ETV Bharat / state

লখিমপুৰ জিলা কংগ্রেছৰ সভাপতিৰ পদত্যাগ

author img

By

Published : Apr 11, 2022, 8:25 PM IST

Lakhimpur district Congress president resigned
লখিমপুৰ জিলা কংগ্রেছৰ সভাপতিৰ পদত্যাগ

গৃহ জিলাতে আস্থা হেৰুৱাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৷ দলটোৰ প্ৰতি থকা সভাপতিগৰাকীৰ অৱজ্ঞাৰ অভিযোগ তুলি সোমবাৰে পদত্যাগ কৰিলে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতিয়ে (Lakhimpur district Congress president resigned)৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ শেহতীয়া কেতবোৰ কাৰুকাৰ্যত অসন্তুষ্ট হৈ সভাপতিগৰাকীয়ে পদত্যাগ কৰা বুলি জানিবলৈ দিয়ে ৷

লখিমপুৰ, ১১ এপ্ৰিল: দলৰ কেতবোৰ সিদ্ধান্তৰ বিৰোধিতা কৰি পদত্যাগ কৰিলে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰদীপ গগৈয়ে ৷ সোমবাৰে পুৱাতে দলৰ শীর্ষ নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ কৰ্মীগৰাকীয়ে (Lakhimpur district Congress president resigned)।

দলীয় নেতৃত্বৰ ভূমিকাত অসন্তুষ্ট হৈ পদত্যাগ কৰা বুলি জনায় সদ্য পদত্যাগী কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । পদত্যাগ কৰিয়েই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক চোকা সমালোচনা কৰে প্ৰদীপ গগৈয়ে (APCC president Bhupen Bora)৷ ভূপেন বৰাই গৃহ জিলাখনতে দলটোৰ প্ৰতি নিস্পৃহ মনোভাৱ লৈ প্ৰকাৰন্তৰে দলক ক্ষতি কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰদীপ গগৈয়ে । আনকি বিগত পৌৰসভা নিৰ্বাচনতো লখিমপুৰ পৌৰসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থীসকলক কোনো প্ৰকাৰে সহায়-সহযোগিতা আগনবঢ়োৱা বুলি ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে সদ্য পদত্যাগী সভাপতিগৰাকীয়ে ৷

লখিমপুৰ জিলা কংগ্রেছৰ সভাপতিৰ পদত্যাগ

সভাপতি ভূপেন বৰাৰ প্ৰতি এক প্ৰকাৰে বিদ্ৰোহ ঘোষণা কৰে পদত্যাগী সভাপতিজনে । সভাপতি পদ ত্যাগ কৰিলেও দলৰ এজন সাধাৰণ কৰ্মী হিচাপে কাম কৰি যাব বুলিও মন্তব্য কৰে গগৈয়ে । কংগ্ৰেছ দল এৰি অন্য দলত যোগদান কৰাৰ সম্ভাৱনা নুই কৰে প্ৰদীপ গগৈয়ে ।

আনহাতে, প্ৰদীপ গগৈৰ পদত্যাগৰ লগেলগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তাৎক্ষণিকভাৱে গগন চন্দ্ৰ বৰাক লখিমপুৰ জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে নিযুক্তি দিয়ে আৰু গগন চন্দ্ৰ বৰাই কাৰ্যভাৰ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: আজি ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব মোডী-বাইডেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.