ETV Bharat / state

উজান বজাৰত 'গৰু' চাবলৈ ৰাইজৰ ভিৰ

author img

By

Published : Jan 22, 2021, 11:01 PM IST

goru-assamese-movie-release-in-ghy
উজান বজাৰত 'গৰু' চাবলৈ ৰাইজৰ ভিৰ

হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘গৰু’ অৱশেষত শুকুৰবাৰে মুক্তি দিয়া হ'ল । 5 টা প্ৰদৰ্শিনীৰে মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত শুভমুক্তি দিয়া হয় ‘গৰু’ চলচ্চিত্ৰখন ৷

গুৱাহাটী, 22 জানুৱাৰী : মহামাৰী কৰ'ণাসৃষ্ট পৰিৱেশৰ পিচত মুক্তিৰ ক্ষণ গণি থকা বহু প্ৰতীক্ষিত হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চলচ্চিত্ৰ ‘গৰু’ অৱশেষত শুকুৰবাৰে মুক্তি দিয়া হ'ল । 5 টা প্ৰদৰ্শিনীৰে মহানগৰীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত শুভমুক্তি দিয়া হয় ‘গৰু’ চলচ্চিত্ৰখন ৷ ইফালে, শনিবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন 82 টা নাট্য মন্দিৰত দৰ্শকে উপভোগ কৰিব পাৰিব ছবিখন ৷ লগতে, 22 ৰ পৰা 26 জানুৱাৰীলৈ দিনৰ পুৱা 11 বজা, দুপৰীয়া 1 বজা, 3 বজা, সন্ধিয়া 5 আৰু 7 বজাত প্রদর্শন কৰা হ’ব গৰু ছবিখন ৷

goru-assamese-movie-release-in-ghy
উজান বজাৰত 'গৰু' চাবলৈ ৰাইজৰ ভিৰ

উল্লেখ্য যে, ক্ৰেয়ন ট্ৰী প্ৰডাকচন বেনাৰত নিৰ্মিত ‘গৰু’ ৰ প্ৰযোজনা কৰিছে গীতা পাঠকে । হুছেইন মহম্মদ ছাহজাহানৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত 'গৰু'ৰ চিত্ৰনাট্য ৰচনা ছাহজাহান, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাসৰ । চিনেমাখনৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ক্ৰমে, বাহাৰুল ইছলাম, পাকিজা বেগম, প্ৰাঞ্জল শইকীয়া, সিদ্ধাৰ্থ মুখাৰ্জী, অৰুণ নাথ, কমললোচন, লনিশ্ৰী দাস, চন্দন দাস, অসীম কৃষ্ণ বৰুৱা আৰু প্ৰণামী বৰাই ।

উজান বজাৰত 'গৰু' চাবলৈ ৰাইজৰ ভিৰ

উল্লেখ্য যে, নতুন বছৰটোৰ প্ৰথমখন চিনেমা চাবলৈ দৰ্শকৰ এই পাৰভঙা উৎসাহ নিশ্চিতভাৱে অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এক ইতিবাচক বাৰ্তা ।

লগতে পঢ়ক : নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে নামৰূপ সাৰ কাৰখানালৈ মনত পৰিল চৰকাৰৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.