ETV Bharat / state

Ghy Child Abuse Case : চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে অভিযোগনামা দাখিল

author img

By

Published : Jul 4, 2023, 11:09 AM IST

Child Abuse Case
সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে অভিযোগনামা দাখিল

ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা শিশু নিৰ্যাতন গোচৰ সন্দৰ্ভত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষীয়ে আংশিক অভিযোগনামা দাখিল কৰে । যোৱা ৫ মে'ত দুয়োগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । দুয়োগৰাকীৰ বিৰুদ্ধে পক্সো (POCSO) আইনৰ ধাৰাও আৰোপ কৰা হৈছে ।

গুৱাহাটী,৪ জুলাই : গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীয়ে সোমবাৰে শিশু নিৰ্যাতনৰ গোচৰ সন্দৰ্ভত চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে আংশিক অভিযোগনামা দাখিল কৰে । আৰক্ষীয়ে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰে । অৱশ্যে এতিয়া বহু তথ্য পোহৰলৈ আহিবলৈ বাকী আছে । কেইবাটাও বিষয়ত ফৰেনছিকৰ প্ৰতিবেদন এতিয়াও আহিবলৈ বাকী আছে । ফৰেনছিকৰ সম্পূৰ্ণ প্ৰতিবদেন অহাৰ পাচত আৰক্ষীয়ে অভিযুক্ত চিকিৎসকদ্বয়ৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব ।

উল্লেখ্য যে চিকিৎসক দম্পতীৰ বিৰুদ্ধে শিশু উৎপীড়নৰ গুৰুতৰ অভিযোগ আছে । যাৰ বাবে দুয়োগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । সম্প্ৰতি চেলিব্ৰেটী চিকিৎসক দম্পতী কাৰাগাৰত বন্দী হৈ আছে । চিকিৎসক দম্পতীয়ে তোলনীয়া সন্তানক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে প্ৰচণ্ড গৰমত ঘৰৰ চাদৰ ওপৰত বান্ধি থোৱা দৃশ্যও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ।

উত্থাপিত অভিযোগৰ ভিত্তিত যোৱা ৫ মে'ত দুয়োগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে পক্সো (POCSO) আইনৰ ধাৰাও আৰোপ কৰিছে । ইফালে চিকিৎসক দম্পতীয়ে সন্তানৰ ওপৰত কৰা অত্যাচাৰৰ তথ্য পোহৰলৈ অহাৰ পাচতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।

স্বাস্থ্য পৰীক্ষাত পোহৰলৈ আহিছিল যে তেওঁলোকে সন্তানৰ গোপন অংশ চিগাৰেটেৰে জ্বলাই দিয়া হৈছিল । গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে নাবালক কিশোৰীক চিকিৎসক দম্পতীৰ বাসগৃহ ৰোমা এনক্লেভৰ চতুৰ্থ মহলাত বন্দী কৰি ৰখা হৈছিল । স্বাস্থ্য পৰীক্ষাৰ অন্তত ৩ বছৰীয়া কণমানিজনীৰ গোপন অংগত আঘাত কৰাৰ দাগ স্পষ্টভাৱে দেখা গৈছিল ।

ইয়াৰ পূৰ্বে, অসমৰ মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক শিশু নিৰ্যাতনৰ গোচৰটোৰ পুংখানুপুংখ তদন্ত কৰিবলৈ আৰু অহা ৬ মাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল । মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক ৪৫ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈও নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :Dr Sangeeta Dutta : ডাঃ সংগীতা দত্তই ধনৰ বিনিময়ত ক্ৰয় কৰিছিল সন্তান দুটিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.