আইমী বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

author img

By

Published : Oct 1, 2022, 8:25 PM IST

KMSS appeal for investigation regarding samkhor issue to ASCPCR

'ছেমখৰ'ক লৈ অন্ত পৰা নাই বিতৰ্কৰ (Semkhor film controversy) ৷ 'ছেমখৰ' ছবিখনত অভিনীত এটি নৱজাতকৰ দৃশ্যগ্ৰহণত অংশ লোৱাৰ 5 দিন পাছতে মৃত্যু হোৱাৰ খবৰ প্ৰায় দুবছৰৰ পাছত পোহৰলৈ অহাৰ পাছতে এতিয়া ৰাজ্যখনৰ সচেতন মহলৰ লগতে বিভিন্ন দল-সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে(Controversy over Semkhor film) ৷ শেহতীয়াকৈ বিষয়টো সন্দৰ্ভত সৰৱ হোৱা পৰিলক্ষিত হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি(Krishak mukti sangram samitee)৷ বিষয়টো সম্পৰ্কত ন্যায় দাবীৰে আজি অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগত আবেদন জনায় কৃষক মুক্তিয়ে(Assam State Child Rights Protection Commission) ।

গুৱাহাটী, ১ অক্টোবৰ: আইমী বৰুৱাৰ প্ৰযোজনা-পৰিচালনাৰে নিৰ্মিত বহু চৰ্চিত ডিমাচা ছবি 'ছেমখৰ' সন্দৰ্ভত শেহতীয়াকভাৱে পোহৰলৈ অহা কথাই ৰাজ্যজুৰি সৃষ্টি কৰিছে বিশেষ প্ৰতিক্ৰিয়াৰ (Semkhor film controversy)৷ ছবিখনৰ প্ৰযোজক-পৰিচালকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল-সংগঠনসমূহ(Controversy over Semkhor film) । উল্লেখ্য যে, 2020 বৰ্ষত অৰ্থাৎ কোভিডৰ সময়ছোৱাত দৃশ্যগ্ৰহণ চলা ছবিখনত অভিনয় কৰিছিল এটি তিনিমহীয়া নৱজাতকে(Dimasa film shooting during COVID 19) ৷

কিন্তু শ্বুটিঙৰ 5 দিনৰ পাছতে অসুস্থ হৈ মৃত্যুমুখত পৰিছিল নৱজাতকটি ৷ দেশে-বিদেশে সমাদৃত হোৱা তথা ছবিখনৰ প্ৰচাৰৰ বাবে বিভিন্ন অনুষ্ঠানত 'ছেমখৰ'ৰ কলা-কুশলীসকল তথা ছবিখনৰ পৰিচালক-প্ৰযোজকৰ উপস্থিতি প্ৰত্যক্ষ কৰিবলৈ পোৱা হৈছিল যদিও ঘটনাটো সন্দৰ্ভত সম্পূৰ্ণ নীৰৱ তথা শিশুটিৰ সোঁৱৰণত এটা শব্দও উচ্চাৰণ কৰা পৰিলক্ষিত নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত ৷

বিভিন্ন ব্যক্তি, দল-সংগঠনে ছবিখনৰ পৰিচালক-প্ৰযোজক আইমী বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ পাছতে এইবাৰ বিষয়টো সন্দৰ্ভত তদন্ত বিচাৰি অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দ্বাৰস্থ হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি(Krishak mukti sangram samiti) ।

সমিতিৰ এটা সজাতি দলে আজি আয়োগৰ কাৰ্যালয়ত উপস্থিত হৈ অভিযোগ দাখিল কৰে(Assam State Child Rights Protection Commission) । সমিতিয়ে তিনিমহীয়া এটি নৱজাতকক কোভিডকালীন পৰিস্থিতিত আইন বিৰুদ্ধভাৱে চলচ্চিত্ৰত ব্যৱহাৰ কৰা, শিশুটিৰ স্বাস্থ্যৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ত্ৰুটি লগতে কৰুণ মৃত্যুৰ ঘটনাৰ উচিত তদন্তৰ বাবে আবেদন জনায় ।

সমিতিয়ে লগতে উল্লেখ কৰে যে, ডিমা হাছাও জিলাৰ ছেমখৰ নামৰ এলেকাত প্ৰচলিত সামাজিক পটভূমিক লৈ নিৰ্মিত ‘ছেমখৰ’ নামৰ চলচ্চিত্ৰখনৰ এটি শিশু চৰিত্ৰত স্থানীয় ৩ মহীয়া নিষ্পাপ শিশুক ব্যৱহাৰ কৰাৰ পাছতেই শিশুটি হঠাৎ অসুস্থ হৈ পৰে আৰু কৰুণ মৃত্যুক সাৱটি লয় ৷ কোভিডকালীন প্ৰতিকূল পৰিস্থিতিত এটি নৱজাতক শিশুৰ কোনো আগতীয়া সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা নকৰাকৈয়ে চলচ্চিত্ৰ কামত ব্যৱহাৰ কৰা কাৰ্যই নিৰ্বোধ শিশুটিৰ জীয়াই থকাৰ অধিকাৰ হৰণ কৰিছে বুলি সমিতিয়ে অভিযোগ আনে । এই সমগ্ৰ ঘটনাৰ এক ন্যায়িক তদন্ত ঘোষণাৰ বাবে অসম ৰাজ্যিক শিশু সেৱা আৰু অধিকাৰ আয়োগৰ ওচৰত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আবেদন জনায় ।

আইমী বৰুৱাক গ্ৰেপ্তাৰৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অনুসন্ধান চলাই শিশু সুৰক্ষা আৰু অধিকাৰ আইন-২০০৫ৰ বিধি অনুসৰি দোষীক উচিত শাস্তিৰ বিহাৰ দাবী জনাইছে ৷ তদুপৰি দৰিদ্ৰ জনজাতীয় পৰিয়ালটিক ন্যায় আৰু উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰে । লগতে, ডিমাছা জনজাতি সন্দৰ্ভত চলচ্চিত্ৰখনত আপত্তিজনক দৃশ্য সন্নিৱিষ্ট কৰাৰ বিষয়ে উল্লেখ কৰি ছবিখনৰ যোগেদি জনজাতিটোক বিশ্ব দৰবাৰত হেয় প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে (Dimasa movie shemkhor)৷

আনফালে, সমগ্ৰ অসমৰ লগতে ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাটো ছবিখন সন্দৰ্ভত সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়া আব্যাহত আছে(Dimasa film Semkhor controversy)। ছবিখনত থকা বিতৰ্কিত দৃশ্যক লৈ বৰ্তমানেও পাহাৰীয়া জিলাখনত ডিমাছা দল-সংগঠনসমূহে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ (Protests in Haflong against Semkhor film)।

তাৎপৰ্যপূৰ্ণভাৱে, কৃষক মুক্তিৰ সজাতি দলটো আয়োগৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সময়ত অধ্যক্ষাকে ধৰি কোনো এজন সদস্য কাৰ্যালয়ত নাছিল । ইয়াকে লৈ সৰৱ হৈ পৰা পৰিলক্ষিত হৈছে কৃষক মুক্তিৰ সজাতি দলটো ।

লগতে পঢ়ক: Congress president polls : ৰাজ্যসভাৰ বিৰোধী দলপতিৰ পদ পদত্যাগ মল্লিকাৰ্জুন খাৰ্গেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.