ETV Bharat / state

অৱশেষত উদ্ধাৰ হ'ল কাহিলীপাৰাৰ ভূমিস্খলনত আবদ্ধ ভৰত কলিতা

author img

By

Published : Jun 26, 2020, 12:26 PM IST

Updated : Jun 26, 2020, 2:15 PM IST

কাহিলীপাৰাস্থিত পাৱাৰ হাউচৰ সমীপত নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ এই ঘটনাৰ ফলত 2 গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে যদিও, চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় এগৰাকী আহতই ৷ আনহাতে, মাটিৰ তলত এগৰাকী লোক আবদ্ধ হৈ আছিল যদিও, অৱশেষত উদ্ধাৰকাৰীৰ দলে লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

landslide in kahilipara
landslide in kahilipara

গুৱাহাটী, 16 জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ কাহিলীপাৰাত সংঘটিত ভূমিস্খলনৰ ঘটনা ৷ কাহিলীপাৰাস্থিত পাৱাৰ হাউচৰ সমীপত সংঘটিত হৈছে এই ঘটনা ৷ ভূমিস্খলনৰ ফলত এটা বাসগৃহ সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ লগতে, গুৰুতৰভাৱে আহত হয় দুগৰাকীকৈ লোক ৷ আঘাতপ্ৰাপ্ত ঊষা বৰা আৰু গোলাপী কলিতাক হায়াট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও, চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় বাসগৃহটোৰ স্বত্বাধিকাৰী ঊষা বৰাই ৷

কাহিলীপাৰাৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে এগৰাকীয়ে

উল্লেখ্য যে, পুৱা 7 বজাতে সংঘটিত এই ঘটনাত, গাৰ্ডৱাল খহি পৰাৰ ফলত মাটিৰ তলত আবদ্ধ হৈ আছিল এগৰাকী লোক ৷ ভৰত কলিতা নামৰ আবদ্ধ লোকজনক উদ্ধাৰৰ বাবে অব্যাহত আছিল NDRF, SDRF বাহিনীৰ উদ্ধাৰ অভিযান ৷ শ্বাসৰূদ্ধকৰ অভিযানৰ অন্তত আবদ্ধ লোকগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল উদ্ধাৰকাৰীৰ দল ৷ জানিব পৰা মতে, আবদ্ধ ভৰত কলিতা আৰু আঘাতপ্ৰাপ্ত গোলাপী কলিতা নিহত ঊষা বৰাৰ বাসগৃহত ভাৰাতীয়া হিচাপে আছিল ৷

অৱশেষত উদ্ধাৰ হ'ল কাহিলীপাৰাৰ ভূমিস্খলনত আবদ্ধ ভৰত কলিতা

লগতে পঢ়কঃ কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ

Last Updated :Jun 26, 2020, 2:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.