ETV Bharat / state

Joint meeting of BJP AGP UPPL Spokespersons : বড়োলেণ্ড অতিথিশালাত বিজেপি, অগপ আৰু ইউ পি পি এল দলৰ মুখপাত্রসকলৰ যৌথ সভা

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:14 PM IST

শনিবাৰে খানাপাৰাস্থিত বড়োলেণ্ড অতিথিশালাত বিজেপি, অগপ আৰু ইউ পি পি এল দলৰ মুখপাত্র সকলৰ এখন যৌথ সভা অনুষ্ঠিত হৈ যায় ৷ সভাত দল তিনিটাৰ মুখপাত্র তথা শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ৷

Important Joint Meeting of the Spokespersons
যৌথ সভা

বড়োলেণ্ড অতিথিশালাত বিজেপি মিত্ৰজোঁটৰ মুখপাত্ৰসকলৰ যৌথ সভা

গুৱাহাটী ১৬ ছেপ্টেম্বৰ : বিজেপি, অগপ আৰু ইউ পি পি এল দলৰ মুখপাত্র তথা শীৰ্ষ নেতৃত্বৰ উপস্থিতিত শনিবাৰে খানাপাৰাস্থিত বড়োলেণ্ড অতিথিশালাত এখন যৌথ সভা অনুষ্ঠিত হৈ যায় ৷ এই সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক সাংসদ পল্লব লোচন দাস, মুখপাত্র মনোজ বৰুৱা, সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল, অগপৰ উপ সভাপতিদ্বয় দিলীপ পাটগিৰী, সুনীল ডেকা, সাধাৰণ সম্পাদক মনোজ শ‍ইকীয়া, তথ্য আৰু প্ৰচাৰ সম্পাদক ড০ তপন দাস, ইউ পি পি এলৰ হৈ বিটিচিৰ তিনিগৰাকী কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, উইলচন হাজদা, ৰাকেশ ব্রহ্ম, বিধায়ক জলেন দৈমাৰীৰ লগতে তিনিওটা দলৰ মুখপাত্ৰ আৰু পেনেলিষ্টসকল উপস্থিত থাকে ৷

এই সভাৰ পিছতে তিনিওটা দলৰ মুখপাত্ৰ সকলে সংবাদমেল সম্বোধন কৰি আজিৰ যৌথ সভাখনিৰ বিষয়ে বৰ্ণনা কৰি কয় যে, প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশৰ উন্নয়ন আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্র ৰাজ্যৰ উন্নয়নৰ অৰ্থে বহুটো কল্যাণকামী পদক্ষেপ গ্ৰহণ কৰিছে ৷ অনাগত দিনত তিনিওটা দলেই সমূহীয়াভাৱে এন ডি এ চৰকাৰৰ কল্যাণকামী পদক্ষেপসমূহ ৰাইজৰ মাজলৈ কঢ়িয়াই নিব ৷

আজিৰ সভাই তিনিওটা দলৰ কাৰ্যকৰ্তাৰ মাজত অধিক সক্রিয়তা গঢ়ি তুলিবলৈ আগন্তুক দিনত এখন কর্মশালা আয়োজন কৰাৰ লগতে দল তিনিটাৰ ৰাজ্যিক সভাপতিত্রয়, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এখন সন্মিলিত সাংগঠনিক সভাৰ আয়োজনৰ পোষকতা কৰে ৷ সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি তিনিওটা দলৰ মুখপাত্র তথা সংবাদ বিভাগে ৰাজ্যিক পৰ্যায়ৰ দৰে জিলা পর্যায়তো সন্মিলিতভাবে কাম কৰি যাব বুলিও আজি অনুষ্ঠিত হোৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৭ ছেপ্টেম্বৰত ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱন আৰু ১৩ ছেপ্টেম্বৰত অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত দুয়োটা দলৰ মুখপাত্ৰ আৰু শীর্ষ নেতৃত্বৰ উপস্থিতিত দুখন সম্মিলিত বৈঠক অনুষ্ঠিত হৈছিল ৷

লগতে পঢ়ক : Deepor Beel: অৱহেলিত দীপৰ‌ বিল; দীপৰ‌ বিলৰ‌ উন্নয়ন সম্পৰ্কত বিধানসভাত সাত বছৰে একেটা উত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.