ETV Bharat / state

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ জাইকাৰ প্ৰকল্প পৰিদৰ্শন

author img

By

Published : Feb 15, 2021, 2:20 PM IST

Updated : Feb 15, 2021, 4:41 PM IST

japan-ambassador-visited-jaika-project
জাপানৰ ৰাষ্ট্ৰদূতৰ সৈতে জাইকা পানীযোগান প্ৰকল্পত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী

সোমবাৰে জাইকা পানী যোগান প্ৰকল্পত উপস্থিত হয় জাপানৰ ৰাষ্ট্ৰদূত চাতোশ্বি চুজুকি আৰু কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰ । জাপানৰ ৰাষ্ট্ৰদূতক লগত লৈ প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে মন্ত্ৰী এছ জয়শংকৰে ।

গুৱাহাটী,15 ফেব্ৰুৱাৰী : দেওবাৰে নিশাৰ ভাগত জাপানৰ ৰাষ্ট্ৰদূত চাতোশ্বি চুজুকিৰ সৈতে গুৱাহাটীত উপস্থিত হয়হি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ জয়শংকৰ । দেওবাৰে নিশাৰ ভাগত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত দুয়োকে আদৰণি জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । ইয়াৰ পাছতেই সোমবাৰে পুৱাৰ ভাগত তেওঁলোকে মা-কামাখ্যা দৰ্শন কৰি আশীষ লয় । তেওঁলোকৰ এই যাত্ৰাত সংগ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ জাইকাৰ প্ৰকল্প পৰিদৰ্শন

ইয়াৰ পাছতেই দুয়োগৰাকী উপস্থিত হয়গৈ জাইকা পানীযোগান প্ৰকল্পত । তিনিবছৰ ধৰি নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱা এই প্ৰকল্পৰ কাম-কাজ জাপানৰ ৰাষ্ট্ৰদূতক লগত লৈ পৰিদৰ্শন কৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ো দুয়োকে সংগ দিয়ে । ২০২২ চনৰ জুলাইত পানীযোগান প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ জাইকাৰ প্ৰকল্প পৰিদৰ্শন

উল্লেখ্য যে, জাপানৰ বিনিয়োগকাৰী প্ৰতিষ্ঠান জাইকাৰ পুঁজিৰে নিৰ্মাণ কৰি থকা হৈছে প্ৰকল্পটো ৷ ১১২৬ কোটি টকাৰ ব্যয় সাপেক্ষে গেমন, জিন্দাল, JWIL নামৰ প্ৰতিষ্ঠানে প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাই আছে ৷

লগতে পঢ়ক: গুৱাহাটীত উপস্থিত ড৹ এছ জয়শংকৰ আৰু জাপানৰ ৰাষ্ট্ৰদূত

Last Updated :Feb 15, 2021, 4:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.