ETV Bharat / state

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি বাওঁদলৰ আন্দোলন ঘোষণা

author img

By

Published : May 23, 2022, 9:09 PM IST

কেৱল বিগত এপ্ৰিল মাহতে অসমৰ গ্ৰাম্যাঞ্চলত খুচুৰা মুদ্ৰাস্ফীতি 9.19 শতাংশ হৈছে । অসমত মুদ্ৰাস্ফীতিৰ হাৰ বেছি । অসম চাৰি নম্বৰত আছে । মুদ্ৰাস্ফীতিৰ অন্যতম প্ৰধান কাৰণ হ’ল ইন্ধনৰ মূল্যবৃদ্ধি (Price rise of fuel is main reason for inflation ) । পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অবিৰাম কেন্দ্ৰীয় কৰ বৃদ্ধি কৰি থকা নীতিৰ ফলতে এইদৰে বয়-বস্তুৰ দাম বাঢ়িছে ।

retail inflation in India
মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি বাওঁদলৰ আন্দোলন ঘোষণা

গুৱাহাটী, 23 মে': মূল্যবৃদ্ধি ৰোধ আৰু অসমৰ বানপীড়িত ৰাইজক সাহাৰ্যৰ দাবীত 25 মে’ৰ পৰা 31 মে’লৈ ৰাজ্যজুৰি জিলাই জিলাই স্থানীয় পর্যায়ত বাঁও দলসমূহে ঐক্যবদ্ধভাবে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ( ৷

গুৱাহাটীত সোমবাৰে অনুষ্ঠিত এখন সংবাদমেলত চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই কথা সদৰি কৰি কয় যে এই আন্দোলনৰ অংশ হিচাপে গুৱাহাটীত আগন্তুক 31 মে'ত দিনৰ 12 বজাত বাঁও দলকেইটাই দীঘলীপুখুৰীৰ পাৰত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰিব ।

সংবাদমেলত চি পি আই (এম)ৰাজ্যিক সম্পাদকগৰাকীয়ে আৰু কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য মতেই বিগত মাহটোত দেশত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ (retail inflation in India) 7.79 শতাংশ যদিও অসমত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ বেছি—8.5শতাংশ হৈছে (Inflation rate in Assam is higher then national rate) । ইফালে ৰাজ্যখনৰ নগৰাঞ্চলৰ তুলনাত গ্ৰাম্যাঞ্চলত মূল্যবৃদ্ধি অধিক প্ৰকট হৈছে ।

মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি বাওঁদলৰ আন্দোলন ঘোষণা

কেৱল বিগত এপ্ৰিল মাহতে অসমৰ গ্ৰাম্যাঞ্চলত খুচুৰা মুদ্ৰাস্ফীতি 9.19 শতাংশ হৈছে। অসমত মুদ্ৰাস্ফীতিৰ হাৰ বেছি । অসম চাৰি নম্বৰত আছে । মুদ্ৰাস্ফীতিৰ অন্যতম প্ৰধান কাৰণ হ’ল ইন্ধনৰ মূল্যবৃদ্ধি । পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে অবিৰাম কেন্দ্ৰীয় কৰ বৃদ্ধি কৰি থকা নীতিৰ ফলতে এইদৰে বয়-বস্তুৰ দাম বাঢ়িছে ।

পেট্ৰ'লৰ ওপৰত আৰোপ কৰা কেন্দ্ৰীয় আবকাৰী শুল্ক (Central excise duty)ৰ 96 শতাংশ ‘চেছ’ (cess) আৰু উপকৰ (surcharge)ৰ জৰিয়তে সংগৃহীত হয় । এইদৰে ডিজেলৰ ক্ষেত্ৰত 94 শতাংশ আহে চেছ আৰু উপকৰৰ পৰাই । যোৱা মাত্ৰ এটা বছৰত পেট্ৰ'লজাত সামগ্ৰীৰ দাম বৃদ্ধি হৈছে 70 শতাংশ, খোৱাতেলৰ 23 শতাংশ, শাক-পাচলিৰ 20 শতাংশ ।

14.02 কিলোগ্ৰাম ওজনৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম যোৱা বছৰটোত বাঢ়িছে 431.50 টকা অর্থাৎ 76 শতাংশ বৃদ্ধি (LPG price hike in last year) । কেন্দ্ৰীয় চৰকাৰে যোৱা 17 মে’ত প্ৰকাশ কৰা মূল্য সূচাংকই দেখুৱাই দিছে দেশত সৰ্বগ্ৰাসী মুদ্ৰাস্ফীতিৰ স্বৰূপ । যোৱা এপ্ৰিল মাহত দেশত পাইকাৰী মুদ্ৰাস্ফীতি বৃদ্ধি পাই হৈছে 15.08 শতাংশ । বিগত 30 বছৰৰ ভিতৰত পাইকাৰী মুদ্ৰাস্ফীতিৰ এয়া অভিলেখ। খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ মে’ মাহত 7.8 শতাংশলৈ বৃদ্ধি পাইছে ।

বিজেপিৰ শাসন কালত বিগত 8 বছৰৰ ভিতৰত এই হাৰ সৰ্বাধিক । খাদ্য সামগ্ৰীৰ মূল্যৰ ক্ষেত্ৰত মুদ্ৰাস্ফীতি 8.38 শতাংশলৈ বৃদ্ধি হৈ যোৱা 17 মাহৰ ভিতৰত সৰ্বাধিক হৈছে । মুদ্ৰাস্ফীতিৰ হাৰ বাঢ়ি যোৱাৰ সহজ অৰ্থ হ’ল, আটা, খোৱাতেল, শাক-পাচলি, ৰন্ধন গেছ আদিৰ অত্যধিক মূল্যবৃদ্ধি । অর্থাৎ দুখীয়া আৰু নিম্ন আয়ৰ পৰিয়ালসমূহৰ সীমাহীন দুৰ্দশা ।

মুদ্ৰাস্ফীতিৰ ফলত লক্ষ লক্ষ পৰিয়ালে, বিশেষকৈ পদপথত সৰু-সুৰা দোকান-পোহাৰ, ক্ষুদ্ৰ ব্যৱসায় আদি কৰি জীৱন নিৰ্বাহ কৰাসকলেও কর্মসংস্থান তথা জীৱিকাৰ পথবোৰ হেৰুৱাই পেলাব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে বুলি তেওঁ কয় । সংবাদমেলত চি পি আইৰ সম্পাদক মুনিন মহন্ত , আৰচিপিআইৰ নেতা ফুলেশ্বৰ বসুমতাৰী আৰু চি পি আই (এম-এল)ৰ প্ৰতিনিধি আদি উপস্থিত আছিল ।

লগতে পঢ়ক: চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰক, নহ’লে গাদী এৰক: ৰিপুন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.