ETV Bharat / state

National Press Day : ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উত্থাপন সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগ

author img

By

Published : Nov 16, 2022, 7:42 PM IST

Press Day
Press Day

সময়ে সময়ে বিভিন্ন ধৰণে নিৰ্যাতিত হৈ আহিছে সাংবাদিকসকল । সত্য প্ৰতিষ্ঠা কৰিবলৈ গৈ চৰকাৰখনৰ লগতে উগ্ৰপন্থী সংগঠন, ভূ-মাফিয়া তথা বিভিন্ন দুষ্টচক্ৰৰ জিঘাংসাৰ বলি হৈ আহিছে সাংবাদিকসকল (National Press Day 2022) । স্বয়ং মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ে বিভিন্ন সময়ত সাংবাদিকসকলক কৰি আহিছে অপদস্থ । ক্রমাগতভাৱে অসমত সাংবাদিক নির্যাতন, অপদস্থ, মাৰপিট আদিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । শক্তিশালী ‘মিডিয়া কাউঞ্চিল’ গঠনৰ দাবী 'জা'ৰ (Journalist Association of Assam)।

গুৱাহাটী, ১৬ নৱেম্বৰ : সমগ্ৰ দেশৰ লগতে অসমতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হৈছে (National Press Day celebrated in Assam) । এই দিৱসটোত চৰকাৰী পক্ষৰ লগতে বিভিন্নজনে সাংবাদিকৰ লগতে সংবাদকৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে । কিন্তু এইখিনিতে প্ৰশ্ন উত্থাপন হয় যে সাংবাদিকসকল কিমান সুৰক্ষিত । কাৰণ সময়ে সময়ে বিভিন্ন ধৰণে সাংবাদিকসকল নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে । অসমতো সাংবাদিক নিৰ্যাতনৰ অলেখ ঘটনা সংঘটিত হৈছে (harassment of journalists in Assam) ।

কি কংগ্ৰেছ কি বিজেপি সকলোৰে আমোলত বিভিন্ন সময়ত লক্ষ্য হৈ আহিছে সাংবাদিকসকল । চৰকাৰে সাংবাদিকৰ কল্যাণ, সাংবাদিকৰ নিৰাপত্তা আদি বিষয়বোৰ সততে কৈ আহে যদিও বাস্তৱত কেৱল শ্লোগানতেহে পৰিণত হৈছে । লক্ষণীয় বিষয় যে বিজেপি চৰকাৰৰ আমোলত সাংবাদিক নিৰ্যাতনৰ ঘটনা বহু পৰিমাণে বৃদ্ধি পাইছে (journalists harassment case increases in BJP govt) । বিগত সময়ছোৱাত সত্য দাঙি ধৰিবলৈ গৈ চৰকাৰখনৰ লগতে উগ্ৰপন্থী সংগঠন, ভূ-মাফিয়া তথা বিভিন্ন দুষ্টচক্ৰৰ জিঘাংসাৰ বলি হৈ আহিছে সাংবাদিকসকল ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উত্থাপন সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগ
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উত্থাপন সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগ

আনকি স্বয়ং মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মায়ে বিভিন্ন সময়ত সাংবাদিকসকলক অপদস্থ কৰি অহা পৰিলক্ষিত হৈছে (CM Himanta Biswa Sarma) । মালিকপক্ষৰ ভাবুকি দি সাংবাদিকক একপ্ৰকাৰে নিৰ্যাতন চলোৱাও পৰিলক্ষিত হৈছে । মুখ্যমন্ত্রীৰ এনে আচৰণ তথা উচটনিৰ বাবেও বহুসময়ত চৰকাৰী যন্ত্রৰ দ্বাৰা সাংবাদিকসকল নিৰ্যাতনৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে । সাংবাদিকক ভয়-ভাবুকিৰে নিৰ্যাতন চলোৱাৰ ক্ষেত্রত মুখ্যমন্ত্রীৰ মন্ত্রীসভাৰ মন্ত্রীসকলো পিছপৰি থকা নাই ।

বিধানসভা নিৰ্বাচনৰ পূৰ্বে সাংবাদিকক ভাবুকি প্ৰদান কৰি চৰ্চালৈ আহিছিল মন্ত্রী পীযুষ হাজৰীকা (Assam Minister Pyjush Hazarika) । চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে সাংবাদিকক বিভিন্ন ধৰণে নিৰ্যাতন চলোৱাটো বৰ্তমান সময়ত সাধাৰণ ঘটনাত পৰিণত হৈছে । বিজেপি চৰকাৰৰ দিনত সাংবাদিক নিৰ্যাতনৰ বহু ঘটনা সংঘটিত হৈছে । শেহতীয়াকৈ ৬ ছেপ্টেম্বৰত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ দুষ্টচক্ৰৰ আক্ৰমণৰ বলি হৈছিল অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক বনজিৎ ঠাকুৰীয়া ।

Press Dayৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উত্থাপন সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগ
Press Dayৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উত্থাপন সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগ

লক্ষণীয়ভাৱে এই ঘটনাত আৰক্ষীয়ে অভিযুক্তসকলৰ পক্ষহে লৈছিল । যাৰ বাবে ন্যায় বিচাৰি সাংবাদিকসকল ৰাজপথলৈ আহিবলগীয়া হৈছিল । সময়ে সময়ে বিভিন্ন ধৰণে বিভিন্ন পক্ষৰ ফালৰ পৰা সাংবাদিকসকল নিৰ্যাতিত হৈ আহিছে । পৰিতাপৰ বিষয় যে নিৰ্যাতনৰ বলি হোৱা সাংবাদিকসকলে বহু সময়ত ন্যায়ৰ পৰা বঞ্চিত হ'বলগীয়া হয় । এক কথাত ক'বলৈ গ'লে প্ৰত্যেকদিনাই ৰাজ্যৰ ক'ৰবাত নহয় ক'ৰবাত যিকোনো ধৰণে কোনোবা নহয় কোনোবা সাংবাদিক নিৰ্যাতনৰ বলি হয় ।

