ETV Bharat / state

যোৰাবাটত স্বামীৰ চোকা অস্ত্ৰৰ আঘাতত আহত মহিলা

author img

By

Published : Aug 18, 2022, 8:49 PM IST

incidents of harassment of women increased in Assam
যোৰাবাটত স্বামীৰ চোকা অস্ত্ৰৰ আঘাতত আহত মহিলা

ৰাজ্য়ত যৌতুকৰ বাবে মহিলাৰ ওপৰত সঘনাই নিৰ্যাতনৰ ঘটনা (Incidents of women harassment increased in Assam)সংঘটিত হৈ আহিছে । সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পাৰিবাৰিক হিংসাৰ ঘটনা । ইয়াৰ মাজতে মহানগৰীৰ সাতগাঁৱৰ আমচিং যোৰাবাটত স্বামীৰ দাৰ ঘাপত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় এগৰাকী মহিলা ।

গুৱাহাটী,১৯ আগষ্ট: চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংগঠনে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি অহাৰ পিছতো ৰাজ্য়ত বৃদ্ধি হৈ আছে নাৰী নিৰ্যাতনৰ ঘটনা । বিশেষকৈ যৌতুকৰ বাবে মহিলাৰ ওপৰত সঘনাই নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে । ৰাজ্য়ৰ আন ঠাইৰ লগতে গুৱাহাটী মহানগৰীতো পুনৰ বৃদ্ধি পাব ধৰিছে পাৰিবাৰিক হিংসাৰ ঘটনা । শেহতীয়াকৈ মহানগৰীৰ সাতগাঁৱৰ আমচিং যোৰাবাটত সংঘটিত এনে এক ঘটনা পোহৰলৈ আহিছে(Husband attempt to murder his wife)।

ঘটনাৰ বিৱৰণি অনুসৰি পাৰিবাৰিক অশান্তিৰ পৰিণতিত উদণ্ড স্বামীৰ দাৰ ঘাপত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হ'ল এগৰাকী মহিলা । উক্ত ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্ত মজিবুৰ ৰহমান । ইপিনে, ভুক্তভোগী পৰিয়ালে বৃহস্পতিবাৰে সাতগাঁও আৰক্ষী থানত দাখিল কৰিছে এজাহাৰ ।

যোৰাবাটত স্বামীৰ চোকা অস্ত্ৰৰ আঘাতত আহত মহিলা

জানিব পৰা মতে, আমছিং যোৰাবাটৰ বাসিন্দা মহিবুৰ ৰহমানে হাফিজা বেগমৰ সৈতে ছয় বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল । কিন্তু বিয়াৰ পিছৰে পৰা যৌতুকজনিত কাৰণত মহিবুৰে পত্নী হাফিজাক দীৰ্ঘদিন ধৰি অকথ্য নিৰ্যাতন চলাই আহিছিল । বুধবাৰেও কোনো কথাক লৈ দুযোৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় । উত্থাপিত অভিযোগ অনুসৰি পত্নীয়ে ঘৰৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী স্বামীক আনিবলৈ কোৱাৰ বাবেই স্বামীয়ে হাফিজাক দাৰে মূৰ আৰু ভৰিত ঘপিয়াই গুৰুতৰ ভাৱে আহত কৰে ।

পিছত গুৰুতৰ ভাৱে আহত মহিলাগৰাকীক স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে । ইপিনে, দুই সন্তানৰ মাতৃ আহত হাফিজাক আক্ৰমণ কৰা ঘটনাৰ ন্য়ায় বিচাৰি স্থানীয় ৰাইজে আৰক্ষীক ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে দুধৰ্ষ অপৰাধী গেৰজাইয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.