ETV Bharat / state

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হাজাৰ হাজাৰ গছ কটাটো উন্নয়ন নহয় : ড৹ হীৰেন গোহাঁই

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 7:23 PM IST

Updated : Dec 19, 2023, 7:50 PM IST

Hiren Gohain on AASU : আছুৰ বিৰুদ্ধে সৰৱ বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁই ৷ আছুৱে ড৹ গোহাঁইক মিছা আখ্যা দিয়া সন্দৰ্ভত তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে কৰে ৷ লগতে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হাজাৰ হাজাৰ গছ কটাটো উন্নয়ন নহয় বুলি তেওঁ শাসনাধীস্থ চৰকাৰক সমালোচনাও কৰে ৷

Hiren Gohain on Assam Govt and ASSU
আছুৰ বিৰুদ্ধে সৰৱ বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁই

ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হাজাৰ হাজাৰ গছ কটাটো উন্নয়ন নহয়

গুৱাহাটী,১৯ ডিচেম্বৰ : বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ মন্তব্যক মিছা আখ্যা দিছিল আছুৱে ৷ আছুৰ সেই মন্তব্যৰ পাচতে পুনৰ সৰৱ হৈ উঠিছে বিশিষ্ট বুদ্ধিজীৱীগৰাকী ৷ ‘‘বৰ্তমান সমাজৰ সকলো কথাই ব্যথিত কৰে । ইয়াৰ মাজত ব্যতিক্ৰম দেখিলে ভাল লাগে ৷’’ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ অতিথি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে বিশিষ্ট বুদ্ধিজীৱি ড৹ হীৰেন গোহাঁয়ে ৷

তেওঁ অনুষ্ঠানতে ভাষা আন্দোলন, অসম অন্দোলন বিশেষকৈ শেহতীয়াভাৱে কা আন্দোলনৰ বিষয়েও বক্তব্য আগবঢ়ায় । শাসক পক্ষই সমালোচনা কৰাৰ পাচত ড৹ হীৰেন গোহাঁইৰ বিৰুদ্ধে কৰা মন্তব্যসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে ৷ তেওঁ কয়, ‘‘মোক এৰাই চলিব বিচাৰে ৷ অৱহেলা কৰে ৷ অপমান কৰে । এইবোৰ সহ্য কৰি এতিয়া ছাল ডাঠ হৈ গৈছে । ই ডি আৰু আয়কৰ বিভাগহে লগাবলৈ বাকী আছে’’ ৷

আনকি নতুন শিক্ষানীতিক লৈয়ো বিশিষ্ট বুদ্ধিজীৱীগৰাকী উৎসাহিত নহয় বুলি মন্তব্য কৰে । কিয়নো নতুন শিক্ষানীতিয়ে কেৱল কৰ্প'ৰেট গোষ্ঠীকহে সহায় কৰিব বুলি বুদ্ধিজীৱী ড৹ গোহাঁয়ে উল্লেখ কৰে ৷ এই অনুষ্ঠানতে বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁয়ে নিজৰ জীৱনৰ তিতা-মিঠা বহু অভিজ্ঞতাৰ বিষয়ে উপস্থিত ৰাইজৰ আগত ব্যক্ত কৰে ।

আনকি তেওঁ কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ অন্তত অসমলৈ ঘূৰি অহাৰে পৰা সেই সময়ৰ সমাজ জীৱনৰ বিষয়ে বহু কথা কয় উল্লেখ কৰে ।

অনুষ্ঠানত উপস্থিত সাংবাদিকৰ লগতে ৰাইজক উদ্দেশ্যি তেওঁ কয়, ‘‘জীয়াই থাকিবলৈ উপাৰ্জন কৰিব লাগিব আৰু উপাৰ্জন কৰিবলৈ কষ্ট কৰিব লাগিব । ৰাজ্যক বিকাশৰ দিশে আগবঢ়াই নিবলৈ আমাক চৰকাৰ লাগে । উৰণসেতু, চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত হাজাৰ হাজাৰ গছ কটাটো উন্নয়ন নহয়’’ ।

তেওঁ আৰু কয়, ‘‘কৃষকসকলে যাতে বছৰত দুবাৰ খেতি কৰিব পাৰে, তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগে’’ ৷

লগতে পঢ়ক : ড৹ হীৰেন গোহাঁইৰ মন্তব্যক ভিত্তিহীন আখ্যা আছুৰ সভাপতি উৎপল শৰ্মাৰ

Last Updated : Dec 19, 2023, 7:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.