Basundhara 2 Mission : মাটিৰ দালালেহে নিয়ন্ত্ৰণ কৰিছে ৰাজ্যৰ চৰকাৰী ব্যৱস্থা : অজাপ

author img

By

Published : Nov 16, 2022, 5:38 PM IST

Updated : Nov 16, 2022, 7:28 PM IST

AJP

মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ (Assam Jatiya Parishad GS Jagadish Bhuyan)। সংবাদমেলত তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে 'বসুন্ধৰা-২’ আঁচনি উদ্বোধন কৰিবলৈ আয়োজিত অনুষ্ঠানত নিজমুখে প্ৰকাশ কৰে যে মাটিৰ দালালসকলেহে আচলতে বৰ্তমান চৰকাৰৰ ভূমি আৰু ৰাজহ সম্পৰ্কীয় কাম-কাজবোৰ পৰিচালনা কৰে (Jagadish Bhuyan criticized Basundhara 2 mission) ৷

গুৱাহাটী, ১৬ নৱেম্বৰ : বুধবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই (Assam Jatiya Parishad GS Jagadish Bhuyan)। সংবাদমেলত তেওঁ কয় যে যোৱা দুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে 'বসুন্ধৰা-২’ আঁচনি উদ্বোধন কৰিবলৈ আয়োজিত অনুষ্ঠানত নিজমুখে প্ৰকাশ কৰে যে মাটিৰ দালালসকলেহে আচলতে বৰ্তমান চৰকাৰৰ ভূমি আৰু ৰাজহ সম্পৰ্কীয় কাম-কাজবোৰ পৰিচালনা কৰে (Jagadish Bhuyan criticized Basundhara 2 mission) ৷

মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালক সুধি আইন প্ৰণয়ন কৰিছে । মুখ্যমন্ত্ৰীৰ এই বক্তব্যক গণতান্ত্ৰিক বিধি-ব্যৱস্থাৰ প্ৰতি চূড়ান্ত অপমান বুলি প্ৰকাশ কৰে জগদীশ ভূঞাই । তেওঁ কয়, কিছুদিন পূৰ্বে মাটিৰ দালালক উৎখাত কৰাৰ অভিযান চলোৱাৰ পিছত মাটিৰ দালালক সুধি চৰকাৰে ৰাজহ বিধি-ব্যৱস্থা প্ৰণয়ন কৰিব বুলি কৰা ৰাজহুৱা ঘোষণাই প্ৰশাসনিক ব্যৱস্থাৰ প্ৰতি অপমান কৰিছে (Jagadish Bhuyan criticized CM Himanta Biswa Sarma) ।

Basundhara 2 Mission : মাটিৰ দালালেহে নিয়ন্ত্ৰণ কৰিছে ৰাজ্যৰ চৰকাৰী ব্যৱস্থা : অজাপ

নিষ্ঠাৰে কাম কৰা বিষয়া-কৰ্মচাৰীৰ বাবে ই হতাশাজনক (Assam Govt Basundhara 2 Mission) । তদুপৰি, মণ্ডলৰ পৰা মুখ্য সচিবলৈকে মুখ্যমন্ত্ৰীয়ে সকলো কাম নিজেই কৰাৰ মানসিকতাটো গণতন্ত্ৰৰ বাবে ভয়াৱহ বুলি উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকগৰাকীয়ে । আনহাতে, নিজৰ দলৰ বিধায়কক মাটিৰ দালাল হিচাপে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাকৈ স্বীকৃতি দিয়া বুলিও মন্তব্য কৰে । তেওঁ লগতে কয় যে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ নিশ্চিত কৰাৰ পৰামৰ্শ আগবঢ়াবলৈ গঠিত হৰিশংকৰ ব্ৰহ্ম কমিটীয়ে অসমত খিলঞ্জীয়াৰ হাতৰ পৰা ভূমি সম্পত্তি ক্ৰমে ওলাই যোৱাৰ ছবিখন দাঙি ধৰি ৰাজ্য চৰকাৰক এলানি পৰামৰ্শ দিছিল (Harisankar Brahma committee for land rights) ৷

কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে সেই দিশত অকণমানো অগ্ৰসৰ হোৱা নাই ৷ তাৰ সলনি ৰাজ্যৰ পৰম্পৰাগত ভূমিনীতিক আওকাণ কৰি নিজ ইচ্ছা মতে ভূমি সংস্কাৰৰ নামত অসমৰ থলুৱাৰ মাটি বহিৰাগত পুঁজিপতি গোষ্ঠীসমূহৰ হাতত গতাই দিয়াৰ বাট প্ৰশস্ত কৰিছে ৷ তদুপৰি, একচনীয়া মাটি আৰু ৰায়তৰ প্রসঙ্গত মুখ্যমন্ত্ৰীয়ে ভুল ব্যাখ্য আগবঢ়োৱা বুলিও জগদীশ ভূঞাৰ মন্তব্য । তেওঁ কয়, মুখ্যমন্ত্রীয়ে একচনীয়া আৰু ৰায়ত শব্দকেইটা থকাৰ বাবে দীর্ঘদিন ধৰি চৰকাৰে বিপুল পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হোৱা বুলি কৈছে ।

মুখ্যমন্ত্ৰীৰ এই বক্তব্য সত্যৰ অপলাপ আৰু চমক সৃষ্টিৰ অপপ্রয়াস মাথোন । কিয়নো একচনীয়া পট্টা আৰু ৰায়ত, ৰায়তী আইন- এইবোৰ কেৱল একোটা শব্দ নহয় । চৰকাৰে প্রণয়ন কৰা আইনৰ ব্যৱস্থাৱলীৰ অন্তৰ্ভুক্ত বিধিসন্মত সংজ্ঞা । ৰাজহৰ পৰা বঞ্চিত হোৱাৰ কথাটোও গোকাট মিছা বুলি দাবী কৰে জগদীশ ভূঞাই । কিয়নো ম্যাদী পট্টা আৰু একচনীয়া পট্টা দুয়োবিধ পট্টাৰে মাটিৰ খাজনা চৰকাৰে আদায় কৰে । উভয় ক্ষেত্রতে খাজানাৰ নিৰিখ তথা মাটিৰ শ্ৰেণী অনুসাৰে একে ।

