ETV Bharat / state

Human Trafficking in Guwahati: মহানগৰ আৰক্ষীৰ জালত দুই নাৰী সৰবৰাহকাৰী

author img

By

Published : Jan 7, 2023, 8:10 AM IST

Updated : Jan 7, 2023, 9:40 AM IST

মহানগৰ আৰক্ষীৰ জালত নাৰী দেহ ব্যৱসায়ীৰ এটা চক্ৰ (Women traffickers Arrested in Guwahati) ৷ শুকুৰবাৰে মহানগৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিছে আনোৱাৰ হুছেইন আৰু ৰাজেশ ভাই পেটেল নামৰ দুই সৰবৰাহকাৰীক।

Guwahati police arrested women traffickers in Guwahati
গুৱাহাটীত আটক দুই নাৰী সৰবৰাহকাৰী

গুৱাহাটীত আটক দুই নাৰী সৰবৰাহকাৰী

গুৱাহাটী, 7 জানুৱাৰী: সাৱধান ৷ ৰাজ্যত বৰ্তমানেও সক্ৰিয় হৈ আছে নাৰী দেহ ব্যৱসায়ীৰ বৃহৎ চক্ৰ । এই চক্ৰটোৱে প্ৰথমে টাৰ্গেট কৰি লয় এচাম যুৱতী অথবা মহিলাক ৷ বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ যুৱতী, মহিলাক কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দি বহিঃৰাজ্যত বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত বিক্ৰী কৰা ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে । প্ৰথমে সামাজিক মাধ্যম বিশেষকৈ Facebook ৰ জৰিয়তে চা–চিনাকি হয় ৷ তাৰ পিছত প্ৰেমৰ প্ৰস্তাৱ দিয়ে । আৰু তাৰ পিছতে সুযোগ বুজি বিয়াৰ প্ৰস্তাৱ দি লৈ যায় বহিঃৰাজ্যলৈ । তাৰ পৰাই চক্ৰটোৱে যুৱতী অথবা মহিলাক গতাই দিয়ে নাৰীদেহ ব্যৱসায়ীৰ হাতত ।

শেহতীয়াকৈ তেনে এক নাৰী দেহ ব্যৱসায়ী চক্ৰ জালত পৰে মহানগৰ আৰক্ষীৰ (Women traffickers Arrested at Basistha)। এটা ব্যক্তিগত সংস্থা(NGO)ৰ সহযোগত CID আৰু পল্টন বজাৰ আৰক্ষীয়ে শুকুৰবাৰে এক অভিযান চলায় । অভিযান চলাই আটক কৰে আনোৱাৰ হুছেইন আৰু ৰাজেশ ভাই পেটেল নামৰ দুই সৰবৰাহকাৰীক (Women traffickers Arrested in Guwahati)। ধৃত আনোৱাৰ হুছেইনৰ ঘৰ হোজাইত আৰু ৰাজেশ ভাই পেটেলৰ ঘৰ মুম্বাইত ।

অভিযানকাৰী দলটোক সহযোগ কৰা এগৰাকী ভুক্তভোগী যুৱতীয়ে উল্লেখ কৰা অনুসৰি, ২০২০ চনতে আনোৱাৰ হুছেইন নামৰ ধৃত যুৱকৰ সৈতে Facebook ৰ জৰিয়তে চিনাকী হৈছিল । তাৰ পিছত যুৱকজনে বিয়াৰ প্ৰস্তাৱ দি লৈ গৈছিল মুম্বাইলৈ ৷ মুম্বাইলৈ নি যুৱতীগৰাকীক গতাই দিছিল নাৰীদেহ ব্যৱসায়ীৰ হাতত ।

পিছত মহাৰাষ্ট্ৰ আৰক্ষীয়ে যুৱতীগৰাকীক ৰেড লাইট এৰিয়াৰ পৰা উদ্ধাৰ কৰি অসমৰ এটা বেচৰকাৰী সংস্থাৰ হাতত গতাই দিছিল । ভুক্তভোগী যুৱতীগৰাকীৰ ভাষ্যৰ ভিত্তিত বেচৰকাৰী সংস্থাটোৱে মহানগৰীৰ পল্টন বজাৰ থানা আৰু CID ত এখন এজাহাৰ দাখিল কৰিছিল । এই এজাহাৰৰ ভিত্তিতে CID আৰু মহানগৰ আৰক্ষীয়ে সৰবৰাহকাৰীক জালত পেলাবলৈ আৰম্ভ কৰিছিল অভিযান (Guwahati police operation against Women trafficking) ৷

এই সমগ্ৰ অভিযানত মুখ্য ভূমিকা পালন কৰিছিল ভুক্তভোগী যুৱতীগৰাকীয়ে ৷ আৰক্ষীয়ে যুৱতীগৰাকীক পুনৰ সৰবৰাহকাৰীৰ সৈতে ফোনযোগে পুনৰ যোগাযোগ কৰিবলৈ নিৰ্দেশ দিছিল ৷ কিন্তু এয়া আছিল সৰবৰাহকাৰীক জালত পেলোৱাৰ এক পৰিকল্পনাহে মাথো ৷

আৰক্ষীয়ে কোৱা ধৰণেই ফোনযোগে পুনৰ যুৱতীগৰাকীয়ে যোগাযোগ কৰিছিল সৰবৰাহকাৰীক ৷ যুৱতীগৰাকীয়ে মুম্বাইলৈ যাব বুলি আশ্বাস প্ৰদান কৰিছিল সৰবৰাহকাৰীক ৷ আৰক্ষীক সহযোগৰ বাবে কিছুদিনৰ পৰা যুৱতীগৰাকীয়ে ধৃত আনোৱাৰ হুছেইনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিছিল । টকাৰ অভাৱ হোৱা বুলি কৈ পুনৰ মুম্বাইলৈ লৈ যাবলৈ অনুৰোধ জনাইছিল যুৱতীগৰাকীয়ে ৷

সেই অনুসৰি শুকুবাৰে যুৱতীগৰাকীক নিবলৈ অসমলৈ আহিছিল আনোৱাৰ হুছেইনৰ লগতে আন এজন সৰবৰাহকাৰী ৷ তাৰ পিছতেই CID আৰু মহানগৰ আৰক্ষীয়ে জালুকবাৰীৰ পৰা অনুসৰণ কৰি বশিষ্ঠ চাৰিআলিত আটক কৰে দুই সৰবৰাহকাৰীক । পৰৱৰ্তী সময়ত মহানগৰ আৰক্ষীয়ে এই দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: দলগাঁও আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী

Last Updated :Jan 7, 2023, 9:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.