ETV Bharat / state

Assam accord: 6 নং দফা ৰূপায়ণৰ ভাৰ অৱশেষত ৰাজ্য চৰকাৰলৈ ঠেলিলে কেন্দ্ৰীয় চৰকাৰে

author img

By

Published : Jul 18, 2023, 1:23 PM IST

এতিয়া কি হ’ব অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদনৰ ? 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰহে বুলি দায় সাৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ তথ্য জনাৰ অধিকাৰৰ আইনৰ অধীনত কৰা এক আবেদনৰ উত্তৰত পোহৰলৈ আহিল এই তথ্য ৷

Assam accord implementation
Assam accord

গুৱাহাটী, 18 জুলাই : অসম চুক্তিৰ 6 নং দফা পৰিণত হৈছে এক কাহানিও ক্ষয় নোযোৱা শিললৈ ৷ চৰকাৰ আহে চৰকাৰ যায় ৷ অসম চুক্তিৰ 6 নং দফা ৰাজনীতিৰ মহুৰা হৈয়ে ৰয় ৷ ৰাজ্যৰ 7 বছৰীয়া বিজেপি চৰকাৰৰ শাসনকালতো 6 নং দফা ৰাজনীতিৰ পাশাগুটি হৈয়ে ৰ’ল । ‘‘অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ’’ – এই মন্তব্যৰে 6 নম্বৰ দফাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ঠেলিলে অসম চৰকাৰলৈ ৷

অসমীয়া জাতিৰ ‘সাংবিধানিক ৰক্ষাকৱচ’ বুলি অসমৰ বহুলোকে আখ্যা দিয়া অসম চুক্তিৰ এই গুৰুত্বপূৰ্ণ দফাৰ ৰূপায়ণৰ দায়িত্ব অসম চৰকাৰলৈ ঠেলিলে কেন্দ্ৰীয় চৰকাৰে ৷ অসমৰ ‘কা’ বিৰোধী আন্দোলনৰ সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ তথা বিজেপি মিত্ৰ গোষ্ঠীৰ মূল অস্ত্ৰ আছিল এই 6 নম্বৰ দফা । গৃহমন্ত্ৰী অমিত শ্বাহে তেতিয়া সংসদৰ মজিয়াত কৈছিল,“আখৰে আখৰে পালন কৰা হ’ব অসম চুক্তিৰ 6 নং দফা ৷ যাৰ দ্বাৰা সুৰক্ষিত হ’ব অসমৰ খিলঞ্জীয়া লোকৰ স্বাধিকাৰ ৷’’

কিন্তু শেহতীয়াভাৱে প্ৰমাণিত হৈছে যে 6 নং দফাক লৈ দ্বৈত স্থিত গ্ৰহণ কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে ৷ এক আৰ টি আই আবেদনত উন্মোচিত হৈছে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ অসমৰ স্বাৰ্থক লৈ গা এৰা দিয়া মনোভাৱৰ ৷

এফালে অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পৃষ্ঠপোষকতা কৰি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ মহামন্ত্ৰ বুলি জনমত গঢ়াৰ চেষ্টা চলাইছে, সদৌ অসম ছাত্ৰ সন্থাইয়ো মুখ্যমন্ত্ৰীৰ সৈতে সহমত প্ৰকাশ কৰিছে ৷ আনফালে একে সময়তে গৃহ বিভাগে স্পষ্ট কৰি দিছে যে ঐতিহাসিক অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰহে ৷

গৃহ বিভাগৰ এই দ্বৈত স্থিতি ৰাজহুৱা হোৱাৰ পাচত এতিয়া অধিক সমালোচিত হৈছে সদৌ অসম ছাত্ৰ সন্থা ৷ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে উচ্চস্তৰীয় সমিতি গঠন কৰা কাৰ্য আছিল অসমৰ সমাজ জীৱনৰ সৰ্বস্তৰত জোকাৰি যোৱা ‘কা’ আন্দোলনৰ ঢৌ প্ৰশমিত কৰিবলৈ প্ৰয়োগ কৰা এক অস্ত্ৰহে । এতিয়া দেশৰ গৃহ বিভাগে ‘‘অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ’’ বুলি কৈ দায়িত্ব ৰাজ্য চৰকাৰৰ প্ৰতি এৰাৰ পিচত সেয়া স্পষ্ট হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন মহলে ৷

যোৱা 16 জুনত গৃহ বিভাগত দাখিল কৰা তথ্য জনাৰ অধিকাৰৰ এক আবেদনত প্ৰশ্ন কৰা হৈছিল যে গৃহ বিভাগে অসম চুক্তি ৰূপায়ণৰ বাবে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন লাভ কৰিলেনে ? আবেদনখনত লগতে জানিব বিচৰা হৈছিল যে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত হোৱা যোগাযোগৰ প্ৰতিলিপিৰ প্ৰসংগতো ৷

বিগত 14 জুলাইত দিয়া এই আবেদনৰ উত্তৰত উন্মোচিত হৈছে এক দীৰ্ঘদিনে অসমবাসীক আঁৰত ৰাখি অহা তথ্য ৷ গৃহ মন্ত্ৰালয়ে স্পষ্টকৈ উল্লেখ কৰে এইদৰে- ‘‘কমিটীয়ে তেওঁলোকৰ প্ৰতিবেদন ৰাজ্য চৰকাৰৰ ওচৰত জমা দিছে ৷ এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ ৷’’ অৰ্থাৎ অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ দায়িত্ব ৰাজ্য চৰকাৰলৈ ঠেলি দিলে কেন্দ্ৰীয় চৰকাৰে ৷ এক কথাত অসম চুক্তিৰ 6 নং দফাৰ সমগ্ৰ বিষয়টোৰ পৰাই গা এৰা দিছে কেন্দ্ৰই ৷ এই কথা সৰ্বজন বিদিত যে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয় অসম চুক্তি ৰূপায়ণৰ দায়িত্বত আছিল ৷

