ETV Bharat / state

মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী 5 অভিযুক্ত

author img

By

Published : May 22, 2022, 10:02 PM IST

এইবাৰ অপৰাধীয়ে পাতিছে অপৰাধৰ নতুন জাল ৷ ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষকো ৷ এইবাৰ মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল 5 জনীয়া এটা চক্ৰ (Five accused detain for demanding money in name of CM vigilance) ৷

মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল 5 অভিযুক্ত
মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল 5 অভিযুক্ত

গুৱাহাটী, 22 মে’ : অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী (Assam Police operation against crime and criminals) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতেই দুৰ্নীতি তথা অপৰাধ মুক্ত অসম গঢ়াৰ স্বাৰ্থত উঠি পৰি লাগিছে অসম আৰক্ষীও ৷ শনিবাৰে লাভ কৰা এক গোপন তথ্যৰ খবৰৰ ভিত্তিত অপৰাধ শাখাৰ জালত পৰে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰা 5 অভিযুক্ত (Five accused detain for demanding money in name of CM vigilance) ৷

অপৰাধ শাখাৰ উপ আয়ুক্ত ৰ’জি কলিতাই উল্লেখ কৰা অনুসৰি, এজন ঠিকাদাৰক ধন দাবী কৰিছিল আটকাধীন 5 জনীয়া এটা দুষ্ট চক্ৰই ৷ সেই তথ্য লাভ কৰিছিল অপৰাধ অনুসন্ধান শাখাই ৷ এই তথ্যৰ ভিত্তিতেই দেওবাৰে গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত অভিযান চলাই মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষ আৰু দিছপুৰ থানাৰ এটা আৰক্ষীৰ দলে ৷

মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষৰ নামত ধন দাবী কৰি ৰঙাঘৰৰ আলহী হ’ল 5 অভিযুক্ত

লগতে পঢ়ক : বৰপেটাত জেহাদীৰ বিৰুদ্ধে NIAৰ অভিযান

আৰক্ষী দলটোৰ এই অভিযানত দাবী কৰা ধন নিবলৈ আহোতেই হাতে-লোটে ধৰা পৰে অভিযুক্ত 5 জনীয়া চক্ৰটো ৷

এই চক্ৰটোৰ পৰা আৰক্ষীৰ দলটোৱে জব্দ কৰে দুখন বিলাসী বাহন, কেইবাটাও ম’বাইল আৰু বহু আপত্তিজনক সামগ্ৰী ৷ ইফালে আটকাধীন আটাইকেইজনক অপৰাধ অনুসন্ধান শাখাই গতাই দিয়ে দিছপুৰ থানাত ৷ তথ্য অনুসৰি, অপৰাধ অনুসন্ধান শাখাৰ জালত পৰা 5 অভিযুক্ত ক্ৰমে প্ৰত্যুষ ফুকন, সুৰেশ শইকীয়া, হিৰণ্য হাজৰীকা, প্ৰিন্স বৰা আৰু কিশোৰ বৰুৱা বুলি জানিব পৰা গৈছে ৷

অপৰাধ শাখাৰ উপ আয়ুক্ত ৰ’জি কলিতাই উল্লেখ কৰা অনুসৰি, সমগ্ৰ ঘটনাটোৰ মাষ্টাৰ মাইণ্ড হৈছে নিজকে ছালফা বুলি পৰিচয় দিয়া ডিব্ৰুগড়ৰ সুৰেশ শইকীয়া ।

লগতে পঢ়ক : আৰক্ষীৰ চকুৰ আগতেই জ্বলি ছাঁই হ’ল থানা; তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.