ড্ৰাগছকে ধৰি অপৰাধমূলক কাৰ্যত লিপ্ত ছয় গৰাকীক আটক মহানগৰ আৰক্ষীৰ

author img

By

Published : Nov 19, 2021, 6:31 PM IST

guwahati city police arrest six persons involved in criminal activities including drugs smuggling

মহানগৰীৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ, চুৰি মোবাইল সহ এখন বাইক, নগদ ধন জব্দ কৰা লগতে ছয় গৰাকীকৈ লোকক আটক কৰিছে ৷ গোপন সূত্ৰৰ পম খেদি পৃথকে পৃথকে অভিযান চলাইছিল মহানগৰ আৰক্ষীয়ে ৷

গুৱাহাটী, ১৯ নৱেম্বৰ : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে । নুনমাটি আৰক্ষী আৰু মধ্য আৰক্ষী জিলাৰ SOG দলে ড্ৰাগছৰ বিৰুদ্ধে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগী হাউচিং কলনী আৰু দিছপুৰৰ নন্দনগিৰি পথত পৃথকে পৃথকে অভিযান চলাই দুই ড্ৰাগছ সৰবাৰহকাৰীক আটক কৰে ৷ আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী হৈছে ক্ৰমে, ভৃগু সিং বৰদলৈ হীৰক জ্যোতি নাথ ৷

এই দুই সৰবৰাহকাৰীৰ পৰা অভিযানকাৰী দলটোৱে 2 টা ম'বাইল জব্দ কৰে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, ধৃত দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত পাথৰকুৱৰীৰ জুৰিপাৰত অভিযান চলাই মহম্মদ হানিফ আলী, চিৰাজুল ইছলাম আৰু সুৰুজ জামান শেখ নামৰ তিনি গৰাকী লোককো আটক কৰে ৷ আটকাধীন লোক কেইজনৰ পৰা আৰক্ষীয়ে 9 টা ম'বাইল জব্দ কৰে বুলি জানিব পৰা গৈছে ৷

ড্ৰাগছকে ধৰি অপৰাধমূলক কাৰ্যত লিপ্ত ছয় গৰাকীক আটক মহানগৰ আৰক্ষীৰ

পৰৱৰ্তী সময় আটকাধীন আইকেইজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰু এজন লোককো আটক কৰে আৰক্ষীয়ে ৷ জানিব পৰা মতে, বশিষ্ঠ থানাৰ অন্তৰ্গত যোৰাবাটৰ পৰা অলোক গগৈ নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে লোকজনৰ পৰা চাৰিটা চুৰি ম'বাইল জব্দ কৰে ৷

লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছৰ টাৰ্গেটত Kangana Ranaut : এইবাৰ বিৰোধী দলপতিৰ এজাহাৰ

লগতে লোকজনৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন, দুটা চাবোনৰ পেকেট, ড্ৰাগছ সৰবৰাহত ব্যৱহৃত ৪০ টাকৈ খালী কন্টেইনাৰ জব্দ কৰে আৰক্ষীয়ে । আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, আটকাধীন ছয় জনীয়া এই বৃহৎ দলটোৱে মহানগৰীৰ ভিন্ন প্ৰান্তত চেইন চুৰি, ডকাইতি, ম'বাইল চোৰ আৰু ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত আছিল ।

তাদুপৰি মহানগৰীৰ বিভিন্ন থানাত পূৰ্বতেও অপৰাধ মূলক ঘটনাৰ বাবে লোককেইজনৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হোৱাৰ উপৰিও কেইবাবাৰো কাৰাবাস খাতিছে ৷ অভিযান কালত আৰক্ষীয়ে ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা বৃহৎ পৰিমাণৰ হেৰ'ইন সহ ১৫ টা ম'বাইল ফোন, এখন বিলাসী বাইক, 40 টা কন্টেইনাৰ আৰু নগদ ধন ৩৮,০০২০ টকা জব্দ কৰে ৷

লগতে পঢ়ক: Farm laws repeal : সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.