ETV Bharat / state

Police encounter in Guwahati : গুৱাহাটীৰ দুটাকৈ এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল

author img

By

Published : Aug 3, 2023, 8:10 PM IST

শেহতীয়াকৈ সঘনাই মোবাইল চুৰি আৰু কাঢ়ি নিয়াৰ ঘটনা বৃদ্ধি পোৱাত মহানগৰ আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে সংবাদমেল যোগে এই কথা সদৰী কৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷

Guwahati Police Commissioner
এনকাউণ্টাৰৰ ঘটনা সন্দৰ্ভত আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সংবাদমেল

মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল

গুৱাহাটী, 3 আগষ্ট : গুৱাহাটী মহানগৰীত মোবাইল ফোন আৰু ডিঙিৰ চেইন কাঢ়ি নিয়াৰ ঘটনা সংঘটিত হৈ থকাৰ কথা স্বীকাৰ কৰিছে খোদ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ৷ বৃহস্পতিবাৰে সংবাদমেল যোগে এই কথা স্বীকাৰ কৰি তেওঁ কয় যে অপৰাধমুক্ত এখন সমাজ লগে লগে দিব পৰা নাযায় ৷ তেওঁ কয় যে শেহতীয়াকৈ সঘনাই মোবাইল চুৰি আৰু কাঢ়ি নিয়াৰ ঘটনা বৃদ্ধি পোৱাত মহানগৰ আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে ৷ এই অভিযানৰ পাছতে বহুতকে চিনাক্ত কৰা হয় যদিও কৰায়ত্ত কৰাটো সহজ নাছিল ৷

গুৱাহাটীৰ মধ্য জিলাৰ ডিচিপিৰ নেতৃত্বত বিগত তিনি-চ‍াৰিদিন ধৰি চলা জোৰদাৰ অভিযানত এটা কথা স্পষ্ট হৈছিল যে মোবাইল চুৰি আৰু কাঢ়ি নিয়া চক্ৰটো ড্ৰাগছ আসক্ত ৷ ড্ৰাগছৰ বাবেই তেওঁলোকে মোবাইল চুৰি কৰে নাইবা কাঢ়ি নিয়ে ৷ সাধাৰণতে তেওঁলোকে স্কুটি ব্যৱহাৰ কৰে এই কাৰ্যৰ বাবে ৷ এই চক্ৰটোৱে সংগ্ৰহ কৰা মোবাইল ক্ৰয় কৰাৰ বাবে কিছুমান নিৰ্দিষ্ট লোক থাকে ৷ এই সমগ্ৰ প্ৰক্ৰিয়াটো জ্ঞাত হোৱাৰ পাছত আৰক্ষীয়ে এজন এজনকৈ মোবাইল চোৰ তথা কাঢ়ি নিয়া লোকক গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰে ৷ পাণবজাৰ, পল্টন বজাৰ আৰু গীতানগৰ থানাৰ পুৰণি গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷

গীতানগৰ থানাৰ গোচৰত দুজনক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইয়াৰে এজন ধনজিত বড়ো ওৰফে নাগা আৰু আনজন সঞ্জীৱ বৈশ্য ৷ জেৰাত এই দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিশ্বজিত ৰাভাক গ্ৰেপ্তাৰ কৰা হয় ৷ বিশ্বজিত ৰাভা ডমিনজত ডেলিভাৰী বয় হিচাবে কৰ্মৰত হৈ আছিল ৷ আনহাতে তেওঁৰ ভায়েক অভিজিত ৰাভা আৰু বন্ধু অজয় ওৰফে উজ্বল ৰাভাও মোবাইল কাঢ়ি নিয়া ঘটনাৰ লগত জড়িত ৷ এই চক্ৰটো ধৰাৰ পাছত পোহৰলৈ আহে তেওঁলোকৰ মোবাইল ক্ৰয় কৰা লোকজন ৷

তেওঁ হৈছে মহিবুল হক ৷ যাৰ ভৰিত যোৱানিশা আৰক্ষীৰ গুলী লাগিছিল ৷ দক্ষিণ শালমাৰাৰ মহিবুল হকে গুৱাহাটীৰ বিভিন্ন স্থানত আশ্ৰয় লৈ মোবাইলসমূহ ক্ৰয় কৰে ৷ আৰক্ষী আয়ুক্ত গৰাকীয়ে জনোৱা মতে মহিবুল হকৰ স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে বহুখিনি মোবাইল ফোন উদ্ধাৰ কৰিছে ৷ তেওঁ কয় যে মহিবুল হকক পাণবজাৰ থানাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনহাতে বাকীসকলক গীতানগৰ থানাৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ৷

বুধবাৰে আন সহযোগীসকলক ধৰাৰ বাবে আৰক্ষীয়ে তেওঁলোকক লগত লৈ অভিযানলৈ গৈছিল ৷ এই অভিযানত যোৱানিশা এখন দুচকীয়া বাহন জব্দ কৰা হয় ৷ কিন্তু আৰক্ষীৰ অভিযানৰ সময়তে ড্ৰাগছ আসক্ত অভিজিত ৰাভাই আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে ৷ পলাবলৈ লওঁতেই আৰক্ষীয়ে ভৰিত গুলী কৰে ৷ ঘটনাটো বোন্দা অঞ্চলত সংঘটিত হয় ৷ আনটো ঘটনা সংঘটিত হয় মাষ্টাৰ মাইণ্ড মহিবুল হকৰ ক্ষেত্ৰত ৷ বিৰুবাৰীত আৰক্ষীৰ সৈতে যোৱাৰ সময়ত মহিবুল হকে টনা-আজোঁৰা কৰাৰ বাবে আৰক্ষীয়ে ভৰিত গুলিয়াই ৷ গুলীবিদ্ধ দুয়োজনকে লগে লগে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয় ৷

উল্লেখ্য যে কিছুদিন পূৰ্বে ডি আই জি বিবেক ৰাজ সিঙৰ মোবাইল কাঢ়ি নিয়া চোৰটো আছিল আৰক্ষীৰ গুলীত আহত হোৱা অভিজিত ৰাভা ৷ অৱশ্যে ডি আই জি বিবেক ৰাজ সিঙৰ মোবাইল ফোনটো এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই ৷

লগতে পঢ়ক : Police encounter in Guwahati: মহানগৰীত আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুই চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.