ETV Bharat / state

PM Awas Yojana : চহৰত লক্ষ্যৰ 1.76 লাখ গৃহৰ বিপৰীতে নিৰ্মাণ সম্পূৰ্ণ হৈছে মাত্ৰ 85 হেজাৰ গৃহ

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 6:23 PM IST

ৰাজ্যৰ ১০০খন চহৰত প্ৰধানমন্ত্রী আৱাস যোজনাৰ গৃহ নির্মাণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰ। আঠ বছৰত লক্ষ্যৰ বিপৰীতে ৰাজ্য চৰকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰিব পৰা নাই পঞ্চাশ শতাংশও গৃহ। নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱা বাবে অনুমোদন জনোৱা ২,৬৭৪.২৬ কোটি টকাৰ বিপৰীতে এতিয়ালৈ মোকলাই দিছে ১,৬০৮.৮৯ কোটি টকা।

Pradhan Mantri Awas Yojana in urban areas
চহৰত প্ৰধানমন্ত্রী আৱাস যোজনাৰ গৃহ নির্মাণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰ

গুৱাহাটী, 07 ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্যৰ দৰে নগৰৰ ক্ষেত্ৰতো বহু পিছপৰি আছে অসম ৷ আঁচনিখনৰ গ্ৰাম্যৰ অধীনত এতিয়াও অনুমোদিত গৃহৰ চাৰি লাখ গৃহৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা নাই ৷ ইয়াৰ বিপৰীতে নগৰাঞ্চলৰ ক্ষেত্ৰত 50 শতাংশ গৃহ নিৰ্মাণৰ কামো সম্পূৰ্ণ হোৱা নাই ৷ লক্ষণীয় বিষয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰাম্য প্ৰায়ে চৰ্চাত থাকে যদিও নগৰৰ বিষয়টো বিশেষভাৱে চৰ্চালৈ নাহে ৷ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ) গ্ৰাম্যতকৈ বহু পিছ পৰি আছে ৷ ৰাজ্যখনৰ এশখন চহৰ-নগৰত ৰূপায়ণ হৈ থকা এই প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ) আঁচনিখন কাৰ্যতঃ ব্যৰ্থ হৈছে ৷

বিগত আঠ বছৰ ধৰি ৰাজ্যখনত থকা চহৰীয়া দুখীয়া লোকক পকীঘৰ নিৰ্মাণ কৰি দিয়াত চূড়ান্ত ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰ ৷ বিগত আঠ বছৰত লক্ষ্যৰ বিপৰীতে ৰাজ্য চৰকাৰে এতিয়ালৈকে পঞ্চাশ শতাংশও গৃহ নির্মাণ সম্পূর্ণ কৰিব পৰা নাই ৷ লক্ষণীয় বিষয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰাম্য)ৰ অধীনত গৃহ নির্মাণত যথেষ্ট ঢাক-ঢোল বজাই আহিছে ৰাজ্য চৰকাৰখনে ৷ গ্ৰামাঞ্চলত আৱাস যোজনা নির্মাণক লৈ যিমান পৰিমাণে বিজ্ঞাপন প্ৰকাশ কৰি ৰাজ্য চৰকাৰখনে সফলতা প্ৰচাৰ কৰি আহিছে সিমানেই অন্ধকাৰত ৰখা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চহৰীয়া আঁচনিখন ৷ ইয়াৰ মূলতে হৈছে লক্ষ্যৰ বিপৰীতে গৃহ নিৰ্মাণৰ শামুকীয়া গতি ৷

উল্লেখ্য যে এখন অভিলাষী আঁচনিৰ ব্যৰ্থতাৰ যোগেদি প্ৰকট হৈছে অসমত চৰকাৰখনৰ বিকাশ আৰু উন্নয়নৰ প্ৰকৃত ছবিখন ৷ উল্লেখ্য যে 2014 চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰ গঠন হোৱাৰ পিচতে ঘোষিত হৈছিল যে সকলোৰে বাবে পকী ঘৰ হ'ব লাগিব ৷ সেই আধাৰতে অসমৰ দৰে ৰাজ্যতো পুৰণি আই এ ৱাইৰ সলনি ৰূপায়ণ হ’বলৈ লৈছিল প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰাম্য) ৷ ইয়াৰ সমান্তৰালভাৱে চহৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত তথা ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ তত্ত্বাৱধানত অসমতো ৰূপায়ণ কৰিবলৈ লোৱা হয় প্ৰধানমন্ত্ৰী আৱাস যোজনা (নগৰ) ৷ ৰাজ্য চৰকাৰে ইয়াৰ বাবে বাছনি কৰে 100 খন চহৰ ৷

