ETV Bharat / state

9 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন আৰু সদ্ভাৱনা যাত্ৰা

author img

By

Published : Dec 7, 2020, 11:04 PM IST

gourav-gogoi-press-meet
9 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন আৰু সদ্ভাৱনা যাত্ৰা

সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিসৰ্জন দিয়া হ'ব । পুত্ৰ গৌৰৱ গগৈয়ে নেতৃত্ব ল’ব এই বিশাল কাৰ্যসূচীৰ । ইতিমধ্যে, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰাও প্ৰস্তুত কৰি উলিওৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চিতাভস্ম বিসৰ্জন কাৰ্যসূচী ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে আৰম্ভ হ'ব সদ্ভাৱনা যাত্ৰাৰ ।

গুৱাহাটী, 7 ডিচেম্বৰ : সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিসৰ্জন দিয়া হ'ব । পুত্ৰ গৌৰৱ গগৈয়ে নেতৃত্ব লব এই বিশাল কাৰ্যসূচীৰ । ইতিমধ্যে, প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰাও প্ৰস্তুত কৰি উলিওৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ চিতাভস্ম বিসৰ্জন কাৰ্যসূচী ৷ শদিয়াৰ পৰা ধুবুৰীলৈকে আৰম্ভ হ'ব সদ্ভাৱনা যাত্ৰাৰ ।

gourav-gogoi-press-meet
9 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন আৰু সদ্ভাৱনা যাত্ৰা

9 ডিচেম্বৰত উজনি অসম মণ্ডলৰ সাতখন জিলা সামৰি যোৰহাটত বিসৰ্জন দিয়া হ'ব চিতাভস্ম । ইয়াৰ পূৰ্বে শদিয়াৰ পৰা আৰম্ভ হ'ব সদ্ভাৱনা যাত্ৰা । যোৰহাটত এই অনুষ্ঠানত ভাগ ল'বলগীয়া জিলাকেইখন হ'ল, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু মাজুলী । ইয়াৰ পিচতেই 17 ডিচেম্বৰত উত্তৰ অসম মণ্ডলৰ 6 খন জিলা ক্ৰমে, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ওদালগুৰি আৰু দৰঙক সামৰি কেন্দ্ৰীয়ভাৱে বিশ্বনাথত বিসৰ্জন দিয়া হ'ব গগৈৰ চিতাভস্ম ।

gourav-gogoi-press-meet
9 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন আৰু সদ্ভাৱনা যাত্ৰা

লগতে পঢ়ক : আগ্ৰা মেট্ৰ' প্ৰজেক্ট উদ্বোধনঃ 'ভোকেল ফৰ লোকেল টুৰিজিম'ৰ প্ৰসংগ উত্থাপন প্ৰধানমন্ত্ৰীৰ

একেদৰে, 21 ডিচেম্বৰত মধ্য অসম মণ্ডলৰ তিনিখন জিলা ক্ৰমে হোজাই, মৰিগাঁও আৰু নগাঁৱক সামৰি নগাঁৱত চিতাভস্ম বিসৰ্জন দিয়া হ'ব । 27 ডিচেম্বৰত পাৰ্বত্য জিলা মণ্ডলৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি ডিফুত বিসৰ্জন দিয়া হ'ব পবিত্ৰ চিতাভস্ম ।

gourav-gogoi-press-meet
9 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন আৰু সদ্ভাৱনা যাত্ৰা

নামনি অসম মণ্ডলৰ 9 খন জিলা ক্ৰমে, বঙাইগাঁও, নলবাৰী, ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, গোৱালপাৰা আৰু বৰপেটাক সামৰি 30 ডিচেম্বৰত বঙাইগাঁৱত কেন্দ্ৰীয়ভাৱে চিতাভস্ম বিসৰ্জন দিয়া হ'ব । পৰৱৰ্তী সময়ত 7 জানুৱাৰীত বৰাক উপত্যকা মণ্ডলৰ তিনি জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিক সামৰি শিলচৰত চিতাভস্ম বিসৰ্জন দিয়া হ'ব । সৰ্বশেষত 12 জানুৱাৰীত গুৱাহাটীৰ লতাশিল খেলপথাৰত এই চিতাভস্ম বিসৰ্জন আৰু সদ্ভাৱনা যাত্ৰাৰ সামৰণি মৰা হ'ব বুলি জানিব পৰা গৈছে ।

gourav-gogoi-press-meet
9 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব তৰুণ গগৈৰ চিতাভস্ম বিসৰ্জন আৰু সদ্ভাৱনা যাত্ৰা

লগতে পঢ়ক : বাক্সাত সম্পন্ন 50 শতাংশ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.