ETV Bharat / state

Police encounter in Guwahati: মহানগৰীত আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুই চোৰ

author img

By

Published : Aug 3, 2023, 2:22 PM IST

আকৌ গৰজিলে আৰক্ষীৰ বন্দুকে । বুধবাৰে পুৱতি নিশা মহানগৰীত দুটাকৈ এনকাউন্টাৰৰ ঘটনা । আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুটাকৈ অভিযুক্ত চোৰ ৷ গুৱাহাটীৰ বিৰুবাৰী আৰু পানীখাইতিত আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুটাকৈ চোৰ ।

Two thieves shot at police encounter
মহানগৰীত আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুই চোৰ

গুৱাহাটী,৩ আগষ্ট: গুৱাহাটী মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ ৷ আৰক্ষীৰ গুলীত গুলীবিদ্ধ দুটাকৈ অভিযুক্ত চোৰ ৷ দুটাকৈ পৃথক পৃথক ঘটনাত আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয় চোৰ দুটাক ৷ দুয়োটা চোৰ সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন ৷ গুলীবিদ্ধ চোৰ দুটা ক্ৰমে অভিজিৎ ৰাভা আৰু মহিবুল হক বুলি জানিবপৰা গৈছে ৷

আৰক্ষীৰ তথ্য অনুসৰি দক্ষিণ শালমাৰাৰ ভালুখুন্দিৰ মহিবুল হক নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিছিল পল্টন বজাৰ আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়ত গুৱাহাটীৰ বিৰুবাৰীত পুৱতি নিশা প্ৰায় ২:৪৫ বজাত আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰোতে ভৰিত গুলীয়াবলৈ বাধ্য হয় আৰক্ষী ৷ বাঁওভৰিত গুলি লাগি আঘাতপ্ৰাপ্ত হয় মহিবুল হক ৷

পৰৱৰ্তী সময়ত গুলীবিদ্ধ চোৰটোক আৰক্ষীয়ে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰে ৷ আনহাতে, পানীখাইটীতো সংঘতিত হয় অনুৰূপ ঘটনা । কামৰূপ মেট্ৰ’ৰ অন্তৰ্গত পানীখাইতী আউট পোষ্টৰ সমীপত এই এনকাউণ্টাৰ সংঘটিত হয় ৷ গুলীবিদ্ধ হয় অভিজিৎ ৰাভা নামৰ আনটো চোৰো । পুৱতি নিশা প্ৰায় ৩:৩০ বজাত সংঘটিত হয় এই ঘটনা ৷

আহত চোৰটো সোঁভৰিত গুলী লাগি আঘাটতপ্ৰাপ্ত হয় বুলি জানিবপৰা গৈছে ৷ পিছত দ্বিতীয়জন গুলিবিদ্ধ অভিযুক্তকো গুৱাহাটী মেডিকেল কলেজত ভৰ্তি কৰে আৰক্ষীয়ে ৷ জিএমচিএইছ কৰ্তৃপক্ষই জনোৱা অনুসৰি দুয়োজন গুলীবিদ্ধ অভিযুক্তৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ আনহাতে কেনে পৰিস্থিত দুয়োজন অভিযুক্তক গুলীয়াব লগীয়া হ’ল এই প্ৰসংগত কোনো বক্তব্য আগবঢ়োৱা নাই মহানগৰ আৰক্ষীয়ে ৷

উল্লেখ্য যে, মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা । প্ৰতিদিনে বৃদ্ধি পোৱা অপৰাধ ৰোধ কৰাত যেন ব্যৰ্থ হৈ পৰিছে মহানগৰ আৰক্ষী । চিলনী চোৰ তথা মহানগৰীৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা চুৰিকাণ্ডই মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে মহানগৰ আৰক্ষীৰ । এনে পৰিস্থিতিত একে নিশাতে দুটাকৈ এনকাউন্টাৰৰ ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে ।

লগতে পঢ়ক: Farmers now busy: ৰঙিয়াত শাওনৰ পথাৰত ভূঁই ৰোৱাত ব্যস্ত কৃষিজীৱী গঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.