ETV Bharat / state

বৰতাল বজাই আজি নিৰ্বাচনী ৰণডংকা বজালে জে পি নাড্ডাই : ভৱেশ কলিতা

author img

By ETV Bharat Assamese Team

Published : Jan 11, 2024, 7:07 AM IST

Updated : Jan 11, 2024, 8:05 AM IST

J P Nadda attend Assam BJP executive meeting
ক'ৰ কমিটিৰ বৈঠক

BJP executive meeting : বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে নতুন বছৰৰ প্ৰথমখন ক’ৰ কমিটিৰ বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত অংশ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

ক'ৰ কমিটিৰ বৈঠক

গুৱাহাটী, ১১ জানুৱাৰী : ‘‘আজিৰে পৰা বিজেপিত বলিবলৈ লৈছে নিৰ্বাচনৰ গৰম বতাহ । বৰতাল বজাই আজি নিৰ্বাচনী ৰণডংকা বজালে আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।’’ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ । বুধবাৰে নিশা সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷

বুধবাৰে বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত নতুন বছৰৰ প্ৰথমখন ক'ৰ কমিটিৰ বৈঠক অনুষ্ঠিত হয় । য’ত অংশ লয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই । ক'ৰ কমিটিৰ বৈঠকৰ অন্তত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই জনোৱা অনুসৰি তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বহুৱাৰ লক্ষ্য আগত ৰাখি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । লগতে এই বৈঠকতে বুথ প্ৰতিনিধিৰে সম্পৰ্ক, ভোটদাতাৰ সংখ্যা বৃদ্ধি কৰাৰো লক্ষ্য বান্ধি লোৱা হয় ।

আনহাতে, আগন্তুক লোকসভাৰ নিৰ্বাচনৰ বাবে অসমত ১৪ টা সমষ্টিক ৫ টা ক্লাষ্টাৰত বিভক্ত কৰা হ’ব বুলিও ভৱেশ কলিতাই জানিবলৈ দিয়ে । তেওঁ উল্লেখ কৰা অনুসৰি ৫ টা ক্লাষ্টাৰতে সুকীয়াকৈ অনুষ্ঠিত হ’ব বৈঠক । এই বৈঠকত অংশ ল’ব ৰাজনাথ সিং, নীতিন গাডকাৰী আৰু অমিত শ্বাহে ।

বৰাক ভেলী আৰু ডিমা হাচাও মিলি গঠন কৰা হ’ব এটা ক্লাষ্টাৰ । গুৱাহাটী, বৰপেটা, দৰং ওদালগুৰি মিলি হ’ব আন এটা ক্লাষ্টাৰ । ঠিক তেনেদৰে শোণিতপুৰ কলিয়াবৰ, নগাঁও মিলি এটা, ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ এটা, কোকৰাঝাৰ, ধুবুৰী মিলি আন এটা ক্লাষ্টাৰ গঠন কৰা হ’ব ।

আনহাতে, বিজেপিয়ে যিমানেই ৰাহুল গান্ধীক ৰখাব চেষ্টা নকৰে কিয়, বিজেপিয়ে নোৱাৰে বুলি কংগ্ৰেছ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । তেওঁ কয় যে ৰাহুল গান্ধীৰ যাত্ৰা কোনো কাৰণত বিজেপিয়ে বাধা প্ৰদান কৰা নাই ।

কংগ্ৰেছে তেওঁলোকৰ যাত্ৰাত বহু আগতে ফুলস্তপ দি থৈছে । কেবাজনকো ১৯৮৩ চনত কোনে ডেকা ল’ৰাবিলাকক হত্যা কৰিলে সেয়া সকলোৱে জানে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : দেশৰ বাজেটৰ 10 শতাংশ উত্তৰ-পূবৰ বাবে খৰচ কৰা হ’ব: জেপি নাড্ডা

Last Updated :Jan 11, 2024, 8:05 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.