যিহেতু অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে প্ৰয়োজন আছে আইন সংশোধনৰ ৷ য’ত ৰাজ্য চৰকাৰৰ বিশেষ কোনো ভূমিকা নাই ৷ কিন্তু এতিয়া অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ দায়িত্ব অসম চৰকাৰৰ বুলি কৈ কেন্দ্ৰীয় গৃহ বিভাগটো যে বিষয়টোক লৈ অলপো ছিৰিয়াছ নহয় সেয়া স্পষ্ট হৈ পৰিছে ৷ সেয়া আছিল 2019 চনৰ 15 জুলাইৰ কথা ৷ ‘কা’ বিৰোধী আন্দোলনৰ ভৰপক সময় । তেতিয়া 6 নং দফা ৰূপায়ণ প্ৰসংগত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে অসমত গঠন কৰি দিছিল 13 জনীয়া উচ্চস্তৰীয় কমিটী ৷

কমিটীখন গঠন কৰা হৈছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত ৷ অসমৰ সকলো ৰাজনৈতিক দল-সংগঠন আৰু বিশিষ্ট ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিছিল বিপ্লৱ শৰ্মা কমিটীখনে । সেই অনুসৰি কমিটীয়ে 2020 চনৰ 10 ফেব্ৰুৱাৰীত প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়ায় ৷ কিন্তু গৃহ বিভাগে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন ৰহস্যজনকভাৱে গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ নকৰিলে ৷ বিপৰীতে এই সমিতিয়ে 2020 চনৰ 25 ফেব্ৰুৱাৰীত প্ৰতিবেদনখন তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত জমা দিবলগীয়া হয় ৷ তেতিয়াও এই লৈ বহু প্ৰশ্নৰ উদ্বেগ ঘটিছিল ৷

আনহাতে 2020 চনৰ 29 ছেপ্তেম্বৰত গৃহ বিভাগৰ এক তথ্য অনুসৰি প্ৰতিবেদনখন তেতিয়াও ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা নাছিল গৃহ বিভাগে ৷ এক কথাত গৃহমন্ত্ৰী বা গৃহ মন্ত্ৰালয়ৰ হাতত নপৰাকৈয়ে ৰৈ গ’ল নিজেই গঠন কৰা অসম চৰকাৰৰ 6 নং দফা কাৰ্যকৰীকৰণৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন ৷

ইয়াৰ পৰৱৰ্তী সময়ত 2021 চনৰ 10 ফেব্ৰুৱাৰীত ৰাজ্যসভাত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে সদৰী কৰিছিল যে বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন অসম চৰকাৰৰ বিবেচনাধীন হৈ আছে ৷ এই প্ৰসংগত ৰাজ্যজুৰি কঠোৰভাৱে সমালোচিত হয় চৰকাৰ ৷ বাধ্য হৈ ইয়াৰ পাচত অসম চৰকাৰে 2021 চনৰ 4 অক্টোবৰত আন এখন সমিতি গঠন কৰে ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিখনৰ প্ৰতিবেদন চালি-জাৰি চাবলৈ গঠন কৰা সমিতিত আছিল অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী অজন্তা নেওগ, পীযুষ হাজৰীকা ৷ কমিটীত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ 5 গৰাকী সদস্যও ৷

অসমৰ চৰকাৰৰ এই কমিটীখনে 3 মাহৰ ভিতৰত বিপ্লৱ শৰ্মা কমিটিয়ে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত নজৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল ৷ কিন্তু এই প্ৰতিবেদনো আজিকোপতি প্ৰকাশেই নাপালে ৷ 6 নম্বৰ দফাক লৈ এইদৰে কমিটিৰ পিচত কমিটি, বৈঠকৰ পিচত বৈঠকহে কৌশলেৰে চলি থাকিল ৷

এনেদৰেই অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদনক লৈ চলি থাকিল কৌশলী নীতি ৷ ইমান কৌশলী নীতিৰ পিচতো কিন্তু একাধিক কমিটি গঠন আৰু কমিটিৰ বৈঠকৰ মেৰপেচত সোমাই পৰা 6 নং দফাৰ কাৰ্যকৰীকৰণ হ’ব বুলি আশা ব্যক্ত কৰিছিল অসমৰ জনসাধাৰণে ৷ সুৰক্ষিত হ’ব অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থ ৷

কিন্তু অৱশেষত শেহতীয়া তথ্য জনাৰ অধিকাৰৰ আইনৰ অধীনত কৰা এক আবেদনৰ উত্তৰত পোহৰলৈ আহিল অসম চুক্তিৰ 6 নং দফাক লৈ কৰা প্ৰহসনৰ কথা ৷ অমিত শ্বাহৰ দায়িত্বত থকা গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিলে যে, ‘‘অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন ৰূপায়ণৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ ৷’’

উল্লেখযোগ্য যে এই কমিটীৰ প্ৰতিবেদনত খিলঞ্জীয়াৰ বাবে অসমৰ সংসদীয় আসনৰ 80 শতাংশ আসন সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছিল । লগতে বিধানসভা আৰু স্থানীয় নিগম-নিকায়তো 80 শতাংশ আসন ‘অসমীয়া মানুহ’ৰ বাবে সংৰক্ষণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত ৷

লগতে পঢ়ক : Central Jail guards suspended : কয়দীক ড্ৰাগছ যোগানৰ অপৰাধত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুই প্ৰহৰীক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.