ETV Bharat / state

Air Pollution in Guwahati: গুৱাহাটীসহ অসমৰ চাৰিখন নগৰত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ

author img

By

Published : Jan 18, 2023, 8:58 PM IST

গুৱাহাটীৰ লগতে অসমৰ চাৰিখন নগৰত বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়িছে । গুৱাহাটীত বায়ু প্ৰদূষণে জটিল ৰূপ ধাৰণ কৰিছে । যোৱা দুমাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়িছে । গুৱাহাটীৰ বায়ু মণ্ডলত PM 2.5, PM 10, ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইডৰ পৰিমাণ বেছি পোৱা গৈছে । এই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (Assam State Pollution Control Board) সদস্য সচিব ড৹ শান্তনু কুমাৰ দত্তৰ সৈতে ইটি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ ।

Pollution
Pollution

প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ সদস্য সচিবৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

গুৱাহাটী, ১৮ জানুৱাৰী : গুৱাহাটীত বায়ু প্ৰদূষণে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে (Air pollution in Guwahati becoming complex) । কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন মন্ত্রণালয়ৰ দেশৰ নগৰাঞ্চলৰ প্ৰদূষণৰ মাত্ৰা সম্পর্কত শেহতীয়া সমীক্ষা মতে, গুৱাহাটীৰ লগতে অসমৰ চাৰিখন নগৰত বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে (four districts of Assam increases pollution) । গুৱাহাটীৰ লগতে অসমৰ চাৰি নগৰত বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ি যোৱা সন্দৰ্ভত বুধবাৰে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (Assam State Pollution Control Board) সদস্য সচিব ড৹ শান্তনু কুমাৰ দত্তৰ লগত ইটিভি ভাৰতৰ তৰফৰ পৰা আছুতীয়া সাক্ষাৎকাৰ গ্ৰহণ কৰা হৈছিল ।

এই সন্দৰ্ভত অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সদস্য সচিব ড৹ শান্তনু কুমাৰ দত্তই কয়- বায়ুমণ্ডলত থকা PM 2.5, PM 10, ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইডৰ পৰিমাণ জুখি বায়ু প্ৰদূষণৰ মাত্ৰা নিৰূপণ কৰা‌ হয় । দেখা গৈছে যে যোৱা দুমাহ ধৰি গুৱাহাটীৰ বায়ু প্ৰদূষণৰ মাত্ৰা বাঢ়ি গৈছে । যোৱা এসপ্তাহৰ পৰা গুৱাহাটীত বায়ু প্ৰদূষণ বৃদ্ধি হৈছে (Air pollution in Assam) । গুৱাহাটীৰ বায়ু মণ্ডলত PM 2.5, PM 10, ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইডৰ পৰিমাণ বেছি পোৱা গৈছে । বৰষুণৰ অভাৱৰ বাবে এয়া হৈছে ।

তেওঁ কয়- পাহাৰৰ মাটি কটা, ব্ৰহ্মপুত্ৰৰ বালি, গুৱাহাটীত চলি থকা উৰণ সেতু, দলং আদিৰ নিৰ্মাণৰ ফলত গুৱাহাটীৰ বায়ু মণ্ডলত PM 2.5, PM 10, ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইডৰ পৰিমাণ বেছি পোৱা গৈছে । গুৱাহাটীত গাড়ী-মটৰৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেও ২০-৩০ শতাংশ বায়ু প্ৰদূষণ বাঢ়িছে । এই সময়ত ইটাৰ ভাতাবিলাক আৰম্ভ হয় । আকৌ গুৱাহাটীৰ দাঁতিকাষৰীয়া চন্দ্ৰপুৰত থকা ইটাভাটাৰ পৰাও গুৱাহাটীৰ বায়ু প্ৰদূষণ বৃদ্ধিত অৰিহণা যোগাইছে ।

তেওঁ কয় যে গুৱাহাটী মহানগৰৰ উপৰি নগাঁও, নলবাৰী, শিলচৰ আৰু শিৱসাগৰত অধিক মাত্ৰাৰ প্ৰদূষণ পোৱা গৈছে । অদূৰ ভৱিষ্যতে অসমৰ এইকেইখন নগৰৰ বায়ু প্ৰদূষণৰ মাত্ৰা আৰু বাঢ়িলে দিল্লীৰ দৰেই পৰিৱেশ সৃষ্টি হোৱাৰ যে শংকা কৰা হৈছে সেয়া অমূলক । কাৰণ গুৱাহাটী আৰু দিল্লীত বায়ু প্ৰদূষণ সৃষ্টিৰ উৎস ভিন্ন । তেওঁ লগতে কয়- শেহতীয়াকৈ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত কয়লা আৰু কোক উদ্যোগৰ‌ বাবে বায়ু প্ৰদূষণে জটিল ৰূপ লৈছে । মাৰ্ঘেৰিটাত ৪৬ টা কোক উদ্যোগ আছে । তেওঁ কয়- কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অনা নতুন ইটাভাতা স্থাপনৰ আইনে ইটাভাতাৰ পৰা সৃষ্টি হোৱা বায়ু প্ৰদূষণ ৰোধ কৰাত সহায়ক হ'ব ।

অহা দুবছৰৰ ভিতৰত অসমত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ অনা নতুন ইটাভাটা স্থাপনৰ আইন কাৰ্যকৰী কৰা হ'ব । আকৌ নগৰবোৰত থকা জাবৰ বিজ্ঞানসন্মতভাবে নিষ্কাশন কৰাৰ বাবে বায়'-মাইনিং (Bio mining) ব্যৱস্থা কৰা হ'ব । উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন মন্ত্রণালয়ৰ শেহতীয়া সমীক্ষা মতে, দেশৰ ১৩১ খন মহানগৰ আৰু নগৰৰ বায়ু প্ৰদূষণৰ মাত্ৰা বেছি হৈছে । এই ১৩১ খন নগৰাঞ্চলৰ ভিতৰত অসমৰ গুৱাহাটী মহানগৰ, নগাঁও, নলবাৰী, শিলচৰ আৰু শিৱসাগৰত বায়ু প্ৰদূষণৰ মাত্ৰা বেছি হৈছে । বায়ু প্ৰদূষণৰ মাত্ৰা বেছি হোৱা অঞ্চলসমূহত মানুহৰ স্বাস্থ্যজনিত, ছালৰ ৰোগৰ প্ৰকোপ বাঢ়ি গৈছে ।

গুৱাহাটী মহানগৰতো বিশেষকৈ ছালৰ ৰোগীৰ সংখ্যা বাঢ়িছে বুলি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন চিকিৎসকৰপৰা জানিব পৰা গৈছে । প্রাপ্ত খবৰ মতে, কেন্দ্ৰীয় পৰিৱেশ মন্ত্রণালয়ে বায়ু প্ৰদূষণৰ মাত্রা অধিক হোৱা নগৰসমূহত প্ৰদূষণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰক নির্দেশ দিছে । মন্ত্রণালয়ৰ সুকীয়া পুঁজিও ইতিমধ্যে ৰাজ্যসমূহক আবণ্টন দিছে । তেনেস্থলত অসমৰ পাঁচ নগৰৰ অত্যধিক বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব ।

লগতে পঢ়ক :Child was taken out of grave : কবৰৰ পৰা উলিয়াই চিকিৎসালয়ত ভৰ্তি এটি শিশুক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.