ETV Bharat / bharat

Indias Biggest Hockey Stadium: ওড়িশাত দেশৰ সৰ্ববৃহৎ হকী ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ

author img

By

Published : Jan 6, 2023, 11:24 AM IST

ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে বৃহস্পতিবাৰে ৰুড়কেলাত দেশৰ সৰ্ববৃহৎ হকী ষ্টেডিয়াম বীৰচা মুণ্ডা আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়ামখন (Birsa Munda International Hockey Stadium) আনুষ্ঠানিকভাৱে উদ্বোধন কৰে (CM Naveen Patnaik inaugurates Hockey Stadium)৷

CM Naveen Patnaik inaugurates Indias Biggest Hockey Stadium at Rourkela
দেশৰ সৰ্ববৃহৎ হকী ষ্টেডিয়াম উদ্বোধন

নেশ্যনেল ডেস্ক, 6 জানুৱাৰী: ওড়িশাৰ ৰুড়কেলাত বৃহস্পতিবাৰে দেশৰ ভিতৰত সৰ্ববৃহৎ হকী ষ্টেডিয়াম (Indias Biggest Hockey Stadium)বীৰচা মুণ্ডা আন্তঃৰাষ্ট্ৰীয় হকী ষ্টেডিয়াম (Birsa Munda International Hockey Stadium)উদ্বোধন কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে ৷ ষ্টেডিয়ামখন উদ্বোধন কৰি মুখ্যমন্ত্ৰী পাটনায়কে কয় যে অহা 13 জানুৱাৰীৰ পৰা হ’বলগীয়া পুৰুষৰ এফ আই এইচ হকী বিশ্বকাপ 2023 ৰ পূৰ্বে ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে (CM Naveen Patnaik inaugurates Hockey Stadium)৷ ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামৰ (Kalinga Stadium in Bhubaneswar) পিছতে ৰুড়কেলাৰ নৱনিৰ্মিত এই ষ্টেডিয়ামখনে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশৰ বাবে এই ষ্টেডিয়ামখন ওড়িশাৰ ফালৰ পৰা এক উপহাৰ ৷ আগন্তুক পুৰুষ হকী বিশ্বকাপত ৰুড়কেলাই 44 খন খেলৰ ভিতৰত 20 খন খেল আয়োজন কৰিব ৷ ইফালে বিশ্বকাপৰ চূড়ান্ত খেলখনকে ধকি বাকী 24 খন খেল ভুৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ৷ উল্লেখ্য যে অহা 13 জানুৱাৰীত হ’বলগীয়া স্পেইনৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন খেল বীৰচা মুণ্ডা হকী ষ্টেডিয়ামত অনুষ্ঠিত কৰা হ'ব ৷

জনজাতীয় স্বাধীনতা সংগ্ৰামী বীৰচা মুণ্ডাৰ (Tribal freedom fighter Birsa Munda)নামেৰে নামাকৰণ কৰা নৱনিৰ্মিত ষ্টেডিয়ামখন 146 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ৷ বিজু পাটনায়ক প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ (বিপিইউটি) (Biju Patnaik University of Technology ) চৌহদত 15 একৰ ভূমিত নিৰ্মাণ কৰা ষ্টেডিয়ামখনত মুঠ 21,000 লোক বহিব পৰা ক্ষমতা আছে ৷ ওড়িশা ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়ন নিগমে (আইডিচিঅ') নিৰ্মাণ কৰা ষ্টেডিয়ামখনৰ যোৱা 2021 চনৰ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী নবীন পাটনায়কে আধাৰশিলা স্থাপন কৰিছিল ৷

এফআইএইছৰ মুৰব্বী মোঃ তায়াব ইক্ৰামে এই ষ্টেডিয়ামখন নিৰ্মাণৰত অৱস্থাতে পৰিদৰ্শন কৰি কৈছিল যে "ই পৃথিৱীৰ ভিতৰতেই অন্যতম বৃহৎ ষ্টেডিয়াম ৷" ষ্টেডিয়ামখনত মুখ্য টাৰ্ফৰ বাহিৰেও, মুখ্য ষ্টেডিয়াম, ফিটনেছ চেণ্টাৰ, হাইড্ৰ'থেৰাপী পুল, ড্ৰেছিং আৰু চেঞ্জিং ৰুম, সংযোগী সুৰংগ আৰু পাঁচ তাৰকা আৱাস, দুশ পঞ্চাশটা কোঠাৰ এটা অনুশীলন টাৰ্ফ আছে য'ত চাৰিশ খেলুৱৈ থাকিব পাৰিব ৷ ষ্টেডিয়ামখনত ছয়খনকৈ প্ৰৱেশ আৰু প্ৰস্থানৰ দ্বাৰ আছে ৷ ইয়াৰ উপৰিও দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ বাবে বৃহৎ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে ৷

স্মৰ্তব্য যে ৰাজ্যখনত একেৰাহে দ্বিতীয়বাৰৰ বাবে পুৰুষৰ হকী বিশ্বকাপ আয়োজন কৰা হ’ব ৷ 2018 চনত প্ৰথমবাৰৰ বাবে ওড়িশাত হকী বিশ্বকাপ অনুষ্ঠিত হৈছিল ৷ হকী বিশ্বকাপৰ লগত সংগতি ৰাখি পাটনায়কে 'ওড়িশাৰ হকী' শীৰ্ষক এখন পুথিও উন্মোচন কৰিছিল ৷ এই পুথিখনত সুন্দৰগড়ত হকীৰ ইতিহাস আৰু ভাৰতৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰচাৰত ওড়িশাৰ ভূমিকাৰ বিষয়ে বিষদভাৱে উল্লেখ কৰা হৈছে ৷

আনহাতে ইয়াৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী পাটনায়কে ৰুড়কেলাত 'মো বাছ' (মোৰ বাছ) সেৱাও উদ্বোধন কৰে ৷ এই বাছসেৱাৰ অধীনত কেৱল 30 খনকৈ বাছ কেৱল হকী খেলৰ বাবে ব্যৱহৃত হ’ব ৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বকাপ ভিলেজ উদ্বোধন কৰি বিশ্বকাপ হকী জয় কৰা ভাৰতীয় হকী দলৰ প্ৰতিজন খেলুৱৈৰ বাবে 1 কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে ভাৰতীয় প্ৰতিযোগীসকলৰ মনোবল বঢ়াবলৈ খেলুৱৈসকলৰ সৈতেও বাৰ্তালাপ কৰিছিল ৷

লগতে পঢ়ক: Human computer Vanshika talent: ফ্ৰান্সৰ ৰাজকুমাৰো যাৰ প্ৰশংসাত পঞ্চমুখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.