ETV Bharat / state

পলাশবাৰীত খেল মহাৰণ উদ্বোধন কৰিলে হেমাংগ ঠাকুৰীয়াই

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 2:24 PM IST

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে খেল মহাৰণ ২০২৩ । পঞ্চায়ত পৰ্যায়ত অনুষ্ঠিত হোৱা খেল মহাৰণত নিৰ্বাচিত খেলুৱৈসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে সমষ্টি পৰ্যায়ৰ খেল মহাৰণ । অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে পলাশবাৰী সমষ্টিতো আৰম্ভ কৰা হয় সমষ্টি পৰ্য়ায়ৰ খেল মহাৰণ ।

Hemanga Thakuria inaugurates Khel Maharan in Palashbari
পলাশবাৰীত খেল মহাৰণ উদ্বোধন কৰিলে হেমাংগ ঠাকুৰীয়াই

পলাশবাৰীত খেল মহাৰণ উদ্বোধন কৰিলে হেমাংগ ঠাকুৰীয়াই

গুৱাহাটী, ৮ ডিচেম্বৰ: অসমৰ ক্ৰীড়া জগতত এক নতুন দিগন্তৰ সূচনাৰে ৰাজ্যৰ চুকে-কোণে লুকাই থকা ক্ৰীড়া ক্ষেত্ৰৰ সুপ্ত প্ৰতিভাসমূহক এখন উপযুক্ত মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে সৰ্ববৃহৎ প্ৰতিযোগিতা খেল মহাৰণ ২০২৩ । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে পলাশবাৰী সমষ্টিটো দুদিনীয়াকৈ অনুষ্ঠিত হৈছে খেল মহাৰণ ।

পলাশবাৰী আৰ. বি. কে. এম. পি. উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, দক্ষিণ কামৰূপ স্পোৰ্টচ্ এচোছিয়েচন ষ্টেডিয়াম, হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয় খেলপথাৰত পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ২২ গাঁও পঞ্চায়ত প্ৰায় তিনি হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ল'ৰা, ছোৱালী উভয়ৰে দুটাকৈ শাখাত ক্ৰমে ১৯ বছৰৰ অনুৰ্ধৰ আৰু ১৯ বছৰৰ উৰ্ধৰ মাজত এথেলিটিক, ভলীবল, কাবাদী আৰু খো-খো খেল অনুষ্ঠিত হয় ।

খেলৰ শুভাৰম্ভণী অনুষ্ঠানত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি ৰাজ্যৰ ক্ৰীড়া জগতত এক নতুন দিগন্তৰ সূচনা কৰাৰ লক্ষ্যৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পৰ্যায়ক্ৰমে ব্লক, পঞ্চায়ত, সমষ্টি আৰু জিলা ভিত্তিত খেল মহাৰণ অনুষ্ঠিত কৰি ক্ৰীড়া প্ৰতিভাসমূহক এখন উপযুক্ত মঞ্চ প্ৰদানৰ লক্ষ্যৰে উক্ত খেল অনুষ্ঠিত কৰিছে বুলি বক্তব্য প্ৰদান কৰি খেলুৱৈসকলৰ উজ্বল ভৱিষ্যত কামনা কৰে ।

উক্ত অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈ, পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া হিমান্দ্ৰ বৰা, ৰামপুৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জেহেৰুল ইছলাম, কামৰূপ জিলাৰ জিলা ক্ৰীড়া বিষয়া খনীন্দ্ৰ মুদৈ, দক্ষিণ কামৰূপ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সুকুমাৰ মেধি, শাৰিৰীক প্ৰক্ষিশক মামণি বৈশ্যৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : মৰাণত খেল মহাৰণ উদ্বোধন কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.