ETV Bharat / state

গুৱাহাটীত 200 শতাংশ পৰ্যন্ত বৃদ্ধি ভূমিৰ চৰকাৰী মূল্য; এবিঘা মাটি কিনাৰ পূৰ্বে চিন্তা কৰক দহবাৰ !

author img

By

Published : Jun 16, 2023, 6:08 PM IST

Government prices of land in Guwahati
Land prices in Guwahati city

গুৱাহাটী মহানগৰীত 200 শতাংশ পৰ্যন্ত ভূমিৰ চৰকাৰী মূল্য বৃদ্ধি কৰাৰ লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । ইয়াৰ অন্তৰালত কি আছে ? সাক্ষাৎকাৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কেতবোৰ অভিযোগ আনিলে ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই । চাওক এক বিশেষ প্ৰতিবেদন...

গুৱাহাটীত 200 শতাংশ পৰ্যন্ত বৃদ্ধি ভূমিৰ চৰকাৰী মূল্য

গুৱাহাটী, 16 জুন: ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত চৰকাৰে হঠাতে বৃদ্ধি কৰিলে মাটিৰ চৰকাৰী মূল্য । অলপতে জাৰী কৰা এক জাননী যোগে চৰকাৰে গুৱাহাটী মহানগৰীত মাটিৰ চৰকাৰী মূল্য 200 শতাংশ পর্যন্ত বৃদ্ধি কৰিছে । যাক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া । কেৱল গুৱাহাটী মহানগৰীতে নহয় ৰাজ্যৰ আন প্ৰান্ততো এশ শতাংশ পর্যন্ত মাটিৰ মূল্য বৃদ্ধি কৰিছে ৰাজহ বিভাগে ।

ভূমিৰ চৰকাৰী মূল্য বৃদ্ধিৰ ফলত চৰকাৰী পঞ্জীয়ন মাচুল তথা ফ্লেটৰ বৰ্গফুটৰ চৰকাৰী মূল্যও বৃদ্ধি পাব । গুৱাহাটী মহানগৰীত বর্তমান ভূমি পঞ্জীয়ন মাচুল 9 শতাংশ স্থিৰ হৈ আছে । স্বাভাৱিকতে ভূমিৰ মূল্য 200 শতাংশ বৃদ্ধিৰ ফলত পঞ্জীয়ন মাচুলো পূৰ্বৰ তুলনাত আকাশলংঘী হৈ পৰিব ।

এফালে চৰকাৰে বসুন্ধৰা-2.O ৰ যোগেদি খিলঞ্জীয়া লোকক ভূমিৰ পট্টা দিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ বিপৰীতে মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰি কৰৰ বোজা জাপি দিছে । জনতাক বিপর্যস্ত কৰি শূন্য ৰাজভঁৰাল টনকিয়াল কৰাৰ এয়া চৰকাৰী চক্রান্ত বুলি অভিযোগ উঠিছে ৷ গুৱাহাটীৰ পাঁচটা ৰাজহ চক্ৰৰ কাৰ্যালয় ক্ৰমে গুৱাহাটী, দিছপুৰ, সোণাপুৰ, চন্দ্ৰপুৰ আৰু আজাৰাত মাটিৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি কৰিলে ৰাজহ বিভাগে । এই ভূমিৰ নতুন মূল্য তালিকা ৰাজহ বিভাগে মে’ মাহতে কামৰূপ মহানগৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে ।

সেই অনুসৰি ঔদ্যোগিক অঞ্চল,ব্যৱসায়িক অঞ্চল, আবাসিক অঞ্চল, ৰাষ্ট্ৰীয় ঘাইপথৰ এশ মিটাৰৰ ভিতৰত, মুখ্য পথৰ এশ মিটাৰ ভিতৰত, লোকনিৰ্মাণ বিভাগৰ পথৰ সমীপ আদি কেইবাটাও শ্ৰেণীত গুৱাহাটীৰ মাটিৰ মূল্য নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে । ঔদ্যোগিক স্থানত 1.50 কোটি, মুখ্য পথৰ সমীপত 4.80 কোটি, লোকনির্মাণ বিভাগৰ পথৰ সমীপত 5 কোটিলৈকে প্রতি বিঘা ভূমিৰ মূল্য নিৰ্ধাৰণ কৰিছে ৰাজহ বিভাগে ।

লগতে পঢ়ক: Orange alert in Assam: নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত বান পৰিস্থিতি জটিল হোৱাৰ সম্ভাৱনা

