মুখ্যমন্ত্রীৰে পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্রী অৰ্জুন মুণ্ডাৰ

author img

By

Published : Sep 12, 2021, 8:21 PM IST

union-tribal-minister-arjun-munda-attended-a-review-meeting-with-cm
মুখ্যমন্ত্রীৰে পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় জনজাতি মন্ত্রী অৰ্জুন মুণ্ডাৰ ()

দেওবাৰে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে এক বৈঠকত মিলিত হয় ৷ এই পৰ্যালোচনা সভাত জনজাতীয় লোকসকলৰ বাবে থকা আঁচনিসমূহৰ সফল ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া হয় ৷

গুৱাহাটী,12 ছেপ্তেম্বৰ : দুদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰে এক বৈঠকত মিলিত হয় ৷ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনজাতীয় লোকসকলৰ সবলীকৰণৰ অৰ্থে ৰূপায়ণ কৰা এম এফ পি, ভি ডি ভি কে আৰু ট্ৰাইফুড কাৰ্যক্ৰমৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰে ৷

union-tribal-minister-arjun-munda-attended-a-review-meeting-with-cm
মুখ্যমন্ত্রীৰে পৰ্যালোচনা বৈঠক কেন্দ্ৰীয় জনজাতি মন্ত্রী অৰ্জুন মুণ্ডাৰ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণসূচীত তেওঁৰ সতে উপস্থিত থাকে ট্ৰাইফেডৰ পৰিচালন সঞ্চালক প্ৰবীৰ কৃষ্ণ আৰু ট্ৰাইফেডৰ জ্যেষ্ঠ বিষয়াবৰ্গ ৷ বৈঠকত অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু প্ৰধান সচিবকে ধৰি আন উচ্চপদস্থ বিষয়সকলে অংশ গ্ৰহণ কৰে ৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই কয় ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলক বিকাশৰ পথত আগুৱাই নিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰি ইয়াৰ বাবে কাম কৰাৰ পৰামৰ্শ দিছে ৷

দেওবাৰৰ এই পৰ্যালোচনা সভাত জনজাতীয় লোকসকলৰ বাবে থকা আঁচনিসমূহৰ সফল ৰূপায়ণৰ ওপৰত গুৰুত্ব দিয়া হয় ৷ জনজাতীয় লোক সকলৰ প্ৰতি গুৰুত্ব দি তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীক উচিত মৰ্যাদা প্ৰদানৰ বাবে ব্যৱস্থা লোৱা হৈছে ৷

আনহাতে বন্ধন বিকাশ মাধ্যমেৰে জনজাতীয় জীৱন শৈলীক মৰ্যাদাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিবলৈ চেষ্টা কৰা হৈছে ৷ জনজাতীয় এলেকাসমূহৰ শৈক্ষিক উত্তৰণৰ বাবেও কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷ অসমে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যক প্ৰতিনিধিত্ব কৰি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহন কৰিব ৷

উল্লেখ যে, কেন্দ্ৰীয় চৰকাৰৰ জনজাতি উন্নয়নমূলক আঁচনিসমূহৰ তৃণমূল পৰ্যায়ত ৰূপায়ণ, প্ৰত্যাহ্বানৰাজি আৰু অগ্ৰগতি সন্দৰ্ভত বৈঠকত পৰ্যালোচনা আৰু মূল্যায়ন কৰা হয় ৷ ট্ৰাইফেডে সমগ্ৰ দেশখনতে ৰূপায়ণ কৰা এই কাৰ্যক্ৰমসমূহৰ চূড়ান্ত লক্ষ্য হৈছে সমগ্ৰ দেশখনৰ জনজাতীয় লোকসকলৰ জীৱন-যাত্ৰা আৰু জীৱিকাৰ সম্পূৰ্ণ ৰূপান্তৰ সাধন কৰা আৰু এখনি আত্মনিৰ্ভৰ ভাৰতৰ অভিমুখে তেওঁলোকক আগুৱাই নিয়া ৷

লগতে পঢ়কঃ অস্ত্ৰধাৰী সংগঠন শেষ নোহোৱালৈকে অসমত থাকিব AFSPA : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.