ETV Bharat / state

হীৰেন গোঁহাই প্ৰমুখ্যে বাওঁপন্থী বুদ্ধিজীৱীৰ বিৰুদ্ধে NIA নিয়োগৰ আহ্বান

author img

By

Published : Nov 9, 2020, 1:48 PM IST

nia investigation against leftist
nia investigation against leftist

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী আৰু মৌলবাদী সংগঠন সমূহৰ ওপৰত চোকা নজৰ ৰখাৰ বাবে অসম চৰকাৰক আহ্বান হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্যৰ ৷ ড৹ হীৰেন গোঁহাই প্ৰমুখ্যে বাওঁপন্থী বুদ্ধিজীৱী সকলাে চীনৰ ভাৰত বিৰোধী ষড়যন্ত্রৰ অংশীদাৰ বুলি গুৰুতৰ মন্তব্য সভাপতিগৰাকীৰ ৷

গুৱাহাটী, ৯ নৱেম্বৰ : অসমৰ বিচ্ছিন্নতাবাদী শক্তি আৰু অসমৰ ইছলামিক মৌলবাদী সংগঠনসমূহক অস্ত্রৰে আৰু অৰ্থৰে সহায় কৰিছে ভাৰতৰ চিৰ শত্ৰু ৰাষ্ট্র চীনে । এই অভিযােগ হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল সম্বােধন কৰি পৰিষদৰ কেন্দ্রীয় সভাপতি বলেন বৈশ্যই এই অভিযােগ উত্থাপন কৰে ৷ তেওঁ কয় যে, ভাৰতে আন্তঃৰাষ্ট্ৰীয় নীতিৰ অধীনত দ্বীপ ৰাষ্ট্ৰ টাইৱানৰ পক্ষত থিয় দিয়া কাৰ্যক কমিউনিষ্ট দেশখনে সহজভাবে ল’ব পৰা নাই । সেয়েহে সম্প্রতি ভাৰতে যদি টাইৱানক সমর্থন কৰে তেন্তে চীনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী শক্তি আৰু সন্ত্রাসবাদী সংগঠন সমূহক সহায় কৰাৰ ধমকি দিছিল । লগতে চীনে ইয়াকো প্রকাশ কৰিছে যে অসম, উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ বহু ৰাজনৈতিক নেতা আৰু বুদ্ধিজীৱীয়ে চীনৰ প্রতিক্রিয়ালৈ অপেক্ষা কৰি আছে, সেয়েহে বৈশ্যই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী আৰু মৌলবাদী সংগঠন সমূহৰ ওপৰত চোকা নজৰ ৰখাৰ বাবে অসম চৰকাৰক আহ্বান জনায়।

সংবাদ মেলখনত বৈশ্যই অসমত নতুনকৈ গঠন হােৱা ৰাজনৈতিক দল সমূহৰ নেতা আৰু কংগ্ৰেছ, এ আই ইউ ডি এফৰ নেতা সকলােকো সন্দেহৰ আৱৰ্তত ৰাখিবলৈ অসম চৰকাৰক আহ্বান জনায়। একেখন সংবাদ মেলতে বৈশ্যই ড৹ হীৰেন গোঁহাই প্ৰমুখ্যে বাওঁপন্থী বুদ্ধিজীৱী সকলাে চীনৰ ভাৰত বিৰোধী ষড়যন্ত্রৰ অংশীদাৰ বুলি গুৰুতৰ মন্তব্য কৰে । সেয়েহে এই সকল বুদ্ধিজীৱীৰ গতি বিধিৰ ওপৰত অসম চৰকাৰে নজৰ ৰাখিব লাগে আৰু ৰাষ্ট্রৰ সুৰক্ষাৰ স্বাৰ্থতে এনে চিন্তাধাৰাৰ বুদ্ধিজীৱী আৰু ৰাজনৈতিক নেতা সকলৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক নিয়ােগ কৰা প্রয়ােজন বুলিও সদৰি কৰে বলেন বৈশ্য ।

হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ সংবাদ মেল

ইতিমধ্যে পৰেশ বৰুৱাৰ নেতৃত্বৰ আলফা (স্বা) ক চীনে সর্বোতাে প্রকাৰৰ সহায় কৰাতাে প্রমাণিত হৈ গৈছে বুলি উল্লেখ কৰি পৰেশ অসমৰ লগত একাংশ ৰাজনৈতিক নেতা আৰু বাওঁপন্থী বুদ্ধিজীৱী আৰু বাওঁপন্থী সংগঠনৰ নেতাৰ মিতিৰালী সন্দেহৰ কাৰণ বুলি উল্লেখ কৰি সােণােৱাল চৰকাৰৰ উদাৰতাক এচাম ৰাষ্ট্রদ্রোহীয়ে দুৰ্বলতা বুলি ধৰি লৈছে বুলিও বৈশ্যই মত পােষণ কৰাৰ লগতে জেহাদী আৰু বিচ্ছিন্নতাবাদী শক্তি সমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বৰ বাবে চৰকাৰক আহ্বান জনায় ।

যােৱা ১০ অক্টোবৰত চীনৰ সর্বাধিক প্রচলিত বাতৰি কাকতত প্রকাশিত “India to invite trouble playing Taiwan Card” শীর্ষক বাতৰিৰ উদ্ধৃতি দি বৈশ্যই কয় যে, চীনে ভাৰতবৰ্ষক বৃহৎ আঘাত হনাৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বাচনি কৰি লােৱাতাে এই অঞ্চলৰ বাসিন্দা সকলৰ বাবে অতিকৈ ভয়লগা আৰু দুর্ভাগ্যৰ ঘটনা । চীনে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ইছলামিক মৌলবাদীক অর্থ-অস্ত্র দি সহায় কৰি থকাৰ লগতে ৰাজনৈতিক অস্থিৰতা অনাৰ পৰিপ্ৰেক্ষিতত অসমৰ সমাগত নির্বাচনত শাসক দলৰ বিৰুদ্ধে আর্থিক সহায় কৰাতাে এক প্ৰকাৰ নিশ্চিত বুলি সন্দেহ প্রকাশ কৰে বৈশ্যই । সেয়েহে অসমত বিৰােধীত অৱস্থান কৰা প্ৰতিটো ৰাজনৈতিক দলৰ ধনৰ উৎসৰ ওপৰতাে চোকা নজৰ ৰাখিবলৈ চৰকাৰ-প্ৰশাসনক দাবী জনায় । হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ এই সংবাদ মেলত পৰিষদৰ সাধাৰণ সম্পাদক মাধৱ দাস প্রমুখ্যে কেইবাজনাে কেন্দ্রীয় নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : শিশুৰ মৃত্যুক লৈ উত্তপ্ত লাহোৱালঃ চিকিৎসকৰ গাফিলতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.