ETV Bharat / state

Coal syndicate: সত্য ঘটনাক উপস্থাপনৰ পৰা বিৰত আছে সংবাদ গোষ্ঠী: অজাপ

author img

By

Published : Jan 22, 2023, 4:41 PM IST

Illegal coal mining still going on in Assam: AJP
সত্য ঘটনাক উপস্থাপনৰ পৰা বিৰত আছে সংবাদ গোষ্ঠী

কয়লাৰ অবৈধ খনন আৰু পৰিবহনক লৈ সংবাদমেলত সৰৱ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । লক্ষ্য কৰি ল'লে সংবাদ মাধ্যমৰ মালিকপক্ষকো । অবৈধ কয়লা খনন আৰু পৰিবহন তৎকালে বন্ধ কৰিবলৈ দাবী । ক্ষেত্রভিত্তিক পর্যবেক্ষণৰ বাবে বিচৰা অনুমতি শীঘ্ৰে প্ৰদানৰ দাবী এজেপিৰ(AJP President Lurinjyoti gogoi) ৷

সত্য ঘটনাক উপস্থাপনৰ পৰা বিৰত আছে সংবাদ গোষ্ঠী

গুৱাহাটী,২২ জানুৱাৰী: ৰাজ্যত অব্যাহত থকা কয়লা ছিণ্ডিকেটৰ প্ৰসংগক লৈ পুনৰ সৰৱ অসম জাতীয় পৰিষদ চমুকৈ এজেপি(Coal syndicate in Assam) । দেওবাৰে এজেপিৰ গুৱাহাটীস্থ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৰাজ্যত অব্যাহত থকা কয়লাৰ অবৈধ খনন আৰু পৰিবহন শীঘ্ৰে বন্ধ কৰাৰ বাবে দাবী জনায় । তেওঁ কয় যে ইয়াৰ পূৰ্বে অসমৰ তিনিচুকীয়া আৰু কাৰ্বি আংলং-ডিমা হাচাওকে ধৰি কেইবাখনো জিলাত ৰেট হল মাইনিঙৰ জৰিয়তে ব্যাপক হাৰত অবৈধ কয়লাৰ খনন আৰু সৰবৰাহ চলি থকাৰ বিষয়টো এজেপিয়ে সংবাদমেলযোগে ৰাজহুৱা কৰিছিল(AJP President Lurinjyoti gogoi) ।

অসমৰ কোন কোন ঠাইত কেনেদৰে কয়লাৰ অবৈধ খনন চলি আছে, ক'ৰ পৰা ক'লৈ অবৈধ সৰবৰাহ হয়, উক্ত খনন আৰু সৰবৰাহৰ লগত কোন কোন ব্যক্তি জড়িত, খনন আৰু সৰবৰাহৰ বাবত দিছপুৰৰ উদ্দেশ্যে কিমান টকা ছিণ্ডিকেটৰ ধন সংগ্ৰহ কৰা হয়, কোনগৰাকী দিছপুৰীয়া 'ওপৰৰ নেতা'ৰ তত্বাৱধানত এই গোটেই প্রক্রিয়া চলি আছে তাৰ সমস্ত তথ্য এজেপিয়ে ৰাজহুৱা কৰিছিল । অবৈধ ৰেট হল মাইনিঙৰ কামত নিয়োজিত হৈ বহুকেইগৰাকী শ্ৰমিকৰ ইতিমধ্যে মৃত্যু হোৱাৰ বিষয়েও ৰাজহুৱা কৰা হৈছিল(Illegal Coal Mining in Assam) ।

