ETV Bharat / state

শেষ বিন্দু তেজ থকা লৈকে কা'ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যোৱাৰ হুংকাৰ

author img

By

Published : Dec 10, 2020, 7:27 PM IST

নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি, ছাত্ৰ মুক্তিয়ে ৷ প্ৰতিবাদস্থলীত নেতৃত্বই ক'লে, 'শেষ বিন্দু তেজ থকা লৈকে কা' বিৰুদ্ধে প্ৰতিবাদ কৰি যাম ' ৷

kmss-protest-againts-caa
কা' অখিলৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

গুৱাহাটী, 10 ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী আইন ২০১৯ আৰু কৃষক নেতা অখিল গগৈ মুক্তিৰ দাবীত কামৰূপ মহানগৰৰ চচলত বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ দোষীসাব্যস্ত নোহোৱাকৈ প্ৰায় 364 দিন ধৰি কাৰাবন্দী কৰি ৰখা অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ লগতে সংশোধিত কা' বাতিলৰ দাবী তোলে কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই ৷

প্ৰতিবাদস্থলীৰ পৰা ছাত্ৰ মুক্তিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয়, কা গৃহীত হ'লে ৮৫৫ জন শ্বহীদক অপমান কৰা হ’ব ৷ কা' কোনো কাৰণতে গৃহীত হ’বলৈ দিয়া নহ'ব বুলি হুংকা প্ৰদান কৰি শেষ বিন্দু তেজ থকা লৈকে কা' বিৰুদ্ধে প্ৰতিবাদ কৰি যাম বুলি সকীয়নি দিয়ে প্ৰাঞ্জল কলিতাই ৷

কা' অখিলৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰতিবাদ

ইফালে, ক্ষোভ প্ৰকাশ কৰি ছাত্ৰ মুক্তি সম্পাদক গৰাকীয়ে কয়, অসমৰ সকলো জাতীয় সংগঠনৰ লগতে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে অখিল গগৈৰ মুক্তিৰ দাবী তুলিছিল যদিও কাৰাৰুদ্ধ হৈয়ে থাকিল কৃষক নেতাজন ৷ তদুপৰি কৃষক নেতাজনৰ স্পষ্টবাদিতাক শাসক পক্ষই ভয় কৰি স্বৈৰতান্ত্ৰিক ভাৱে কাৰাৰুদ্ধ কৰি ৰাখিছে বুলিও অভিযোগ তোলে প্ৰাঞ্জল কলিতাই ৷

উল্লেখ্য যে, দৈয়াং-টেঙানীৰ বনাঞ্চলবাসীৰ ভূমি পট্টাৰ পৰা আৰম্ভ কৰি বৃহৎ নদীবান্ধ পৰা কা' বিৰোধী আন্দোলনলৈকে এক শক্তিশালী জনমত গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল কৃষক নেতা জনে ৷ তদুপৰি কয়লা, চুপাৰী চিণ্ডিকেটৰ পৰা আৰম্ভ কৰি টোলগেট, দুৰ্নীতি, ভ্ৰষ্টাচাৰ আদি বিষয়ত স্পষ্টৰূপত চৰকাৰী পক্ষক প্ৰশ্ন কৰিছিল অখিল গগৈয়ে ৷

লগতে পঢ়ক:সিংঘু সীমান্তৰ পৰা কৃষকৰ সংবাদমেল লাইভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.