ম্যাদী মাটিৰ জমাবন্দীৰ (Record of Rights) দৰে একচনীয়া মাটিৰো জমাবন্দী থাকে । একমাত্র পার্থক্যটো হৈছে এয়ে যে একচনীয়া মাটি পট্টাদাৰে হস্তান্তৰ কৰিব নোৱাৰে । আইন অনুসাৰে সেই মাটি ‘এন আৰ চৰকাৰী’ (Non Renewal Govt) কৰাৰ আইনী ব্যৱস্থা আছে । নতুনকৈ কৰা 'বসুন্ধৰা-২'ৰ অনুগ্রহ নহয় । একচনীয়া মাটিৰ বিলুপ্তিকৰণৰ নীতি চৰকাৰৰ অতি পুৰণি নীতি । এয়া কাৰ্যকৰী কৰিব নোৱাৰাটো চৰকাৰৰ বিফলতা বুলি অভিযোগ অজাপৰ সাধাৰণ সম্পাদকগৰাকীৰ ।

পৰ্বত-পাহাৰৰ একচনীয়া মাটি, নদী-ৰাস্তাৰ কাষৰীয়া একচনীয়া মাটি, খনিজ সম্পদ থকা একচনীয়া মাটি ম্যাদী ভূমি নীতিয়ে নিৰুৎসাহিত কৰিছে ৷ তেনে মাটি ‘বসুন্ধৰা-২’ৰ যোগেদি ম্যাদীকৰণ কৰাটো ৰাজহুৱা স্বাৰ্থৰ পৰিপন্থী ৷ আনহাতে, তেওঁ কয় যে ‘বসুন্ধৰা-১’ সম্পূৰ্ণ সফল হোৱা বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে যদিও তাৰ ভিত্তি সন্দেহজনক ৷ কাৰণ ৮ লাখ আবেদনৰ ৬ লাখ নিস্পত্তি কৰাৰ ঢাক-ঢোল বজালেও এই ৬ লাখৰ নিস্পত্তিৰ গুণগত মানদণ্ড কিমান, সেইটো ৰাজহুৱা হোৱা প্ৰয়োজন ৷

জনা মতে, বিষয়া-কৰ্মচাৰীয়ে শেষৰ দিনালৈকে নিষ্পত্তিৰ কোনো নিষ্ঠাপূৰ্বক প্রয়াস নকৰি পেলাই থৈ শেষৰ এদিন বা দুদিনত আবেদনবোৰ অগ্রাহ্য (Rejected) কৰা বুলি মোবাইলত বার্তা দি কাম সমাপ্ত কৰিছে । চৰকাৰে ৬ লাখৰ ভিতৰত কিমান আবেদনৰ ‘অগ্রাহ্য নিষ্পত্তি’ সাধন কৰি অসাধাৰণ কৃতিত্ব দাবী কৰিবলৈ বিচাৰিছে তাৰ এটা সমীক্ষা কৰি ৰাজহুৱা কৰিবলৈ দাবী জনায় জগদীশ ভূঞাই । লক্ষ্যণীয় যে অসম চৰকাৰে ইতিমধ্যে ‘পঞ্জীয়ন আইন’ৰ (Registration Act) ২১ (এ) নং ধাৰা সংশোধন কৰি ২১ (বি) ধাৰা সংযোগ কৰি মাটি-বাৰী ক্ৰয়-বিক্ৰয় বা হস্তান্তৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ আগতীয়া অনুমতি লোৱা ব্যৱস্থাটোৰ কাৰ্যকাৰিতা বিলুপ্তপ্ৰায় কৰিছে ৷

ফলত এতিয়া যিকোনো ব্যক্তিয়ে (যিকোনো অযোগ্য বা আনকি বিদেশী লোকেও) বিনা বাধাই বিল্ডিং, ফ্লেট, এপাৰ্টমেণ্ট, ষ্ট্ৰাকচাৰৰ গইনা লৈ মাটি ক্ৰয়-বিক্ৰয় বা হস্তান্তৰ কৰিব পাৰিব ৷ ৰাজ্য চৰকাৰে এই কাৰ্য বহিৰাগত বণিক গোষ্ঠীৰ স্বাৰ্থত যে কৰিছে সেয়া নিশ্চিত বুলিও প্ৰকাশ কৰে জগদীশ ভূঞাই ৷ আনহাতে, অসম জাতীয় পৰিষদে চৰকাৰৰ উক্ত খিলঞ্জীয়াবিৰোধী কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত একচনীয়া মাটি নোহোৱা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা ঘোষণা অসমৰ থলুৱা দৰিদ্ৰ জনসাধৰণৰ বিপক্ষে গৈছে বুলি মন্তব্য অজাপৰ । ইয়াৰ দ্বাৰা দৰিদ্ৰ কৃষক সমাজৰ ভূমি হস্তগত কৰি পুঁজিপতিক গতোৱাৰ চৰকাৰী কৌশল অধিক কটকটীয়া হ’ল বুলি মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ।

লগতে পঢ়ক :Millet mission in Assam: এইবাৰ চৰকাৰক ধান বেচি কৃষকে পাব প্ৰতি কুইন্টলত 2040 টকা

Last Updated :Nov 16, 2022, 7:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.