি নাপাঁও বুলি মাইনাক কৈ গালি শপনি পাৰে ৷

ইয়াৰ পিছতে শনিবাৰ আৰু দেওবাৰলৈ মাইনাই অপেক্ষা কৰে মকবুল কৰালৈ ৷ মাইনাই মহানগৰীৰ বহু ঠাইত স্বামীক বিচাৰি বিচাৰ খোচাৰ কৰে যদিও কোনো সন্ধান লাভ নকৰে মকবুলৰ ৷

অৱশেষত মাইনাই সোমবাৰে জালুকবাৰী আৰক্ষীৰ কাষ চাপে ৷ মাইনাই জনোৱা অনুসৰি শেহতীয়া দুৰ্গা পূজালৈ এখন গাড়ী ক্ৰয় কৰাৰ কথা কৈ মকবুলে মাইনাৰ পৰা প্ৰায় 5 লক্ষাধিক টকা লৈছিল ৷ গাড়ী খন ল’লেই মাইনাক ফুৰাবলৈ নিম বুলি কোৱা শুনি স্বামীৰ কথাত পতিয়ন গৈ মাইনাই টকাখিনি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ৷ ইয়াৰ পিছতে মোটা অংকৰ ধন খিনি লৈ উধাও হয় মকবুলে ৷

সম্প্ৰতি এই স্বামীৰ সন্ধানত জালুকবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে মাইনাই ৷ প্ৰেমৰ অভিনয় কৰি মাইনাক এনেদৰে প্ৰতাৰণা কৰা অভিযোগত অনতিপলমে মকবুলৰ বিৰুদ্ধে আৰক্ষীক উচিত ন্যায় দিবলৈ দাবী জনাইছে মাইনাই ৷

লগতে পঢ়ক: হোজাইত ছাত্ৰ আৰু গাড়ী চালকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.