ETV Bharat / state

মহানগৰীৰ গান্ধী মণ্ডপত 151 সংখ্যক গান্ধী জয়ন্তী পালন

author img

By

Published : Oct 2, 2020, 10:51 PM IST

গুৱাহাটীৰ গান্ধী মণ্ডপত মহামানৱ মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী পালন ৷ কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ সোণোৱালৰ লগতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কুইন ওজাৰ ওপৰিও জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধা নিবেদন ৷ নতুন প্ৰজন্মক গান্ধীৰ অহিংস আৰু সততাৰ আদৰ্শেৰে আগুৱাই যাবলৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ ৷

গান্ধী মণ্ডপত 151 সংখ্যক গান্ধী জয়ন্তী পালন
গান্ধী মণ্ডপত 151 সংখ্যক গান্ধী জয়ন্তী পালন

গুৱাহাটী, 2 অক্টোবৰ: কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গুৱাহাটীত 151 সংখ্যক গান্ধী জয়ন্তী পালন ৷ জিলা প্ৰশাসনে আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকি জাতিৰ পিতা গৰাকীৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰে ৷ গান্ধীক সোঁৱৰি আয়োজন কৰা সৰ্বধৰ্মীয় প্ৰাৰ্থনাতো মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহন কৰে ৷

গান্ধী মণ্ডপত মহামানৱ মহাত্মা গান্ধীৰ 151 সংখ্যক জন্ম জয়ন্তী পালন

উঠি অহা প্ৰজন্মক গান্ধীৰ অহিংস আৰু সততাৰ আদৰ্শেৰে আগুৱাই যাবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, "অহিংসা নীতিৰে সমাজ নিৰ্মানৰ কাম কৰি যোৱাৰ লগতে সততা আৰু নিষ্ঠাৰে জীৱন গঢ়াৰ বাট দেখুৱাই গৈছে জাতিৰ পিতা গৰাকীয়ে। আমি উঠি অহা প্ৰজন্মৰ মাজত মহাত্মাৰ আদৰ্শ জগাই তুলি তেওঁলোকক অহিংসা আৰু সততাৰ পথেৰে আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাব লাগিব।"

গান্ধী মণ্ডপত অনুষ্ঠিত এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,সাংসদ কুইন ওজাৰ ওপৰিও জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকি জাতিৰ পিতা গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক: আজি দুই অক্টোবৰ: গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি শ্ৰদ্ধাৰ্ঘ জাতিৰ পিতাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.