ETV Bharat / state

India Srilanka One Day Series : বৰ্ষাপাৰাত ভাৰত শ্ৰীলংকাৰ এদিনীয়া মেচৰ প্ৰস্তুতি তু্ংগত

author img

By

Published : Jan 6, 2023, 6:30 PM IST

ghy
ghy

বৰ্ষাপাৰাত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া মেচখনৰ প্ৰস্তুতি তু্ংগত । ভ্ৰমণৰত শ্ৰীলংকা দলৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচত অহা ১০ জানুৱাৰীত অৱতীৰ্ণ হ'ব ভাৰত (India Srilanka one day match in Guwahati) । ৮ জানুৱাৰীত গুৱাহাটীত উপস্থিত হ'বলগীয়া দল দুটা থাকিব ৰেডিছন ব্লু হোটেলত ।

ভাৰত শ্ৰীলংকা এদিনীয়া মেচৰ প্ৰস্তুতি সন্দৰ্ভত এচিএৰ সভাপতি

গুৱাহাটী, ৬ জানুবাৰী : গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ১০ জানুৱাৰীত অনুষ্ঠিত হ'ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ (India Srilanka one day match in Guwahati) ৷ ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া দিবা-নৈশ এদিনীয়া মেচখনক লৈ প্ৰস্তুতি তু্ংগত তুলিছে অসম ক্ৰিকেট সন্থাই (Assam Cricket Association) ।

সন্থাৰ সভাপতি তৰংগ গগৈয়ে সংবাদ মাধ্যমৰ আগত মেচখনৰ প্ৰস্তুতিৰ বিষয়ে কয় যে টি-২০ শৃংখলা অন্ত পৰাৰ পিছত ৮ জানুৱাৰীত গুৱাহাটী পাবহি দুয়োটা দল আৰু তেওঁলোক থাকিব ৰেডিছন ব্লু হোটেলত (radisson Blu Hotel Guwahati) ৷ অৱশ্যে বৰ্তমান টি-২০ দলত নথকা ভাৰতীয় দলৰ কেইগৰাকীমান খেলুৱৈ ৭ জানুৱাৰীতে গুৱাহাটীত আহি উপস্থিত হ’ব ৷

গুৱাহাটীত উপস্থিত হোৱাৰ পিছত ৯ জানুৱাৰীত দুয়োটা দলে বৰ্ষাপাৰাত অনুশীলন কৰিব (Guwahati Barsapara cricket stadium) । ৯ জানুৱাৰীৰ বিয়লি ১ বজাৰ পৰা ৪ বজালৈ শ্ৰীলংকাই আৰু ভাৰতীয় দলে ৫ বজাৰ পৰা ৮ বজালৈ অনুশীলন কৰিব ৷ উল্লেখ্য, ইয়াৰ পূৰ্বে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচখনত কাৰিকৰী বিজুতিৰ বাবে খেলৰ মাজতে লাইট বন্ধ হৈ গৈছিল । সেয়ে টেণ্ডাৰিঙৰ যোগেদি পুৰণা লাইট সলনি কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি কয় তৰংগ গগৈয়ে ৷

অৱশ্যে পুৰণা লাইটৰ যোগেদিয়েই এইবাৰৰ খেল অনুষ্ঠিত হ’ব ৷ এই মেচখনৰ পিছতহে নতুন এল ই ডি লাইট লগোৱা হ’ব বুলি তেওঁ জনায় ৷ আনহাতে, এদিনীয়া মেচখনৰ বাবে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা দুটা পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে । এই এদিনীয়া মেচখন সফলভাৱে আয়োজন কৰিব বুলি উল্লেখ কৰি চলিত বছৰৰ শেষৰ পিনে ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ এখন খেল গুৱাহাটীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলিও জনায় সভাপতিগৰাকীয়ে ৷

"ভাৰতীয় দলৰ খেল অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে আৰু সেয়ে বিশ্বকাপৰ আগে আগে ষ্টেডিয়ামৰ সকলো মেৰামতিৰ কাম সম্পন্ন কৰি তোলা হ’ব ।" তেওঁ এনেদৰে কয় । ইফালে ভাৰত-শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া মেচখনৰ বাবে ১০ হাজাৰ টিকট ইতিমধ্যে বিক্ৰী হৈছে ৷ আনহাতে, বিগত বৰ্ষৰ অক্টোবৰ মাহত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত টি-২০ মেচখনৰ সময়ত খেলপথাৰত সাপ প্ৰৱেশ কৰাক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত মন্তব্য কৰি সভাপতি তৰংগ গগৈয়ে কয় যে এইবাৰ সাপ নোসোমাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এন জি অ’ক দায়িত্ব দিয়া হৈছে ৷

৩৫ হাজাৰ টকাৰ বিনিময়ত এই এন জি অ’টোক দায়িত্ব দিয়া হৈছে ৷ লগতে খেলপথাৰৰ প্ৰতিটো নলাতে ব্যৱহাৰ কৰা হ’ব ৰাসায়নিক দ্ৰব্য ৷ উল্লেখ্য যে অনলাইন এপ 'বুক মাই শ্ব'ৰযোগেদি টিকট বিক্ৰীৰ পিচত সাধাৰণ দৰ্শকৰ সুবিধাৰ্থে অফলাইনযোগেও টিকট বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে । অফলাইন যোগে ১০ হাজাৰ টিকট মুকলি কৰি দিয়া হৈছে । অসম ক্ৰিকেট সন্থাই নেহৰু ষ্টেডিয়ামত টিকট কাউণ্টাৰ এটা মুকলি কৰিছে । দিনৰ ১১ বজাৰ পৰা আবেলি ৬ বজালৈ কাউণ্টাৰত উপলব্ধ হ'ব খেলৰ টিকট ।

লগতে পঢ়ক :Cabinet Approves MDoNER Schemes : উত্তৰ পূৰ্বাঞ্চল উন্নয়ন আঁচনিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.