কিন্তু দুর্ভাগ্যজনকভাৱে চৰকাৰে এতিয়ালৈকে উক্ত খনন আৰু সৰবৰাহ বন্ধৰ ব্যৱস্থা নকৰিলে । আনকি কোনো তদন্তও ঘোষণা নকৰিলে বুলি তেওঁ সদৰি কৰে । আনহাতে সংবাদ মাধ্যমক লক্ষ্য কৰি তেওঁ কয় যে সংবাদ গোষ্ঠীয়েও বহু ক্ষেত্রত আপোচ কৰা পৰিলক্ষিত হৈছে । সত্য ঘটনাক উপস্থাপনৰ পৰা বিৰত থকা দেখা গৈছে । আনকি তেওঁ 'হাজৰিকা' উপাধিৰ ওপৰৰ এজন নেতাই সংবাদ মাধ্যমৰ মালিকপক্ষক ফোন কৰি নিৰ্দেশনা দিয়াৰ অভিযোগো উত্থাপন কৰে ।

তেওঁ লগতে কয় যে এজেপিয়ে ক্ষেত্রভিত্তিক পর্যবেক্ষণেৰে ৰাজ্যৰ প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ বিষয়ত জনমত গঠন আৰু সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভাগত কোন কোন ঠাইত কেনেদৰে ৰেট হল মাইনিঙৰ জৰিয়তে অবৈধভাৱে কয়লা খনন আৰু মজুতকৰণ চলি আছে সেয়া চৰকাৰ-প্ৰশাসনক দেখুওৱাই দিয়াৰ উদ্দেশ্যে এজেপিয়ে টিৰাপ, টিপং আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলৰ অভ্যন্তৰলৈ এশজনীয়া দলীয় প্রতিনিধি গোটক সংবাদ মাধ্যমৰ প্রতিনিধিসহ প্ৰৱেশৰ অনুমতি বিচাৰি ২৭ ডিচেম্বৰত তিনিচুকীয়াৰ জিলা উপায়ুক্ত আৰু মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ ওচৰত আবেদন দাখিল কৰিছিল । কিন্তু এইক্ষেত্রত ১০ জানুৱাৰীত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিয়ে দলৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি-সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰি মাত্র ১০ গৰাকী
ব্যক্তিকহে প্ৰৱেশৰ অনুমতি দিয়া বুলিহে অৱগত কৰিছে ।

প্রশাসনৰ উক্ত আচৰণৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ কয় যে দিছপুৰৰ ইংগিতত মাৰ্ঘেৰিটা প্রশাসনে কয়লা খনন, মজুতকৰণ আৰু সৰবৰাহৰ গোটেই বিষয়টো গাপ দিয়াৰ উদ্দেশ্যে এনেদৰে বিধিপথালিৰ সৃষ্টি কৰিছে । ৰাজহুৱা অভিযোগ অনুসৰি ব্যাপক প্রতিক্ৰিয়া আৰু প্ৰতিবাদ স্বত্বেও জাগুন, টিপং, লিডু, মাৰ্ঘেৰিটা, জিচুবাই, কয়লাজান, লার্বো, আৰ্ধা আদি ঠাইত অবৈধ কয়লাৰ ৰেট হল মাইনিং আৰু সৰবৰাহ অব্যাহত আছে বুলি তেওঁ সদৰী কৰে । আনকি সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভাগত বিভিন্ন ঠাইত কয়লা খনন আৰু মজুতকৰণ (ডিপো) অব্যাহত থকাৰ তথ্যৰ বিষয়েও তেওঁ উল্লেখ কৰে ।

তেওঁ কয় যে টিপং সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন ঠাইত খনন কৰি লাল পাহাৰ নদীৰ ওচৰত ডিপো পাতি অবৈধ কয়লা মজুত কৰি ৰখা হৈছে ৷ এই কাৰ্যৰ লগত জড়িতসকলৰ অন্যতম হ'ল, ৰাজু খান, যোগেশ মাউত, বিকি পণ্ডিত, ৰাণা, গোবিন ছেত্ৰী, ৰাজা গগৈ, কুণ্ডু আৰু সুনীল গুৰুং । আনহাতে, টিপং ফায়াৰিং ৰেঞ্জত ২৫ টা অবৈধ কয়লা ডিপো আছে ৷ ইয়াৰ লগত জড়িতসকলৰ অন্যতম হ'ল কাজল দেৱনাথ, কুশল সিং আৰু ৰাজা গগৈ । সেইদৰে লিডুত বি গণেশ, বাদল দত্ত, খান, পার্থ, নগেন্দ্ৰ, অজয় ভৌমিক, টিকাৰাম, পিটকা আদি লোকৰ নামত অবৈধ কয়লা ডিপো আছে ।