দিছপুৰত ঔদ্যোগিক স্থানত 2.50 কোটি, মুখ্য পথৰ এশ মিটাৰ ভিতৰত 7.80 কোটি, মুখ্য পথৰ এশ মিটাৰ বাহিৰত 7.70 কোটি, লোকনিৰ্মাণ বিভাগৰ পথৰ এশ মিটাৰ ভিতৰত 7.60 কোটি, লোকনির্মাণ বিভাগৰ পথৰ এশ মিটাৰৰ বাহিৰত 7.50 কোটি টকা পর্যন্ত প্রতি বিঘা মাটিৰ মূল্য নতুনকৈ ধার্য কৰা হৈছে ।

ইফালে কাহিলিপাৰাত প্ৰতি বিঘা ভূমি ব্যৱসায়িক স্থানত 1 কোটি, মুখ্য পথৰ এশ মিটাৰ ভিতৰত 2.80 কোটি, মুখ্য পথৰ এশ মিটাৰ বাহিৰত 2.70 কোটি, লোকনির্মাণ বিভাগৰ এশ মিটাৰৰ ভিতৰত 2.60 কোটি, লোক নিৰ্মাণ বিভাগৰ এশ মিটাৰৰ বাহিৰত 2.50 কোটি টকা মূল্য নিৰ্ধাৰণ কৰিছে ৰাজহ বিভাগে । সেইদৰে বশিষ্ঠত ভূমিৰ মূল্য প্রতি বিঘাত 4.20 কোটি, মঠঘৰীয়াত 6.30 কোটি, নুনমাটিত 2.77 কোটি, হেঙেৰাবাৰীত 5.70 কোটি, গীতানগৰত 4.35 কোটি, হাতীগাঁৱত 2.80 কোটি টকা ধাৰ্য কৰিছে ৷

একেটা শিতানত জ্যোতিকুছিত 3.30 কোটি, খাৰঘুলিত 2.70 কোটি, বোন্দাত 2.70 কোটি, ফটাশিলত 4.80 কোটি, বর্ষাপাৰাত 4.80 কোটি, সৰুমটৰীয়াত 8.70 কোটি, ৰুক্মিণীগাঁৱত 7.20 কোটি, দ্বাৰকানগৰত 6.30 কোটি, খানাপাৰাত 5 কোটি, সাতগাঁৱত 3.90 কোটি, কলিতাকুছিত 2.70 কোটি, বাঘৰবড়িত 3.30 কোটি, ওদালবাক্রাত 4.20 কোটি, ধলদমাত 3.30 কোটি, জনশিমলুত 1.65 কোটি টকা পর্যন্ত প্রতি বিঘা ভূমিৰ মূল্য ৰাজহ বিভাগে নতুনকৈ নিৰ্ধাৰণ কৰিছে ।

লক্ষণীয় বিষয় যে, এই মূল্য 2025 চনলৈকেহে নিৰ্ধাৰণ কৰা হৈছে । অৰ্থাৎ 2025 চনৰ পিচত পুনৰ বৃদ্ধি পাব ভূমিৰ চৰকাৰী মূল্য । গুৱাহাটীত মাটিৰ চৰকাৰী মূল্য অভাৱনীয় হাৰত বৃদ্ধি কৰাকলৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই । ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ ভূমিৰ চৰকাৰী মূল্য বৃদ্ধি কৰা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰি ইয়াক বাতিল কৰাৰ দাবী জনায় । তেওঁ কয় যে, গুৱাহাটীৰ পট্টাহীন মানুহৰ বাবে ভূমিৰ মূল্য বৃদ্ধি কৰাটো অভিশাপ স্বৰূপ । ৰাজকোষ উদং হোৱাৰ বাবে চৰকাৰখনে ৰাজহ বৃদ্ধিৰ বাবে এনেদৰে জনতাৰ ওপৰত বোজা জাপি দিছে ।

লগতে পঢ়ক: Congress Meeting With CPI (M): কংগ্ৰেছ নেতৃত্বত 12 টা বিৰোধী ৰাজনৈতিক দলৰ ব্যাপক কুচ-কাৱাজ

তেওঁ লগতে অভিযোগ কৰি কয় যে, মুখ্যমন্ত্রীয়ে কোনো দল-সংগঠনৰ লগত আলোচনা নকৰাকৈ কেৱল তেওঁৰ কাষত থকা ভূ-মাফিয়া তথা দালালৰ লগত আলোচনা কৰি অদ্ভুত ধৰণে মাটিৰ চৰকাৰী মূল্য বৃদ্ধি কৰিছে । ইয়াৰ ফলত পট্টাহীন দৰিদ্ৰ জনগণে মাটিৰ পট্টা আৰু কোনোদিনে কৰিব নোৱাৰিব । 30 জুনৰ ভিতৰত চৰকাৰে এয়া বাতিল নকৰিলে 1 জুলাইৰ পৰা ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে ব্যাপক আন্দোলন গঢ়ি তুলিব বুলি তেওঁ জানিবলৈ দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.