ফেৰীৰ ইঞ্জিন সলনি কৰাৰ খৰচ বহন কৰিব চৰকাৰে : হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Sep 12, 2021, 10:40 PM IST

government-to-bear-the-cost-of-changing-ferry-engines

দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কামকাজ পৰ্যালোচনাৰ বাবে এক বৈঠকত মিলিত হয় ৷ এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

গুৱাহাটী,12 ছেপ্টেম্বৰ : মেৰিন ইঞ্জিনযুক্ত যাত্ৰীবাহী ফেৰী সমূহৰ বাহিৰে সকলো ব্যক্তিগত ফেৰীৰ চলাচল বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে ৷ দেওবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কামকাজ পৰ্যালোচনাৰ বাবে এক বৈঠকত মিলিত হয় আৰু সেই বৈঠকতে এই সিদ্ধান্তৰ কথা ঘোষণা কৰে ৷ আনহাতে, যোৰহাট আৰু মাজুলীৰ মাজত এতিয়াৰে পৰা দুখন ৰ'পেক্সকে ধৰি ছখন চৰকাৰী ফেৰীয়ে সেৱা আগবঢ়াব ৷

বৈঠকত মুখ্যমন্ত্ৰীয়ে এই ঘোষণাও কৰে যে, আগন্তুক খৰালিত মাজুলী-যোৰহাট নদীপথচোৱাৰ খনন কৰা হ'ব । মাজুলী আৰু যোৰহাটৰ মাজত চলাচল কৰা সৰ্বমুঠ 19 খন বেচৰকাৰী ফেৰীত সম্পূৰ্ণ চৰকাৰী খৰচত অহা ছমাহৰ ভিতৰত মেৰিন ইঞ্জিন সংযোজন কৰা হ'ব ৷ বৈঠকত মুখ্যমন্ত্ৰীয়ে আৰু কয় যে, ফেৰীসমূহৰ আগমন আৰু প্ৰস্থানৰ সময়ত মাজুলী আৰু যোৰহাট জিলাৰ প্ৰতিখনৰে এগৰাকীকৈ দণ্ডাধীশক গতিবিধি নিৰীক্ষণ কৰাৰ বাবে দায়িত্ব দিয়া হ'ব ৷

লগতে পঢ়কঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন প্ৰত্যাহ্বান সমাগত মণিপুৰ-ত্ৰিপুৰাৰ নিৰ্বাচন

তেওঁলোকে উপায়ুক্তৰ হাতত দৈনিক প্ৰতিবেদন দাখিল কৰিব লাগিব ৷ সকলো যাত্ৰীৰ নাম, ঠিকনা, ফোন নম্বৰ যাত্ৰাৰ পূৰ্বেই লিপিবদ্ধ কৰিব লাগিব ৷ ফেৰীসমূহত প্ৰতি চাৰিগৰাকী যাত্ৰীৰ বিপৰীতে এটাকৈ লাইফব'য় থাকিব লাগিব আৰু লাইফব'য়ত অন্ততঃ 30 ফুট দীঘল একোডাল ৰচী সংলগ্ন হৈ থাকিব লাগিব ৷

আনহাতে, বৈঠকত এই সিদ্ধান্তও লোৱা হয় যে, জীৱনডিঙা আঁচনিৰ অধীনত আবেদন কৰা 850 খন যাত্ৰীবাহী ব্যক্তিগত ফেৰীক চৰকাৰে বিনামূলীয়াকৈ মেৰিন ইঞ্জিন যোগান ধৰিব ৷ প্ৰতিখন ফেৰীতে যাতে পৰ্যাপ্ত লাইফ জেকেট, অগ্নি নিৰ্বাপন সজুলি, ফাষ্ট এইড বক্স আদি মজুত থাকে সেইয়া নিশ্চিত কৰিবলৈও বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ৷

লগতে পঢ়কঃ মুখ্যমন্ত্রীৰে পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী অৰ্জুন মুণ্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.