ETV Bharat / state

গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট জব্দ

author img

By

Published : Jun 15, 2021, 5:47 PM IST

গুৱাহাটীৰ ভৰলুমুখত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইনসহ ৮ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় । ভৰলু আৰক্ষীয়ে (Bharalu police) এখন চাৰিচকীয়া বাহনত অভিযান চলাই উদ্ধাৰ কৰে সোণখিনি ৷

gold recovery in guwahati
গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট জব্দ

গুৱহাটী, ১৫ জুন : মহানগৰ আৰক্ষীৰ অভিযানত মঙলবাৰে জব্দ কৰা হয় বৃহৎ পৰিমাণৰ সোণ । গুৱাহাটীৰ ভৰলুমুখত আৰক্ষীয়ে (Bharalu police) অভিযান চলাই বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইনসহ ৮ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় । ভৰলু আৰক্ষীয়ে (Bharalu police) এখন চাৰিচকীয়া বাহনত অভিযান চলাই উদ্ধাৰ কৰে সোণখিনি ।

gold recovery in guwahati
গুৱাহাটীত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট জব্দ

আৰক্ষীয়ে জনোৱা মতে নগাঁৱৰ পৰা গুৱাহাটীলৈ অনা হৈছিল সোণখিনি। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে মনোজ চাহ আৰু আমান আলী নামৰ দুজন লোকক। জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ভৰলুমুখ আৰক্ষীয়ে (Bharalu police) এক গোপন সূত্ৰৰ ভিত্তিত এই অভিযান চলাইছিল। সম্প্ৰতি পশ্চিম গুৱাহাটী জিলা আৰক্ষীয়ে সমস্ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়কঃ যোৰহাটৰ ধুবী ঘাটত ড্ৰাগছ সেৱনকাৰী কৰায়ত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.