ETV Bharat / state

Jatiya Yuva Bahini press meet: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আজমলৰ সাহস বাঢ়িছে: জাতীয় যুৱ বাহিনী

author img

By

Published : Dec 11, 2022, 8:29 PM IST

Jatiya yuva bahini press meet in Guwahati
Jatiya yuva bahini press meet : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আজমলৰ সাহস বাঢ়িছে- জাতীয় যুৱ বাহিনী

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা জাতীয় যুৱ বাহিনীৰ (Jatiya yuva bahini slams CM) ৷ নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা শাসনাধীস্থ বিজেপি মিত্ৰজোঁট চৰকাৰখনে জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগ তোলে সংগঠনটোৰ নেতৃবৃন্দই ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে আজমলৰ সাহস বাঢ়িছে- জাতীয় যুৱ বাহিনী

গুৱাহাটী, ১১ ডিচেম্বৰ: "অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) কিয় অসমৰ মুখ্যমন্ত্ৰী পাতিছিল ? কিয় আমি বিজেপিক ভোট দিছিলো ? এইটো কাৰণে দিছিলো যাতে আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰে ৷ তেওঁলোকৰ এজেণ্ডাই আছিল যে আজমল মুখ্যমন্ত্ৰী হ’ব নোৱাৰে ৷

অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা বোলা মানুহজনক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব ৷ ইয়াৰ প্ৰথম কাৰণ হৈছে তেওঁ বন্ধন বেংকৰ ঋণ লোৱা আইমাতৃসকলক চৰম প্ৰতাৰণা কৰিলে ৷ অসমৰ যুৱ প্ৰজন্মক প্ৰতাৰণা কৰিলে ৷ তৃতীয়টো কাৰণ হৈছে আজমল (AIUDF Chief Badaruddin Ajmal) মুখ্যমন্ত্ৰী হ’ব বুলি ভাবি আমি হিমন্ত বিশ্ব শৰ্মাক ভোট দিছিলো ৷" গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত ৰাজ্য চৰকাৰক আজি এক সংবাদমেলত থকাসৰকা কৰে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে (Jatiya Yuva Bahini slams BJP)

দেওবাৰে অনুষ্ঠিত হোৱা এই সংবাদমেলখনত নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা শাসনাধীস্থ বিজেপি মিত্ৰজোঁট চৰকাৰখনে জনসাধাৰণক প্ৰতাৰণা কৰাৰ অভিযোগ তোলে সংগঠনটোৰ নেতৃবৃন্দই (Jatiya Yuva Bahini press meet)৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা জাতীয় যুৱ বাহিনীৰ (Jatiya Yuva Bahini slams CM) ৷

অসমৰ জনসাধাৰণৰ প্ৰত্যাশা পালন কৰিব নোৱৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বক শৰ্মাক মিছলীয়া, প্ৰতাৰক, প্ৰবঞ্চক আখ্যা জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দৰ ৷ গণি গণি ১ লাখ চাকৰি দিব বুলি কোৱা মুখ্যমন্ত্ৰীৰ সেই প্ৰতিশ্ৰুতি এতিয়া ক’ত গ’ল বুলি যুৱ বাহিনীয়ে প্ৰশ্ন উত্থাপন কৰে ৷ কেৱল ভোটবেংকৰ স্বাৰ্থত নিৰ্বাচনৰ সময়ত ৰাইজক আভুৱা ভাৰি অহা কেৱল ৰাজনৈতিক স্বাৰ্থত সাম্প্ৰদায়িকতাৰ বীজ সিচি অহা মুখ্যমন্ত্ৰীগৰাকীৰ বাবে আজমলৰ সাহস বাঢ়িছে বুলি উল্লেখ কৰে সংবাদমেলখনত ৷

এইক্ষেত্ৰত অসমীয়া জাতি আৰু হিন্দু ধৰ্মাৱলম্বী লোক সকলক অপমান কৰাৰ সাহস কৰা এআই ইউ ডি এফ নেতা বদৰুদ্দিন আজমলৰ সাহস ভাঙিবৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ গাদীৰ পৰা আঁতৰাব লাগিব বুলিও সদৰী কৰে জাতীয় যুব বাহিনীৰ নেতৃবৃন্দই ৷ সংগঠনটোৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি সমূহ শীঘ্ৰেই পূৰণ কৰাৰ দাবী জনায় ৷

লগতে পঢ়ক: Rahul Gandhi enjoys Bullock Cart: গৰুগাড়ীত উঠি ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.