ETV Bharat / state

Janatar Din in Guwahati : মহানগৰীত শৰৎ চন্দ্ৰ সিংহৰ ১০৯ সংখ্যক ওপজা দিন উদযাপন

author img

By

Published : Jan 1, 2023, 8:02 PM IST

Janatar Din in Guwahati
শৰৎ চন্দ্ৰ সিংহৰ ১০৯ সংখ্যক ওপজা দিন উদযাপন

বছৰৰ পহিলা দিনটো ভূতপূৰ্ব মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ জন্মদিন উপলক্ষে উদযাপন কৰা হয় জনতাৰ দিন হিচাবে ৷ সেই অনুসৰি দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰস্থিত সিন্ধিনাথ শৰ্মা ভৱনত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় জনতাৰ দিন (Janatar din celebrated in Guwahati)৷

শৰৎ চন্দ্ৰ সিংহৰ ১০৯ সংখ্যক ওপজা দিন উদযাপন

গুৱাহাটী , ১ জানুৱাৰী: আজি বছৰৰ প্ৰথমটো দিন ৷ নতুন বছৰক আদৰণি জনাই উদযাপন কৰাৰ লগতে সমগ্ৰ অসমতে উদযাপন কৰা হয় জনতাৰ দিন ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ ওপজা দিনটোক উদযাপন কৰি অহা হৈছে জনতাৰ দিন হিচাবে ৷

দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হ’ল ভূতপূৰ্ব মুখ্যমন্ত্ৰীগৰাকীৰ ১০৯ সংখ্যক ওপজা দিন তথা জনতাৰ দিন (Birth anniversary of Sarat Chandra Singha)৷ আদৰ্শৱান ৰাজনীতিক শৰৎ চন্দ্ৰ সিংহৰ সততা, আদৰ্শ, মূল্যবোধ যাতে নতুন প্ৰজন্মই গ্ৰহণ কৰিব পাৰে সেই উদ্দেশ্য উদযাপন কৰা হয় জনতাৰ দিন ৷ শৰৎ চন্দ্ৰ সিংহ ন্যাসৰ(Sarat Chandra Singha trust) উদ্যোগত মহানগৰীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত থকা সিন্ধিনাথ শৰ্মা ভৱনত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় জনতাৰ দিন (Janatar din celebrated in Guwahati)৷

ভূতপূৰ্ব মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক অদীপ কুমাৰ ফুকনৰ দ্বাৰা প্ৰস্তুত কৰা এটা ৱেবচাইট আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । উক্ত ৱেবচাইটটোৰ জৰিয়তে সংৰক্ষণ কৰা হ’ব শৰৎ চন্দ্ৰ সিংহৰ জীৱনৰ বহু তথ্য ৷ শৰৎ চন্দ্ৰ সিংহ ন্যাসৰ সম্পাদক পৰেশ বৰুৱাই কয় যে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ সঠিক মূল্যায়ণ এতিয়াও কৰা হোৱা নাই ৷ মূল্যবোধৰ ৰাজনীতি কৰা ভূতপূৰ্ব মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰ দেশজুৰি যিদৰে হ’ব লাগিছিল সেয়া হৈ উঠা নাই বুলি মন্তব্য কৰে পৰেশ বৰুৱাই ৷

তেওঁ লগতে কয় যে, শৰৎ চন্দ্ৰ সিংহৰ আদৰ্শ নতুন প্ৰজন্মই গ্ৰহণ কৰিলে সাম্প্ৰতিক সময়ত সমাজত দেখা দিয়া অস্থিৰতা দূৰ হ’ব ৷ উল্লেখ্য যে, মহানগৰীত অনুষ্ঠিত জনতা দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনৰ লগতে প্ৰবীণ বামপন্থী নেতা হেমেন দাস আৰু সাংবাদিক অদীপ কুমাৰ ফুকনেও ৷

ভাষণ প্ৰসংগত সাংবাদিক হাইদৰ হুছেইনে(Haidar Hussain) কয় যে শৰৎ চন্দ্ৰ সিংহৰ(Former CM Sarat Chandra Sinha) দৰে লোকক স্মৰণ কৰাৰ লগতে তেওঁলোকৰ জীৱন প্ৰণালী-চিন্তা ভৱিষ্যৎ প্ৰজন্মই গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব ৷ বৰ্তমান সোঁতত উটি অহা ৰাজনীতিকসকল সোঁততে উটি যাব বুলি মন্তব্য কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে কয় যে, যিসকলে সোঁতৰ বিপৰীতে মানুহৰ স্বাৰ্থত কাম কৰে তেওঁলোক মৰিও জীয়াই থাকিব ৷ সেইবাবেই শৰৎ চন্দ্ৰ সিংহৰ জন্মদিন তথা জনতাৰ দিনৰ সুকীয়া তাৎপৰ্য আছে বুলি মন্তব্য কৰে সাংবাদিক হাইদৰ হুছেইনে ৷

আনহাতে জনতাৰ দিনত ‘জনতাৰ অনুভৱ’ শীৰ্ষক এক আলোচনা চক্ৰও অনুষ্ঠিত হয় । ভূতপূৰ্ব মুখ্যমন্ত্ৰীগৰাকীৰ 109 বছৰীয়া জন্মদিন উপলক্ষে দেওবাৰৰ সন্ধিয়া 109 গছি বন্তি প্ৰজ্বলন কৰা হয় জনতাৰ দিন উদযাপনস্থলীত ৷

লগতে পঢ়ক: Nuclear Installations List Exchange: ভাৰত-পাকিস্তানৰ মাজত পাৰমাণৱিক শক্তিৰ তালিকা আদান-প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.