ETV Bharat / state

যোৰাবাটত নিশা কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ পাঁচ যুৱকৰ

author img

By

Published : Nov 24, 2019, 8:31 PM IST

Updated : Nov 24, 2019, 10:53 PM IST

ন-মাইল প্ৰথম গেটৰ সমীপত তুৰাৰ পৰা পাঁচজন যুৱকে প্ৰহাৰ কৰে তহলদাৰীৰ দায়িত্বত থকা আৰক্ষীক ৷ যুৱককেইজনৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় আৰক্ষী জোৱান কেইজন ৷ ৰবিবাৰে পাঁচ অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷

যোৰাবাটত নিশা কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ পাঁচ যুৱকৰ

গুৱাহাটী, 23 নৱেম্বৰঃ যোৰাবাটত নিশা কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ পাঁচ যুৱকৰ ৷ ন-মাইল প্ৰথম গেটৰ সমীপত তুৰাৰ পৰা অহা যুৱককেইজনে প্ৰহাৰ কৰে আৰক্ষীক ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, ন মাইলৰ সমীপত ৰাজপথতে নিজৰ বিলাসী বাহনখন ৰখাই পাঁচজন যুৱকৰ এজনক প্ৰহাৰ কৰি আছিল অন্য চাৰিজন যুৱকে ৷ তাকে দেখি কৰ্তব্যৰত আৰক্ষীয়ে কিয় মাৰপিট কৰিছে বুলি সোধাৰ লগে লগে তুৰাৰ পৰা অহা যুৱকৰ সুৰাসক্ত দলটোৱে উপৰ্যুপৰি আক্ৰমণ কৰে আৰক্ষীৰ দলটোক ৷ নিশা তহলদাৰী আৰক্ষীৰ দায়িত্বত আছিল আৰক্ষী নিৰ্মল দলে, মহাজল আলী, অধীৰ বৰ্মন, ধনমণি পাটগিৰি আৰু নুবুৰ আলী ৷ যুৱককেইজনৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় আৰক্ষী যোৱান কেইজন ৷

যোৰাবাটত নিশা কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ

আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২০০৬/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে ৷ ধৃত যুৱককেইজন ক্ৰমে আৰ মমিন, সনল বাৰ্মা, ৰাক ৰাক জি মমিন, জয় ভট্টাচাৰ্য আৰু অভিশেক গুপ্তা ৷ ৰবিবাৰে পাঁচ অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় ৷ উল্লেখযোগ্য যে, নিশাই নম্বৰ প্লেট বিহীন বিলাসী বাহনখনো জব্দ কৰি থানালৈ লৈ অনা হয় ৷

Intro:তুৰাৰ পৰা অহা পাছ যুৱকে নিশা কৰ্তব্যৰত মহানগৰীৰ যোৰাবাট আৰক্ষীক কৰিলে প্ৰহাৰ

নমাইল প্ৰথম গেটৰ সমীপত তুৰাৰ পৰা অহা এই পাছ যুৱক ক্ৰমে আৰ মমিন , সনল বাৰ্মা , ৰাক ৰাক জি মমিন , জয় ভট্টাচাৰ্য আৰু অভিশেক গুপ্তাই মাৰপিত কৰে আৰক্ষীক ।


আৰক্ষীয়ে জানিব দিয়া মতে ন মাইলৰ সমীপত ৰাজপথতে এই বিলাসী বাহন খন ৰাখি পাঁচজন যুৱকৰ এজনক মাৰপিত কৰি আছিল অন্য চাৰিজন যুৱকে


তাকে দেখি কৰ্ত্যবৰত আৰক্ষীয়ে কিয় মাৰপিত কৰিছে বুলি সোধাৰ লগে লগে তুৰা পৰা অহা যুৱকৰ সুৰাসক্ত দলটোৱে উপৰ্যপৰি আক্ৰমণ কৰে আৰক্ষীৰ দলটোক ।

নিশা তহলদাৰী আৰক্ষীৰ দায়িত্বত কৰ্তব্যৰত আৰক্ষী নিৰ্মল দলে , মহাজল আলী , অধীৰ বৰ্মন আৰু ধনমণি পাটগিৰি আৰু নুবুৰ আলী ক প্ৰহাৰ কৰে ।


ইফালে এই প্ৰহাৰ কৰাৰ ফলত আৰক্ষী যোৱান কেইজন আঘাতপ্ৰাপ্ত হব লগীয়া হয়

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২০০৬/১৯ নম্বৰত এক গোচৰ ৰুজু কৰে

আজি পাঁচ অভিযুক্তক আদালতত হাজিৰ কৰাৰ পিছত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে

উল্লেখযোগ্য যে নিশাই ঘটনাস্থলীত অতিৰিক্ত ভাবে আৰক্ষী মাতি নি নম্বৰ প্লেট বিহীন বিলাসী বাহনখন জব্দ কৰি থানালৈ লৈ আহেBody:Asrar Ansari Conclusion:Guwahati
Last Updated : Nov 24, 2019, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.