ETV Bharat / state

নকল সোণ বিক্ৰেতাৰ কবলত পৰিল গুৱাহাটীৰ যুৱক

author img

By

Published : Feb 19, 2020, 6:25 PM IST

বিগত কিছুদিন পূৰ্বে চন্দ্ৰপুৰৰ কমল কলিতা নামৰ যুৱকজনৰ ওচৰলৈ সোণ ক্ৰয়ৰ বাবে এটা ফোনকল আহিছিল ৷ সোণ ক্ৰয়ৰ উদ্দেশ্যে যুৱকজনে তেজপুৰত উপস্থিত হৈ কেইবাখনো সোণৰ বিস্কুট প্ৰত্যক্ষ কৰে ৷ পৰৱৰ্তী সময়ত কমল কলিতাই প্ৰায় 45 হাজাৰ টকাৰ বিনিময়ত এখন সোণৰ বিস্কুট ক্ৰয় কৰি আনে ৷ কিন্তু ক্ৰয় কৰা সোণখিনি পৰীক্ষা কৰি চোৱাত সেয়া নকল সোণ বুলি ধৰা পৰে ৷

Guwahati Boy buys duplicate gold
নকল সোণ বিক্ৰেতাৰ কবলত পৰিল গুৱহাটীৰ যুৱক

গুৱাহাটী,19 ফেব্ৰুৱাৰীঃ পুনৰ ৰাজ্যত সংঘটিত হৈছে নকল সোণ বিক্ৰীৰ ঘটনা ৷ এইবাৰ নকল সোণ বিক্ৰেতাৰ কবলত পৰিল গুৱাহাটীৰ এজন যুৱক ৷ উল্লেখ্য যে, বিগত কিছুদিন পূৰ্বে চন্দ্ৰপুৰৰ কমল কলিতা নামৰ যুৱকজনৰ ওচৰলৈ সোণ ক্ৰয়ৰ বাবে এটা ফোনকল আহিছিল ৷ সোণ ক্ৰয়ৰ উদ্দেশ্যে যুৱকজনে তেজপুৰত উপস্থিত হৈ কেইবাখনো সোণৰ বিস্কুট প্ৰত্যক্ষ কৰে ৷ তাৰ পৰা কিছু পৰিমাণৰ সোণ তেখেতে পৰীক্ষা কৰি চায় ৷ পৰৱৰ্তী সময়ত কমল কলিতাই প্ৰায় 45 হাজাৰ টকাৰ বিনিময়ত এখন সোণৰ বিস্কুট ক্ৰয় কৰি আনে ৷ সোণখিনিৰ বজাৰ মূল্য আছিল প্ৰায় ১২ লাখ টকা । কিন্তু ক্ৰয় কৰা সোণখিনি পৰীক্ষা কৰি চোৱাত সেয়া নকল সোণ বুলি ধৰা পৰে ৷ ইয়াৰ বিপৰীতে পূৰ্বে পৰীক্ষাৰ বাবে অনা সোণৰ আৰ্হিখিনি প্ৰকৃত সোণৰহে আছিল ৷ ইয়াৰ পিছৰে পৰা যুৱকজনে বিক্ৰেতাকেইজনৰ লগত যোগাযোগ কৰিব চেষ্টা কৰি আছে যদিও বিফল হৈছে ৷

নকল সোণ বিক্ৰেতাৰ কবলত পৰিল গুৱহাটীৰ যুৱক

লগতে পঢ়ক-নগাঁৱৰ ৰূপহীহাটত বন্যহস্তীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.