ETV Bharat / state

Guwahati HC order to Akhil Gogoi: 23 ফেব্ৰুৱাৰীত NIA ৰ আদালত হাজিৰ হ’ব লাগিব অখিল গগৈ

author img

By

Published : Feb 9, 2023, 8:21 PM IST

Guwahati HC order to Akhil Gogoi
23 ফেব্ৰুৱাৰীত NIA ৰ আদালত হাজিৰ হ’ব লাগিব অখিল গগৈ

পুনৰ NIA ৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে NIA ৰ আবেদনৰ শুনানি গ্ৰহণ কৰি অখিল গগৈক অহা 23 ফেব্ৰুৱাৰীত NIA ৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে (HC asked Akhil Gogoi to appear in NIA court) ৷ ইয়াৰ ফলত পুনৰ অখিল গগৈ কাৰাবন্দী হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে ৷

গুৱাহাটী, 9 ফেব্ৰুৱাৰী: পুনৰ কাৰাগাৰলৈ যোৱাৰ সম্ভাৱনা আছে নেকি অখিল গগৈ । কা বিৰোধী আন্দোলনৰ (Anti CAA movement in Assam) গোচৰৰ বাবে দুবছৰ কাৰাবাস খাটি মুকলি আকাশৰ তললৈ অহা অখিল‌ গগৈয়ে পুনৰ কাৰবাস খটাৰ সম্ভাৱনাই গা কৰি‌ উঠিছে । কা বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে NIA ই ৰুজু কৰা গোচৰত NIA ৰ আদালতে দিয়া ৰায়দান নাকচ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে (HC asked Akhil Gogoi to appear in NIA court)।

গুৱাহাটী উচ্চ ন্যায়ালয়ত কা বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে NIA ই ৰুজু কৰা গোচৰত নিয়া আদালতে দিয়া ৰায়দান সম্পৰ্কত বৃহস্পতিবাৰে গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰে । NIA ৰ গোচৰ নং 121/2021 ৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি শুনানি গ্ৰহণ কৰা হয় (Case against Akhil Gogoi) ।

উল্লেখযোগ্য যে, কা বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে গোচৰ নং 121/2021 ৰুজু কৰা গোচৰ কৰা হৈছিল । তাৰ পিচত এই গোচৰৰ NIA ৰ আদালতত শুনানি হৈছিল । NIA ই অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ বিৰুদ্ধে কোনো ধৰণৰ তথ্য দিব নোৱাৰাৰ বাবে নিয়া আদালতে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক ২১ জুলাইত জে'লৰ পৰা মুকলি কৰি দিয়ে (Akhil Gogoi grants bail)।

পিচত নিয়াই পুনৰ এই শুনানিৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন কৰে । পিচত এই গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰি অহা ২৩ ফেব্ৰুৱাৰীত অখিল গগৈক NIA ৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । উক্ত গোচৰত জামিনৰ বাবে অখিল গগৈয়ে নতুনকৈ জামিন আবেদন কৰিব লাগিব । যদিহে জামিন লাভ নকৰে তেনেহ’লে পুনৰ কাৰাগাৰলৈ যাব লাগিব অখিল‌ গগৈ (Akhil Gogoi latest news)।

লগতে পঢ়ক: অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ'ল

উল্লেখ্য যে, অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৷ মুঠ 13 টা গোচৰ তৰা হৈছিল অখিল গগৈৰ বিৰুদ্ধে ৷ 2019 চনৰ 13 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ ভৰপকৰ মাজতে গুৱাহাটীৰ চানমাৰি থানাত অখিল গগৈৰ বিৰুদ্ধে 1688/2019 নম্বৰত এটা গোচৰ ৰুজু কৰা হয় ৷ এই গোচৰত অখিল গগৈৰ বিৰুদ্ধে চাৰিটা মূল অভিযোগ উত্থাপন কৰা হৈছিল (Allegation against Akhil Gogoi) ৷

মাওবাদী সংগঠন ৰিভ’লিউচনেৰী কমিউনিষ্ট চেন্টাৰৰ সৈতে অখিল গগৈৰ সম্পৰ্ক থকা বুলি কোৱা হৈছিল এটা অভিযোগত ৷ দ্বিতীয়টো অভিযোগত কোৱা হৈছিল যে, কা বিৰোধী আন্দোলনৰ নামত অখিল গগৈ ৰাষ্ট্ৰ বিৰোধী কামত লিপ্ত হৈছে ৷ বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত ইয়াক ৰাষ্ট্ৰদ্ৰোহ হিচাপে গণ্য কৰা হৈছিল ৷ তৃতীয়তে অখিল গগৈয়ে নিজৰ ভাষণত ৰাষ্ট্ৰৰ প্ৰতি ঘৃণা বিয়পাই ৰাষ্ট্ৰীয় একতা আৰু সদ্ভাৱক বিঘ্নিত কৰিছে বুলি অভিযোগ উঠে ৷ চতুৰ্থ অভিযোগতো একেধৰণৰ কাৰ্যৰ সৈতে জড়িত বুলি কোৱা হয় অখিল গগৈক ৷

অৱশ্যে, কাৰাবন্দী হৈ থকাৰ মাজতে অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহে ৷ কাৰামুক্ত হোৱাৰ পাচত তেওঁক বিধানসভাৰ মজিয়াত চৰকাৰৰ বিৰুদ্ধে যথেষ্ট সৰৱ হোৱা পৰিলক্ষিত হৈছিল ৷ বিগত সময়ত বহুবাৰ বিধানসভাৰ অধ্যক্ষই তেওঁক সদনৰ পৰা বহিস্কাৰো কৰিছে ৷ এতিয়া পুনৰ কাৰাৰুদ্ধ হোৱাৰ সম্ভাৱনা দেখা গৈছে অখিল গগৈৰ ক্ষেত্ৰত ৷

লগতে পঢ়ক: প্ৰমাণহীন অভিযোগেৰে ডেৰবছৰে বন্দী কৰি ৰখা হৈছিল অখিল গগৈক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.