ETV Bharat / state

Golaghat Triple Murder: গোলাঘাট ট্ৰিপল মাৰ্ডাৰে প্ৰমাণ কৰিলে লাভ জিহাদ এতিয়াও আছে; হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jul 26, 2023, 6:12 PM IST

“ছচিয়েল মিডিয়াৰ জৰিয়তে নিজৰ জীৱন সংগী বিচৰা প্ৰক্ৰিয়াত অসম জীয়ৰী, কন্যাক সাৱধান হওক, কাৰণ জীৱনটো নিজৰ ৷’’ গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰ ঘটনাক লাভ জিহাদৰ পৰিণতি আখ্যা দি অসমীয়া জীয়ৰীলৈ এই আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Golaghat Triple Murder
Golaghat Triple Murder

লাভ জিহাদ এটা সত্য- হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ২৬ জুলাই: “গোলাঘাট চহৰৰ মাজমজিয়াৰ তিনিটা হত্যাকাণ্ডই আকৌ এবাৰ প্ৰমাণ কৰিলে লাভ জিহাদ এটা সত্য ৷ বাস্তৱ কনচেপ্ট ৷” গোলাঘাটৰ ট্ৰিপল মাৰ্ডাৰক লাভ জিহাদৰ ফল আখ্যাৰে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷

বুধবাৰে গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । হত্যাকাণ্ডৰ বলি হোৱা পৰিয়ালটোৰ একমাত্ৰ জীৱিত একমাত্ৰ সদস্য অংকিতা ঘোষক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অংকিতাক সাক্ষাৎ কৰাৰ পিচত সাংবাদিকৰে হোৱা মত-বিনিময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে এই হত্যাকাণ্ডক লৈ লাভ জিহাদ প্ৰসংগতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

অসমৰ জীয়াৰী সকললৈ গোলাঘাটৰ পৰা মুখ্যমন্ত্ৰীয়ে জনালে বিশেষ আহ্বান, “ছচিয়েল মিডিয়াৰ জৰিয়তে নিজৰ জীৱন সংগী বিচৰা প্ৰক্ৰিয়াত অসম জীয়ৰী, কন্যাক সাৱধান হওক, কাৰণ জীৱনটো নিজৰ ৷’’

এই হত্যাকাণ্ড প্ৰসংগত মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য যে গোলাঘাটৰ এই তিনিটা হত্যাকাণ্ডই প্ৰমাণ কৰিলে যে লাভ জিহাদ সত্য, এটা বাস্তৱ কনচেপ্ট ৷ কেৰালা ষ্টৰীৰ দৰে চিনেমাসমূহ মিছা নহয় ৷ লাভ জিহাদ প্ৰসংগত তেঁও কয়, “এই বিলাক কথা আমি ক’লে বহুলোকে প্ৰশ্ন কৰে লাভ জিহাদ ক’ত ? আজি গোলাঘাট চহৰৰ মাজমজিয়াত সংঘটিত এই তিনিটা হত্যাকাণ্ডই প্ৰমাণ কৰিছে যে লাভ জিহাদ সত্য৷”

এই প্ৰসংগত ভুৱা ধৰ্ম পৰিচয় দি বিয়া পতা ল’ৰাৰ পিতৃ-মাতৃ সকললৈয়ো আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে,“নিজৰ ল’ৰাৰ এনে ঘটনাত প্ৰশ্ৰয় নিদিব ৷ এনে ঘটনা বিলাকে দূৰত্ব বঢ়ায় ।”

উল্লেখযোগ্য যে হত্যাকাৰী নাজিবুৰে ৰিমন বৰা বুলি হিন্দুৰ ভুৱা পৰিচয়েৰে দি চচিয়েল মিডিয়াযোগে চিনাকি হৈ বিবাহপাশত আৱদ্ধ হৈছিল ২৪ জুলাইত পিতৃ-মাতৃৰ সৈতে একলগে হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰে ।

লগতে পঢ়ক: Golaghat tripple Murder: হত্যাকাৰীৰ ফাঁচীৰ দাবীত উত্তপ্ত গোলাঘাট; CID ৰ দল উপস্থিত গোলাঘাটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.