ETV Bharat / state

Guwahati Traffic: গুৱাহাটীৰ কেইবাস্থানত বিকল বিলাসী ইন্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেন্ট চিষ্টেম

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 8:01 PM IST

গুৱাহাটী মহানগৰীৰ যান-জঁটৰ সমস্যা সমাধানৰ বাবে কোটি কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছিল অত্যাধুনিক ট্ৰেফিল চিগনেল ব্যৱস্থা আৰু নিয়ন্ত্ৰণ কক্ষ ৷ কিন্তু কাৰ্যতঃ সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে ৷ কিয়নো বহু স্থাপন বিকল হৈ পৰিছে চিগনেল লাইট ৷ যান-জঁটত পৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পথচাৰীৰ মাজত ৷

Guwahati Traffic
Guwahati Traffic

গুৱাহাটীত বিকল অত্যাধুনিক ট্ৰেফিল চিগনেল ব্যৱস্থা

গুৱাহাটী, ২৬ আগষ্ট: গুৱাহাটী মহানগৰীৰ যান-যঁট নিয়ন্ত্ৰণৰ বাবে বিগত বৰ্ষত আৰম্ভ হৈছিল ইন্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেন্ট চিষ্টেম ।
৭৮,৪৪,৪২,২১৩ কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ অধীনত আৰম্ভ কৰা এই প্ৰকল্প বিগত বৰ্ষৰ ২৩ আগষ্টত উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

গুৱাহাটীৰ মহানগৰীৰ বিভিন্ন প্ৰান্তৰ চিগনেল লাইটসমূহ নিয়ন্ত্ৰণ কৰিবৰ বাবে উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছিল । পিছে সেয়া কেৱল স্থাপনহে কৰা হ'ল, কিন্তু কামত ফুটুকাৰ ফেন ।

প্ৰথম পৰ্যায়ত পৰীক্ষামূলকভাৱে জি এছ ৰোডৰ খানাপাৰাৰ পৰা পল্টন বজাৰলৈ আৰু গণেশ মন্দিৰ, হাতিগাঁৱত মুঠ ২০ টা স্থানত আৰম্ভ কৰা হৈছিল ইন্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেন্ট চিষ্টেম । যান-জঁট নিয়ন্ত্ৰণৰ বাবে স্থাপন কৰা ইন্টিগ্ৰেটেড ট্ৰেফিক মেনেজমেন্ট চিষ্টেম স্থাপনৰ পিছতো পৰা যান-জঁটৰ বাবে মহানগৰীৰ জি এছ ৰোডত যন্ত্ৰণাত ভুগিবলগীয়া হৈছে পথচাৰীসকল ।

ইফালে স্থাপনৰ এটা বছৰৰ ভিতৰতে বিকল হৈ আছে দিছপুৰ লাষ্টগেট, ছয়মাইলকে ধৰি মুঠ ৯ টাকৈ স্থানৰ ইণ্টিগ্ৰেটেড ট্ৰেফিক চিগনেল লাইট । বিকল হৈ থকা চিগনেল লাইটৰ কিছু কিছু স্থানত নাই যানবাহন আৰক্ষীও ।

উল্লেখযোগ্য যে যান-জঁটৰ সমস্যাৰ পৰা ৰক্ষা পৰিবলৈ মহানগৰীত ৭৮ ,৪৪,৪২,২১৩, ০০ কোটি টকা ব্যয় সাপেক্ষে সংস্থাপন কৰা এই ট্ৰেফিক চিগনেল লাইটসমূহ মাত্ৰ ২-৩ ঘণ্টা সক্ৰিয় হৈ থকাৰ পাছতেই অচল হৈ পৰাত পুনৰ যান-বাহন আৰক্ষীয়ে হুইচেল বজাই হাত দাঙি যান-বাহন নিয়ন্ত্ৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

তেনেক্ষেত্ৰত সদাব্যস্ত গুৱাহাটী মহানগৰীত এই ব্যৱস্থা এতিয়াও উপযুক্ত হোৱা নাই বুলি অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: MP Fund: সাংসদ পুঁজি ব্যয়ত ব্যৰ্থ উচ্চ সদনত অসমক প্ৰতিনিধিত্ব কৰা সাতগৰাকী প্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.