হোজাইত ছাত্ৰ আৰু গাড়ী চালকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা

By

Published : Sep 26, 2022, 2:17 PM IST

thumbnail

হোজাইত সংঘটিত হৈছে ছাত্ৰ আৰু গাড়ী চালকৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা । জিলাখনৰ নখুটি আৰক্ষী পহৰা চকীৰ সন্মুখত কলেজৰ ছাত্ৰ আৰু গাড়ী চালকৰ মাজত এই মাৰপিটৰ ঘটনা সংঘটিত হয় (Clash between Udali Collage Student and Driver) । গাড়ী চালকে কলেজৰ ছাত্ৰৰ পৰা অতিৰিক্ত ভাড়া লোৱাৰ প্ৰতিবাদত আন্দোলন কৰি থকাৰ সময়তে গাড়ী চালকে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে কলেজৰ ছাত্ৰক (Heavy fighting in Hojai) ৷ ফলত গুৰুতৰভাৱে কেবাজনো ছাত্ৰ আহত হয় ৷ তাৰ পিছতেই উদালী কলেজৰ ছাত্ৰই লংকা-নখুটি মূল-পথৰ ওপৰত টায়াৰ জ্বলাই সম্পূৰ্ণভাৱে পথ অৱৰোধ কৰাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে (Tense situation in Hojai) ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.