ETV Bharat / state

Administration strict on Ola Uber: গুৱাহাটীত য'তে ত'তে ৰাখিব নোৱাৰিব অ'লা উবাৰৰ বাহন

author img

By

Published : Jul 8, 2022, 9:29 PM IST

kamrup metro issued new regulation for Ola uber
গুৱাহাটীত য'তে ত'তে ৰাখিব নোৱাৰিব অ'লা উবৰৰ বাহন

মহানগৰীত অ'লা উবাৰৰ চালকসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই (Kamrup metro DC issued new regulation for Ola Uber Vehicle) ৷ এতিয়াৰ পৰা নিৰ্দিষ্ট ষ্টপেজৰ বাহিৰে অন্য স্থানত ৰখাব নোৱাৰিব অ'লা উবাৰৰ বাহন ৷

গুৱাহাটী, 7 জুলাই: অ'লা উবাৰৰ চালকসকলে এতিয়াৰ পৰা অধিক সাৱধান হওক ৷ মহানগৰীত অ'লা উবাৰৰ চালকসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা উপায়ুক্তই (Kamrup metro issued new regulation for Ola uber) ৷ নিৰ্দিষ্ট ষ্টপেজৰ বাহিৰে এতিয়াৰ পৰা অন্য স্থানত ৰখাব নোৱাৰিব অ'লা-উবাৰৰ বাহনসমূহ ৷

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত শুকুৰবাৰে আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ এক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Deputy Commissioner Pallav Gopal Jha) ৷ এই নিৰ্দেশনা অনুসৰি অ’লা, উবাৰৰ চালকে যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰা, চালকৰ পৰা প্ৰতিস্থান দুটাই অধিক কমিছন আদায় কৰা তথা এইসমূহ প্ৰতিস্থানৰ স্থানীয় কাৰ্যালয় স্থাপন আদি বিভিন্ন বিষয় সম্পৰ্কে এই বৈঠকত পৰ্যলোচনা কৰা হয় ৷ আগন্তুক 15 দিনৰ ভিতৰত অ'লা, উবাৰৰ কৰ্তৃপক্ষক নিজ-নিজ নিয়মাৱলী উপায়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিবলৈ সময়সীমা বান্ধি দিয়া হয় ৷

ইয়াৰোপৰি এই সভাখনত জিলাখনৰ পৰিবহণ ব্যৱস্থা সুচল কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয় ৷ এই বৈঠকত জিলা উপাযুক্ত পল্লৱ গোপাল ঝায়ে যান-বাহন নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী আৰু জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক)সকলক পূৰ্বে নিৰ্ধাৰিত বাছ ষ্টপেজৰ ছাইনবোৰ্ড সমূহ অনতিপলমে সঠিক স্থানত লগাবলৈ নিৰ্দেশ দিয়ে ৷ লগতে যাত্ৰীৰ পৰা চিটি বাছৰ ভাড়া আদায়ৰ বাবে ই-টিকেটৰ ব্যৱস্থা কৰিবলৈ চিটি বাছ মালিক সংস্থাক নিৰ্দেশ দিয়ে উপায়ুক্তগৰাকীয়ে ৷

আনহাতে, মহানগৰীত জনসাধাৰণৰ যাতায়তৰ ব্যৱস্থা সুচল কৰিবৰ বাবে গুৱাহাটী মেডিকেল কলেজৰ পৰা পাথৰকোৱেৰী হৈ আমছিং-ডিগাৰুলৈকে আৰু পাথৰকোৱেৰী পৰা গধূলি বজাৰলৈ মেট্ৰ' শ্বেয়াৰ টেক্সিৰ ব্যৱস্থা কৰিব পৰাকৈ উপ-আৰক্ষী আয়ুক্তক এক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশনা দিয়ে ।

এই বৈঠকত সহকাৰী আৰক্ষী আয়ুক্ত ড৹ অনুপজ্যোতি বৰা, সহকাৰী পৰিবহণ আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া তথা আঞ্চলিকপৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু দাস , চিটি বাছ সংস্থাৰ বিষয়-ববীয়া তথা অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ উপস্থিত থাকে ৷

লগতে পঢ়ক : 15 ডিচেম্বৰত দীঘলীপুখুৰীত অনশন কাৰ্যসূচী ৰূপায়ন কৰিব অ'লা-উবেৰ চালক সন্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.