ETV Bharat / state

Husband brutally killed wife: মই হাতুৰীয়ে মৰিয়াই তাইক মাৰি পেলালো: পত্নীৰ পৰিয়ালক স্বামীৰ অকপট স্বীকাৰোক্তি

author img

By

Published : Mar 5, 2023, 5:21 PM IST

Husband brutally killed wife in Guwahati
মই হাতুৰীয়ে মৰিয়াই তাইক মাৰি পেলালো- স্বামী

মহানগীৰত পুনৰ নৃশংস হত্যাকাণ্ড ৷ পাষাণ স্বামীয়ে হাতুৰীৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে পত্নীক (Husband brutally killed wife)৷

মই হাতুৰীয়ে মৰিয়াই তাইক মাৰি পেলালো- স্বামী

গুৱাহাটী, ৫ মাৰ্চ: ক্ৰমাৎ অপৰাধৰ ৰম্যভূমিলৈ পৰিণত হৈছে অসম (Crime cases increase in Assam) ৷ চলিত বৰ্ষত ইটোৰ পিটত সিটোকৈ হত্যাকাণ্ডই কঁপাইছে ৰাজ্য (Murder case in Assam)৷ শেহতীয়াকৈ অমৰজ্যোতি দে’ আৰু শংকৰী দে’ৰ ডাবল মাৰ্ডাৰৰ হত্যাকাণ্ডৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা (Bandana Kalita double murder case) ৷ গুৱাহাটীৰ ধীৰেণপাৰাৰ ডি কে পথত স্বামীৰ হাতুৰীৰ কোবত অকাল মৃত্যুক আঁকোৱালি ল’লে পত্নীয়ে ৷

হত্যাকাণ্ডটো সংঘটিত কৰি পাষাণ স্বামীয়ে পত্নীৰ পৰিয়ালক কয় "মই হাতুৰীৰে মৰিয়াই মৰিয়াই তাইক মাৰি পেলালো" (Husband brutally killed wife) ৷ ঘটনা অনুসৰি শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত প্ৰতিদিনৰ দৰে ভাত পানী খাই শুবলৈ লওঁতেই স্বামী নুৰুল হকৰ সৈতে কাজিয়া হৈছিল পত্নী চুফিয়া খাতুনৰ ৷ তাৰ পিচতে এই কাজিয়াই ভয়ংকৰ ৰূপ লয় (Guwahati Murder case) ৷ খঙত অগ্নিশৰ্মা স্বামীয়ে ঘৰত থকা হাতুৰীৰে মৰিয়াই মৰিয়াই হত্যা কৰে পত্নী চুফিয়াক ৷

পৰৱৰ্তী সময়ত দুয়োৰে 5 বছৰীয়া সন্তানটোৱে চিঞৰি চিঞৰি কান্দি থকাত চুবুৰীয়া লোকৰ সন্দেহ হয় ৷ চুবুৰীয়া লোকে তেওঁলোকৰ ঘৰলৈ আহি দুৱাৰ খোলোতেই চুফিয়াক মজিয়াত তেজেৰে লুতুৰি পুতুৰি হৈ পৰি থকা দেখি হতচকিত হৈ পৰে ৷ লগে লগে তেওঁলোকে চুফিয়াক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰে ৷ যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় চুফিয়াৰ ৷

বিগত প্ৰায় চাৰি মাহ ধৰি জহুৰ আলী নাম লোকজনৰ ঘৰত ভাৰাতীয়া হিচাপে বাস কৰিছিল নুৰুল হকৰ পৰিয়ালটোৱে ৷ পত্নীয় হত্যা কৰিয়েই ঘৰৰ পৰা পলায়ন কৰে পত্নীহন্তা নুৰুলে ৷ হত্যাকাণ্ড সংঘটিত কৰি চুফিয়া খাতুনৰ ককায়েকলৈ মেচেজ কৰি চুফিয়াক হত্যা কৰাৰ কথা জনাইছিল নুৰুল হকে (Killer husband escaped)। সম্প্ৰতি ঘটনা সন্দৰ্ভত চুফিয়াৰ পৰিয়ালে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

পলাতক নুৰুলক অতিশীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ আৰক্ষীক দাবী জনায় চুফিয়াৰ পৰিয়ালৰ লোকে। আৰ্থিক সমস্যাৰ বাবে পতি-পত্নীৰ মাজত সংঘাতৰ সৃষ্টিয়ে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰিছে বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: Sexual Harresment case in Sivasagar : শিৱসাগৰৰ নামতিত ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.