এই 100 চহৰত 555 টা প্ৰকল্পৰ অধীনত মুঠ 1,76,643 টা গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয় ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে বিগত 8 বছৰত মাথোঁ 85,507 টা গৃহহে নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ল ৷ লক্ষণীয় কথা যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে 2,674.26 কোটি টকাৰ অনুমোদন জনাই যদিও কেৱল নির্মাণ লেহেমীয়া হোৱা বাবেই এতিয়ালৈ 1,608.89 কোটি টকাহে মুকলি কৰি দিছে ৷ লক্ষণীয় বিষয় যে ৰাজ্যখনৰ অন্যান্য চহৰৰ দৰে গোলকগঞ্জ চহৰতো ৰাজ্য চৰকাৰে 1,121 টা আৱাস গৃহ নির্মাণত অনুমোদন জনাইছিল ৷ ইয়াৰ বাবে কেন্দ্ৰই 16.82 কোটি টকাৰ অনুমোদন জনাইছিল ৷ কিন্তু তথ্য মতে আজি পর্যন্ত এইখন চহৰত এটাও গৃহ নির্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে চৰকাৰে ৷

ডিফু চহৰতো সেই একেই অৱস্থা ৷ চহৰখনৰ দুখীয়া লোকৰ বাবে মুঠ 3,897 টা গৃহ নির্মাণত অনুমোদন জনাই যদিও বর্তমানলৈকে মাথোঁ 460 টা গৃহ নির্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৷ একে সময়তে ডিব্ৰুগড় চহৰত 5,126 টা গৃহৰ অনুমোদন দিছিল যদিও বিগত আঠ বছৰত এই লক্ষ্যৰ বিপৰীতে মাথোঁ 1,181 টা গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হয় ৷

তেনেদৰে তিনিচুকীয়া চহৰতো 4,877 টা গৃহৰ অনুমোদন দিয়ে যদিও নিৰ্ধাৰিত সময়ত মাথোঁ 2,457 টা গৃহহে নির্মাণ হয় ৷ ধেমাজি চহৰতো 5,155 টা গৃহত অনুমোদন জনাই যদিও বিগত 8 বছৰত নিৰ্মাণ হয় 2,026 টা গৃহ ৷ শিলচৰ চহৰত আকৌ 8,515 টা গৃহত অনুমোদন জনাই যদিও 2,929 টা গৃহহে আজি পর্যন্ত সম্পূৰ্ণ হয় ৷ যোৰহাট চহৰত 1,468 টা গৃহৰ বিপৰীতে নিৰ্ধাৰিত সময়ৰ ভিতৰত 392 টা গৃহ নির্মাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হয় ৷ সেইদৰে দেৰগাঁও চহৰত লক্ষ্যৰ 2,028 টা গৃহৰ বিপৰীতে 409 টা গৃহহে সম্পূর্ণ হয় ৷ আনহাতে ডকমকা চহৰত 2,171 টাৰ ভিতৰত 450 টা গৃহ, হাফলং চহৰত 1,476 টাৰ ভিতৰত 434 টা গৃহ, নলবাৰী চহৰত 2,938 টাৰ বিপৰীতে 1,349 টা গৃহ, উত্তৰ লখিমপুৰত 1,131 টা গৃহৰ বিপৰীতে 591 টা গৃহ আৰু কৰিমগঞ্জ চহৰত 9,208 টাৰ ভিতৰত 2,912 টা গৃহৰহে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে ৷

ইফালে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত 4,624 টা গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ বিপৰীতে এতিয়ালৈ 2,445 টা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷ এনেদৰেই প্ৰতিখন চহৰত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণত ব্যৰ্থতাৰ অভিলেখ গঢ়িছে ৰাজ্যখনৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে ৷ উল্লেখ্য যে বিভাগটোৰ দায়িত্বত থকা মন্ত্ৰী অশোক সিংহালে সততে ৰাজ্যৰ দ্ৰুত উন্নয়নৰ ঢাক-ঢোল বজাই আহিলেও চহৰত থকা দুখীয়াৰ বাবে আৱণ্টিত প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৷

লগতে পঢ়ক : Akhil Gogoi: 23 বছৰ চৰকাৰত থাকি কেৱল নিজৰ সম্পত্তি গঢ়িলে হিমন্ত বিশ্ব শৰ্মাই; অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.