তেওঁ অভিযোগ কৰা মতে অৰুণাচল প্ৰদেশৰ চাংলাঙৰ ওচৰত ডি জি ছেট বহুৱাই নিশাৰ ভাগতো অবৈধ খনন চলাই থকা হৈছে । খননস্থলীত চি চি কেমেৰাও স্থাপন কৰিছে । লিডু ডীপমাইনত বি গণেশ নামৰ লোকজনৰ ডি জি ছেট আৰু চি চি কেমেৰা সংস্থাপনেৰে কেইবাশ ফুট তলত খনন চলাই থকা হৈছে । এই কাৰ্যত সহস্রাধিক শ্রমিক নিয়োজিত হৈ আছে । আনহাতে হাজাৰ হাজাৰ মিনি ট্রাক আৰু পিক আপ ভান ব্যৱহাৰ কৰি উক্ত কয়লা সৰবৰাহ কৰি থকা হৈছে । কয়লা সৰবৰাহত ব্যৱহাৰ হোৱা প্ৰায়সমূহ গাড়ীত নম্বৰপ্লেট নাথাকে ।

কয়লা সৰবৰাহত ভূটানত পঞ্জীয়নভুক্ত ট্রাকো ব্যৱহাৰ কৰা হৈছে বুলি তেওঁ সদৰী কৰে । কয়লা খননৰ বাবে অসংখ্য ফ'কলেন ব্যৱহাৰ কৰি থকা হৈছে । মেঘালয়ৰ পৰা দৈনিক অর্ধশতাধিক অবৈধ কয়লাভর্তি ট্রাক অসমত প্ৰৱেশ কৰে । মেঘালয়ৰ বৰ্ণিহাটৰ পৰা যোৰাবাটৰ মাজত এই ট্রাকসমূহ ৰৈ থাকে আৰু যোৰাবাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ইংগিত পোৱাৰ লগে লগে ট্রাকসমূহ বিশেষকৈ নিশাৰ ভাগত অসমত প্ৰৱেশ কৰে ।

ট্রাকসমূহৰ নম্বৰ আৰক্ষী বিষয়াগৰাকীৰ হোৱাটছআপ নম্বৰত অজ্ঞাত উৎসৰ পৰা আহে আৰু তাৰ ভিত্তিত তেওঁ কয়লাৰ ট্ৰাকসমূহ পাৰ কৰোৱায় । তেওঁ কয় যে কয়লা খনন আৰু পৰিবহন সেউজ ন্যায়াধিকৰণৰ দ্বাৰা নিষিদ্ধ হৈ থকাৰ হেতুকে ক'ক পৰিবহন কৰা বুলি দেখুৱাই মেঘালয়ত জি এছ টি-চালান কাটি তাৰ ভিত্তিত কয়লা পৰিবহন কৰা হয় । অবৈধ কয়লা খনন আৰু পৰিবহন তৎকালে বন্ধ কৰিবলৈ দাবী জনাই তেওঁ ক্ষেত্রভিত্তিক পর্যবেক্ষণৰ বাবে বিচৰা অনুমতি শীঘ্ৰে প্ৰদানৰো দাবী জনায় ।

লগতে পঢ়ক: Coal syndicate: সোণোৱাল চৰকাৰৰ দিনতকৈও এতিয়া বৃহৎ ছিণ্ডিকেট চলিছে : অজাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.