ETV Bharat / state

Deeplina Deka : কণ্ঠশিল্পী দীপলিনা ডেকাৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ

author img

By

Published : Jul 26, 2023, 8:43 PM IST

পুনৰ অভিনেত্ৰী ৰূপত দৰ্শকে দেখা পাব কণ্ঠশিল্পী দীপলিনা ডেকাক। অহা ২৮ জুলাইত আহি আছে দীপলিনা ডেকাৰ অভিনীত অসমীয়া চুটিছবি "খোজৰ শব্দ"।

Deeplina Deka starring Assamese short film Khujor Shabdo to be released soon
অহা ২৮ জুলাইত আহি আছে দীপলিনা ডেকাৰ অভিনীত অসমীয়া চুটিছবি

অহা ২৮ জুলাইত আহি আছে দীপলিনা ডেকাৰ অভিনীত অসমীয়া চুটিছবি

চিটাৰা ডেস্ক, 26 জুলাই: কণ্ঠশিল্পী দীপলিনা ডেকাৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । WINDCHIME ৰ পিচত অন্য এখন চুটি ছবিত অভিনেত্ৰী হিচাপে দেখা যাব কণ্ঠশিল্পী দীপলিনা ডেকাক। অহা ২৮ জুলাইত মুক্তি পাব দীপলিনা ডেকাৰ অভিনীত অসমীয়া চুটি ছবি "খোজৰ শব্দ"। মনোজ কুমাৰ গোস্বামীৰ অসমীয়া চুটি গল্প "খোজৰ শব্দ"ৰ আধাৰত নিৰ্মিত চুটিছবি "খোজৰ শব্দ"ক লৈ যথেষ্ট আশাবাদী দীপলিনা ।

দীপলিনাই "খোজৰ শব্দ"ৰ সন্দৰ্ভত কয়," বৰ্তমান সাহিত্য চৰ্চা খুবেই প্ৰয়োজন হৈ পৰিছে। সাহিত্য চৰ্চাৰ ওপৰত সদায় মোৰ এটা মন আছিল । মই সদায় নতুন কাম কৰিবলৈ ভাল পাওঁ । গানৰ লগতে অভিনয়ো মোৰ প্ৰিয়। মোৰ অভিনয়ত কোনো আনুষ্ঠানিক শিক্ষা নাই যদিও অভিনয় ভাল পাওঁ বাবে হয়তো সকলো সম্ভৱ হৈ পৰে। মানুহে সদায় ভালপোৱা কাম কৰিব লাগে। ভালপোৱাৰ বাবে সকলো সম্ভৱ হৈ যায়। মানুহে যি কামেই নকৰক কিয় ভালপোৱা আৰু একাগ্ৰতা খুবেই প্ৰয়োজন।"

কণ্ঠশিল্পীগৰাকীয়ে লগতে কয়, "খোজৰ শব্দ" গল্পটো মই পঢ়িছোঁ। গল্পটোয়ে মোক খুব আকৰ্ষণ কৰিছিল । "খোজৰ শব্দ" ত মোৰ চৰিত্ৰটো বাকী চৰিত্ৰতকৈ অলপ পৃথক । নিশ্চয় দৰ্শকে এই ক্ষেত্ৰত আদৰি ল’ব । অসমীয়া সাহিত্যৰ প্ৰতি মোৰ সপোন দীৰ্ঘদিনীয়া । অসমীয়া এনে বহু গল্প আৰু কবিতা আছে যি সমূহ চুটি ছবি হিচাপে যদি ৰাইজলৈ আগবঢ়াব পাৰো ৰাইজে সেইসমূহ বেছি ভাল পাব। সদায় নতুন কাম কৰি ভাল পাওঁ মই, গানৰ ক্ষেত্ৰতো তেনেদৰে কিছু নতুনত্ব প্ৰদানৰ চেষ্টা কৰি থাকোঁ।’

অনুৰাগীৰ সন্দৰ্ভত কণ্ঠশিল্পী গৰাকীয়ে মন্তব্য কৰি কয়- "মোৰ জীৱনত ভাল আৰু বেয়া কি হৈ আছে সকলোবোৰ দৰ্শকে জানে । মোৰ অনুৰাগীৰ সকলৰ লগত মই নিজেই পোনপটীয়াকৈ জড়িত হৈ থাকিব বিচাৰো । সেইবাবে মই কোনো ছ’চিয়েল মিডিয়া মেনেজাৰো নাই ৰখা । মানুহে কি ভাল পাইছে কি বেয়া পাইছে সেই কথাখিনি মই নিজ চকুৰে চাব বিচাৰো । নিগেটিভ আৰু পজিটিভ সকলো মন্তব্যই মোৰ বাবে গুৰুত্বপূৰ্ণ ।

আনহাতে আগষ্ট মাহত কণ্ঠশিল্পীগৰাকীৰ বহুকেইটা নতুন গান আহি আছে । লগতে এটি এলবামো দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি উল্লেখ কৰে দীপলিনাই ।

লগতে পঢ়ক: NELL 2023 Season 2: এগৰাকী অধ্যক্ষাই তিনিচুকীয়া জিলালৈ কঢ়িয়াই আনিছে গৌৰৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.