ETV Bharat / bharat

Cabinet Approves MDoNER Schemes : উত্তৰ পূৰ্বাঞ্চল উন্নয়ন আঁচনিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

author img

By

Published : Jan 6, 2023, 2:04 PM IST

DoNER
DoNER

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিসমূহৰ বাবে ১২৮৮২.২ কোটি টকা অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ (Union Cabinet approved Schemes of MDoNER) । ইয়াৰে ভিতৰত উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি আঁচনিৰ বাবে ব্যয় হ'ব 8139.5 কোটি টকা । আনহাতে, চলিত প্ৰকল্পসমূহৰ বাবে ব্য ধাৰ্য কৰা হৈছে ৩২০২.৭ কোটি টকা ।

নিউজ ডেস্ক, ৬ জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ১৫ সংখ্যক বিত্ত আয়োগৰ (২০২২-২৩-ৰ পৰা ২০২৫-২৬) ভাৰসাম্যৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ আঁচনিসমূহৰ বাবে ১২৮৮২.২ কোটি টকা ব্যয় ধাৰ্য কৰাত অনুমোদন জনাইছে (Union Cabinet approved Schemes of MDoNER) ।

Expenditure Finance Committee-ৰ (EFC) পৰামৰ্শৰ ওপৰত ভিত্তি কৰি উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি আঁচনিৰ (North East Special Infrastructure Scheme, NESIDS) বাবে ব্যয় হ'ব 8139.5 কোটি টকা । ইয়াৰে ভিতৰত আছে চলিত প্ৰকল্পবোৰৰ প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধতা । চলিত প্ৰকল্পসমূহৰ প্ৰতিশ্ৰুতিবদ্ধ দায়বদ্ধতাসহ 'এনইচিৰ আঁচনি'ৰ (Schemes of NEC) ব্যয় হ'ব ৩২০২.৭ কোটি টকা ।

অসমত বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (BTC), ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদ (DHATC) আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (KAATC) বাবে বিশেষ পেকেজৰ বাবে ব্যয় নিৰ্ধাৰণ কৰা হৈছে 1540 কোটি টকা । ইয়াৰে ভিতৰত বিটিচিৰ বাবে 500 কোটি টকা, কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ বাবে 750 কোটি টকা আৰু বিটিচি, ডিমা হাচাও আৰু কাৰ্বি আংলঙৰ পুৰণি পেকেজৰ বাবে 290 কোটি টকা অনুমোদন জনোৱা হৈছে । 100% কেন্দ্ৰীয় পুঁজিৰ সৈতে কেন্দ্ৰীয় খণ্ডৰ আঁচনি NESIDS-ক দুটা উপাদানেৰে পুনৰ গঠন কৰা হৈছে । সেই দুটা হৈছে NESIDS (পথ) আৰু NESIDS (পথ আন্তঃগাঁথনিৰ বাহিৰে অন্যান্য) ।

মন্ত্ৰালয়ৰ নতুন আঁচনি "Prime Minister’s Development initiative for the north eastern region- PM Devine" (6,600 কোটি টকাৰ ব্যয়ৰ সৈতে), যাক পূৰ্বতে অক্টোবৰ, 2022-ত পৃথকে অনুমোদন জনোৱা হৈছিল, তাৰ অধীনত আন্তঃগাঁথনি, সামাজিক বিকাশ আৰু জীৱিকা খণ্ডৰ অধীনত বৃহত্তৰ আৰু উচ্চ প্ৰভাৱ বিশিষ্ট প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে ।

ড'নাৰ মন্ত্ৰালয়ৰ (MDoNER) আঁচনিবোৰৰ উদ্দেশ্য হৈছে এফালে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগৰ প্ৰচেষ্টা আৰু আনফালে উত্তৰ-পূব অঞ্চলৰ ৰাজ্যসমূহে অনুভৱ কৰা প্ৰয়োজনীয়তা, সামৰি নোলোৱা উন্নয়ন/কল্যাণমূলক কাৰ্যকলাপৰ বাবে পৰিপূৰক কৰা ।

MDoNER আঁচনিবোৰে বিভিন্ন প্ৰকল্প গ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যক তেওঁলোকে অনুভৱ কৰা প্ৰয়োজনীয়তা অনুসৰি ব্যৱধান পূৰণত সমৰ্থন প্ৰদান কৰাত সহায় কৰে । উদাহৰণ স্বৰূপে, সংযোগ আৰু সামাজিক খণ্ডৰ ঘাটি হ্ৰাস কৰাৰ বাবে আন্তঃগাঁথনি বিকাশ কৰা আৰু অঞ্চলটোত জীৱিকা আৰু নিযুক্তিৰ সুযোগ বৃদ্ধি কৰা ।

পঞ্চদশ বিত্ত আয়োগৰ ম্যাদৰ ভাৰসাম্যৰ বাবে অনুমোদিত আঁচনিসমূহৰ সম্প্ৰসাৰণ অৰ্থাৎ 2025-26 বিত্তীয় বৰ্ষলৈকে নিয়াটোৱে প্ৰকল্প বাছনি, প্ৰকল্পসমূহৰ অনুমোদনৰ সময়ত দেখা দিয়া সমস্যা আৰু আঁচনিৰ সময়ছোৱাত প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত আঁচনিবোৰ ৰূপায়ণৰ বাবে উন্নত পৰিকল্পনা গ্ৰহণত সক্ষম কৰিব বুলি কোৱা হৈছে ।

লগতে পঢ়ক :Indias Biggest Hockey Stadium: ওড়িশাত দেশৰ সৰ্ববৃহৎ হকী ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.