উল্লেখ্য যে কিছুদিন পূৰ্বে কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ এক দুৰ্ঘটনাত মৃত্যু হৈছিল । কিন্তু তেওঁৰ এই মৃত্যুক সাধাৰণ দুৰ্ঘটনা বুলি কোনেও মানি লোৱা নাছিল । কাৰণ তেওঁ বহু প্ৰভাৱশালী ব্যক্তিৰ বাবে চকুৰ কুটা হৈ পৰিছিল । কাঠ, কয়লা মাফিয়াৰ ভিতৰুৱা খবৰ উলিয়াই আনিছিল তেওঁ । যাৰ বাবে তেওঁক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল । পৰাগ ভূঞা (Journalist Parag Bhuyan murder case) আছিল প্ৰাক্তন মন্ত্ৰী তথা অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ ভাতৃ ।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উত্থাপন সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগ
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত উত্থাপন সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগ

এনে বহু ঘটনা আছে যাৰ আজিৰ তাৰিখত কোনো তথ্য-প্ৰমাণ নাই । এইখন অসমতে পুনৰমল আগৰৱালা, কমলা শইকীয়া, পবিত্ৰ নাৰায়ণ, দীপক স্বৰ্গীয়াৰী, পৰাগ কুমাৰ দাস, প্ৰহ্লাদ গোৱালা, জীতেন চুতীয়া, কনক ৰাজ মেধি, মুচলিমুদ্দিন, জগদীশ শইকীয়া, অনিল মজুমদাৰ, দীনেশ্বৰ ব্ৰহ্ম, মাণিক দেউৰী, নুৰুল হক, বডোছা নাৰ্জাৰী আদি অনেক সাংবাদিকক হত্যা কৰা হ'ল । সাংবাদিকৰ হত্যাৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ হৈছিল । কিন্তু নাপালে ন্যায় ।

ইফালে নিৰ্যাতিত সাংবাদিকৰ তালিকাখন যথেষ্ট দীঘল আৰু ক্ৰমাৎ দীঘল হৈ গৈ আছে । বর্তমান ক্রমাগতভাৱে অসমত সাংবাদিক নির্যাতন, অপদস্থ, মাৰপিট আদিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে । এনেবোৰ কাৰণতে প্ৰায়ে চৰ্চালৈ আহে সাংবাদিকৰ নিৰাপত্তাৰ প্ৰসংগটো । আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতো (National Press Day 2022) সাংবাদিক তথা সংবাদকৰ্মীৰ নিৰাপত্তাৰ বিষয়টো আলোচিত হৈছে ।

সংবাদ মাধ্যম আৰু সাংবাদিকৰ বিধিগত স্বাধীনতা আৰু অধিকাৰসমূহ চৰকাৰী তথা বেচৰকাৰী উভয় পক্ষৰ ছত্ৰছায়াত খৰ্ব হ’ব ধৰাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে 'নেচনেল ইউনিয়ন অব জার্নেলিষ্ট ইণ্ডিয়া’(National Union of Journalist India) আৰু জার্নেলিষ্ট এছোচিয়েচন অব আছাম চমুকৈ ‘জা’য়ে (Journalist Association of Assam) ।

আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত কেন্দ্ৰীয় কার্যালয়ত আয়োজন কৰা সভাই দেশৰ সকলো সাংবাদিক আৰু সংবাদ মাধ্যমৰ কৰ্মচাৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে । সভাত অংশগ্রহণ কৰি 'নেচনেল ইউনিয়ন অব জার্নেলিষ্ট ইণ্ডিয়া'ৰ (এন ইউ জে আই) ৰাষ্ট্ৰীয় উপ-সভাপতি ভূপেন গোস্বামীয়ে অসমৰ সাংবাদিক আৰু সংবাদকৰ্মীৰ সামগ্ৰিক নিৰাপত্তাৰ বাবে দেশত এখন সুকীয়া সাংবাদিক সুৰক্ষা আইনৰ অতি প্রয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে ।

অসমত বৰ্তমান ক্রমাগতভাৱে সাংবাদিক নির্যাতন, অপদস্থ, মাৰপিট আদিৰ ঘটনা বৃদ্ধি পাই আহিছে বুলি উল্লেখ কৰি তেওঁ গণতন্ত্ৰৰ চতুৰ্থস্তম্ভ তথা সমাজৰ অতন্ত্ৰ প্ৰহৰী সংবাদ মাধ্যমৰ স্বাধীনতা অক্ষুণ্ণ ৰাখি মৌলিক সমস্যাসমূহ সমাধানত গুৰুত্ব দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় । বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সভাত এখন সুকীয়া সাংবাদিক সুৰক্ষা আইনৰ দাবী পুনৰ উত্থাপন কৰাৰ লগতে সকলো সাংবাদিক আৰু সংবাদ মাধ্যমক স্পষ্ট কৰিব পৰাকৈ এক শক্তিশালী ‘মিডিয়া কাউঞ্চিল’ (formation of Media Council) গঠন কৰাৰো দাবী জনোৱা হয় ।

লগতে পঢ়ক :Basundhara 2 Mission : মাটিৰ দালালেহে নিয়ন্ত্ৰণ কৰিছে ৰাজ্যৰ চৰকাৰী ব্যৱস্থা : অজাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.