ETV Bharat / state

Illegal Coal Mining in Assam: কয়লাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ

author img

By

Published : Dec 22, 2022, 5:12 PM IST

Illegal coal trade going in Assam under CM Himanta Biswa Sarma, MLA Akhil Gogoi has alleged
কয়লাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ

"মই আৰ টি আইৰ জৰিয়তে পোৱা তথ্য মতে ৰে’লৱেৰ জৰিয়তে অসমৰ পৰা বছৰি ৮ লাখ মেট্ৰিক টন কয়লা ৰপ্তানি হয় । ইয়াৰ পৰা দেখা যায় যে অসমত বছৰি ২২ লাখ মেট্ৰিক টন কয়লাৰ ব্যৱসায় হয় । কিন্তু চৰকাৰৰ তথ্য মতে অসমত বছৰি মাত্ৰ ২ লাখ মেট্ৰিক টন কয়লা উৎপাদন হয় । গতিকে ইয়াৰ‌ পৰা ক’ব পাৰি যে অসমত বছৰি ৪০ হাজাৰ‌ কোটি টকাৰ ২০ লাখ মেট্ৰিক টন কয়লা অবৈধ বৱসায় হয় । এই ব্যৱসায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত হয় ।" বৃহস্পতিবাৰে বিধানসভাৰ তৃতীয় দিনৰ অধিৱেশনৰ অন্তত বিধানসভাৰ চৌহদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ৷

কয়লাৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ

গুৱাহাটী, 22 ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত কয়লাৰ অবৈধ ব্যৱসায় চলি আছে বুলি বিধায়ক অখিল গগৈয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । বৃহস্পতিবাৰে বিধানসভাৰ তৃতীয় দিনৰ অধিৱেশনৰ (Assam Assembly Winter Session) অন্তত বিধানসভাৰ চৌহদৰ বাহিৰত সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে উত্থাপন কৰে এই অভিযোগ (MLA Akhil Gogoi allegation against Himanta Biswa Sarma ) ৷

বিধায়ক অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত ৰাজ্যত কয়লাৰ ব্যাপক অবৈধ খনন আৰু কয়লাৰ অবৈধ ব্যৱসায়ী চলি আছে (Illegal coal trade in Assam) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত বছৰি ২০ লাখ মেট্ৰিক টন কয়লাৰ অবৈধ ব্যৱসায়ী চলি আছে ।

তেওঁ লগতে অভিযোগ উত্থাপন কৰি কয় যে এই ২০ লাখ মেট্ৰিক টন কয়লাৰ দাম ৪০ হাজাৰ কোটি টকা (Akhil Gogoi Reaction on Illegal Coal Mining)। অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত কয়লাৰ অবৈধ ব্যৱসায়ৰ নামত বছৰি ৪০ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত হৈ আছে । এই টকাৰে মুখ্যমন্ত্ৰী, কেইগৰাকীমান কেবিনেট মন্ত্ৰী, কেইগৰাকীমান বি জে পিৰ বিধায়ক, বি জে পি দলটো আৰু আৰ এছ এছ সংগঠনটো চলি আছে ।

উল্লেখ্যযোগ্য যে অখিল গগৈয়ে আজি বিধানসভাত ৰাজ্যত কয়লাৰ অবৈধ খননৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল । বিধানসভাত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দিয়া প্ৰশ্ন উত্তৰৰ আত ধৰি অখিল গগৈয়ে কয়, "চৰকাৰৰ অনুমতি অনুযায়ী অসমত লিডু আৰু মাৰ্ঘেৰিটাৰ পাচটা ঠাইত Coal india limited য়ে খনন কৰি আছে । বছৰি Coal india limited য়ে তাৰ পৰা 2 লাখ মেট্টিক টন কয়লা উৎপাদন কৰে । কিন্তু বছৰি অসমৰ ৯৯৮ টা চাহ উদ্যোগে ৫ লাখ ২৩ হাজাৰ ৯৫০ মেট্টিক টন, ১১১২ টা ইটা উদ্যোগে ৫ লাখ ৫৬ হাজাৰ মেট্ৰিক টন আৰু কেচা কয়লা ভাটাত ৩ লাখ ৩৯ হাজাৰ ২৩০ মেট্ৰিক টন কয়লা ব্যৱহাৰ কৰি আছে (Illegal Coal Mining in Assam)।"

তেওঁ লগতে কয়,"মই আৰ টি আইৰ জৰিয়তে পোৱা তথ্য মতে ৰে’লৱেৰ জৰিয়তে অসমৰ পৰা বছৰি ৮ লাখ মেট্ৰিক টন কয়লা ৰপ্তানি হয় । ইয়াৰ পৰা দেখা যায় যে অসমত বছৰি ২২ লাখ মেট্ৰিক টন কয়লাৰ ব্যৱসায়ী হয় । কিন্তু চৰকাৰৰ তথ্য মতে অসমত বছৰি মাত্ৰ ২ লাখ মেট্ৰিক টন কয়লা উৎপাদন হয় । গতিকে ইয়াৰ‌পৰা ক’ব পাৰি যে অসমত বছৰি ৪০ হাজাৰ‌ কোটি টকাৰ ২০ লাখ মেট্ৰিক টন কয়লা অবৈধ বৱসায়ী হয় । এই বৱসায়ী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত হয় ।"

লগতে পঢ়ক: Assam Assembly Winter Session : অসমৰ ভূমি ৰক্ষা কৰিবলৈ গৈ বহিষ্কাৰ হ'লোঁ: অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.