ETV Bharat / state

Kargil Vijay diwas 2023 : গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত কাৰ্গিল বিজয় দিৱস পালন

author img

By

Published : Jul 26, 2023, 10:52 PM IST

আজি কাৰ্গিল বিজয় দিৱস ৷ শ্বহীদ জোৱান সকলক শ্ৰদ্ধাঞ্জলি জনাই দেশভক্তি গীতেৰে মূখৰিত হ’ল গুৱাহাটীৰ দীঘলীপুখুৰী পাৰ ৷

Kargil Vijay diwas 2023
গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত কাৰ্গিল বিজয় দিৱস পালন

গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত কাৰ্গিল বিজয় দিৱস পালন

গুৱাহাটী, ২৬ জুলাই: আজি কাৰ্গিল বিজয় দিৱস ৷ দেশৰ বিভিন্ন প্ৰান্তত ২৪ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে ৷ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জনাই দেশভক্তি গীতেৰে মূখৰিত হ’ল গুৱাহাটীৰ দীঘলীপুখুৰী পাৰ ৷ বিজয় দিৱসৰ লগত সংগতি ৰাখি লায়ন্স ক্লাবৰ উদ্যোগত আৰু সৈনিক কল্যাণ সঞ্চালকালয়ৰ সহযোগত বুধবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীস্থিত War Memorial পাৰ্কত আয়োজন কৰা হয় কাৰ্গিল বিজয় দিৱস । বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা অনুষ্ঠানত সেনা বাহিনীৰ মিউজিকেল বেণ্ড প্ৰদৰ্শন, NCC ৰ কেৰেট প্ৰদৰ্শন আৰু শ্বহীদক স্মৰণ কৰি দেশভক্তিমূলক গীত পৰিৱেশন কৰা হয়।

কাৰ্গিলৰ বিজয় দিৱসৰ বিশেষ অনুষ্ঠানত অসমৰ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলে। অনুষ্ঠানত কাৰ্গিল যুদ্ধৰ সেনানী কৰ্ণেল দিলীপ কুমাৰ বৰা, লেফটেনেন্ট জেনেৰেল পি কে ভৰালী, লায়ন্স ক্লাব গুৱাহাটীৰ সভাপতি অজয় পোদ্দাৰকে আদি কৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । উল্লেখ্য যে 1999 চনৰ 26 জুলাইত ভাৰতে পাকিস্তানক যুদ্ধত পৰাস্ত কৰি জম্মু-কাশ্মীৰৰ কাৰ্গিলত ভাৰতীয় সেনাই বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল ৷

ভাৰতীয় সেনাৰ আত্মবলিদান আৰু ত্যাগৰ বিনিময়ত সেই বিজয় দিনটোক প্ৰতিবছৰে সমগ্ৰ ভাৰততে কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি আহিছে ৷ 1999 চনৰ 3 মে’-26 জুলাই, প্ৰায় দুমাহ ধৰি চলা এই যুদ্ধ তথা ভাৰতীয় সেনাৰ অভিযানক নাম দিয়া হৈছিল অপাৰেচন বিজয় ।

গুৱাহাটীৰ লগতে তেজপুৰতো ব্যতিক্ৰমী ৰূপত পালন কৰা হয় কাৰ্গিল বিজয় দিৱস ৷ তেজপুৰ বৰপুখুৰীৰ পাৰত 527 গছ চাকিৰে ৰাজপথত কাৰ্গিল শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে একাংশ যুৱক-যুৱতীয়ে । ৰটাৰী অগ্নিগড় ইন্টাৰেক্ট ক্লাৱৰ সদস্য সকলে আয়োজন কৰে এই অনুষ্ঠান ৷

লগতে পঢ়ক:Deeplina Deka : কণ্ঠশিল্পী দীপলিনা ডেকাৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.